দেশৰ পৰিধি অতিক্ৰম কৰিলে 'দ্য কনক্লেভ-২০২৪' এ...

দেশৰ পৰিধি অতিক্ৰম কৰিলে 'দ্য কনক্লেভ-২০২৪' এ...
Published on
Updated on

নানান সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ লগতে উত্তৰ পূব ভাৰত। দেশৰ মূল ভূখণ্ডৰ পৰা পৃথক এই অঞ্চলটোৰ সমস্যাৰাজি বহু সময়ত চৰকাৰ তথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো দৃষ্টিৰ পৰা আঁতৰি থাকে। এই সমস্যা তথা অঞ্চলটোৱে সৃষ্টি কৰা সম্ভাৱনাক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে সাদিন প্ৰতিদিন গোষ্ঠীয়ে অনুষ্ঠিত কৰি আহিছে দ্য কনক্লেভ।

প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ মঞ্চত উত্থাপিত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এই সমস্যা আৰু সম্ভাৱনাই পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গুৰুত্ব লাভ কৰাৰ সমান্তৰালকৈ চৰকাৰেও এই বিষয়সমূহৰ ওপৰত দৃষ্টি দিবলৈ বাধ্য হৈছে। যোৱা দুটা বছৰৰ কনক্লেভৰ সফলতাৰ পাছত এইবাৰ তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা কনক্লেভে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও দেশৰ পৰিধি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

এইবাৰ কনক্লেভে এফালে যিদৰে মণিপুৰৰ জ্বলন্ত অৱস্থাক স্পষ্টকৈ তুলি ধৰিবলৈ চেষ্টা কৰিছে ঠিক সেইদৰেই বাংলাদেশৰ অস্থিৰ পৰিস্থিতি, দক্ষিণ পূব এছিয়াৰ বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত ভাৰতৰ কূটনৈতিক স্থিতিকো সামৰি লৈছে। আনহাতে এই কনক্লেভতেই স্থান পালে ৰাছিয়া, ইউক্ৰেইনৰ সংঘাত আৰু আলোচনাৰ প্ৰসংগই।

একেদৰে এই মঞ্চতেই আলোচনা হ'ল ইজৰাইল, পেলেষ্টাইকে ধৰি মধ্যপ্ৰাচ্যৰ বহুবোৰ কথা। আনহাতে জলবায়ু পৰিবৰ্তনে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক কিদৰে দেশৰ আটাইতকৈ অসুৰক্ষিত অঞ্চল হিচাপে গঢ়ি তুলিছে সেই বিষয়ে আলোচনা কৰাৰ সমান্তৰালকৈ অসমে কিদৰে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিক হ্ৰাস কৰি দেশৰ ভিতৰতে এক উদাহৰণ দেখুৱাবলৈ সক্ষম হৈছে সেই বিষয়েও আলোচনা হৈছে।

কনক্লেভৰ মঞ্চতেই অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে কিদৰে উত্তৰ প্ৰজন্মক লাভাম্বিত কৰিব, কিদৰে জগত সভাত অসমীয়া ভাষাৰক চৰ্চা হ'ব সেয়াও আলোচিত হৈছে। অসমীয়া ভাষা, সাহিত্যিলৈ সাদিন প্ৰতিদিন গোষ্ঠী আৰু ইয়াৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ পৰিয়ালে কিদৰে অৱদান আগবঢ়াইছে সেয়াও স্বীকাৰ কৰিছে সুধিজনে।

অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি সকলো দিশকে সমানে গুৰুত্ব দিয়াৰ বাবে এই বিষয়সমূহক লৈ আপোচহীন এক স্থিতি গ্ৰহণ কৰাৰ বাবেই আজি সাদিন প্ৰতিদিন গোষ্ঠীয়ে উত্তৰ পূৰ্বাঞ্চলৰ দিন নিৰ্ণয়কাৰী হিচাপে আখ্যা পাইছে।

'দ্য অশোক' হোটেলত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে 'দ্য কনক্লেভ-২০২৪'। আজি আনুষ্ঠানিকভাৱে ইয়াৰ উদ্বোধন কৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সোণোৱালে এই মঞ্চৰ পৰাই সাদিন প্ৰতিদিন গোষ্ঠীক উত্তৰ পূৰ্বাঞ্চলক দিন নিৰ্ণয়কাৰী সাহসী আৰু নিৰপেক্ষ সংবাদ গোষ্ঠী হিচাপে আখ্যা দিয়ে। তেওঁ কয়, জয়ন্ত বৰুৱাৰ প্ৰ-পিতামহ হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ অভিধান হেমকোষ প্ৰণয়ন কৰিছিল। পাছত তেওঁৰ পুত্ৰই হেমকোষৰ বিকাশৰ বাবে কাম কৰিছিল। সেই ধাৰা অটুট ৰাখি জয়ন্ত বৰুৱাই দৃষ্টিহীনসকলৰ বাবে হেমকোষ ব্ৰেইল প্ৰণয়ন কৰি তেওঁলোকক দৃষ্টি দিলে।মানৱীয় প্ৰমূল্যবোধেৰে এয়া এক বৃহৎ পদক্ষেপ।

ৰূপকোঁৱৰ জ্যোতি প্ৰসাদে কৈ যোৱাৰ দৰেই আজি অসমীয়া ভাষাই মৰ্যদাসহকাৰে জগত সভালৈ যোৱাৰ কথাও কয় সোণোৱালে। এই ক্ষেত্ৰত তেওঁ প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাই, তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ প্ৰসংগ আৰু গামোচাক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ কথাও কয়।

অনুষ্ঠানত উদ্বোধনী ভাষণত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিত এক গভীৰ প্ৰভাৱ পেলাব বুলি কয়। তেওঁ ভাষাই এখন ৰাষ্ট্ৰৰ সংস্কৃতি আৰু শক্তিক সংজ্ঞায়িত কৰে।

ভাষণত তেওঁ কয়, উত্তৰ-পূব ভাৰত প্ৰাকৃতিক ভাৱে কিমান সমৃদ্ধিশালী, ইয়াৰ সৌন্দৰ্য, পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ আৰু ইয়াৰ সম্ভৱনা সন্দৰ্ভতো বক্তব্য ৰাখে। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ হৃদয় আৰু আত্মা হিচাপেও আখ্যা দিয়ে। ভাষণত তেওঁ সংবাদ মাধ্যমৰ ভূমিকাও উল্লেখ কৰে।

উদ্বোধনী অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সম্পাদক, সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই দেশৰ ৰাজধানীত এনে অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দিল্লীস্থিত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী আৰু আৱাসীসকলৰ সহযোগিতাক স্বীকাৰ কৰি কৃতজ্ঞতা জনায়।

বৰুৱাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাৰাজিৰ ওপৰত আলোকপাত কৰা আৰু ইয়াৰ সমাধানৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কৰাই যে দ্য কনক্লেভৰ মূল উদ্দেশ্য সেই কথাও কয়।

কনক্লেভৰ প্ৰথম দিনটোৰ প্ৰথমখন আলোচনা আছিল বিশিষ্ট সামাজিক কৰ্মী, নোবেল বিজয়ী কৈলাশ সত্যাৰ্থীৰ সৈতে একক আলোচনা। প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানত সত্যাৰ্থীয়ে তেওঁৰ বচপন বচাও আন্দোলনৰ আৰম্ভ কৰাৰ বাবে ক'ৰ পৰা কেনেকৈ প্ৰেৰণা লাভ কৰিছিল সেই বিষয়ে দিয়া বৰ্ণনা আছিল লেখতলবলগীয়া।

মাত্ৰ ৫ বছৰ বয়সতে তেওঁৰ শিশু মনত কিদৰে অধ্যয়নৰ পৰা বঞ্চিত আন এটা শিশু শ্ৰমিকৰ দৃশ্যই গভীৰভাৱে ৰেখাপাত কৰিছিল সেই বৰ্ণনা আছিল আৱেগিক। শিশু অধিকাৰ সুৰক্ষা, শিশু সৰবৰাহ, বাল্য বিবাহ ৰোধকে ধৰি সামাজিক সংস্কাৰৰ বাবে কাম কৰি অহা সত্যাৰ্থীয়ে ইয়াৰ বাবেই ত্যাগ কৰিছিল অভিযান্ত্ৰিক কেৰিয়াৰ।

শেহতীয়াকৈ অসমত বাল্য বিবাহ ৮১ শতাংশ পৰ্যন্ত হ্ৰাস পোৱাৰ বিষয়ত তেওঁ আনন্দ প্ৰকাশ কৰি এই ক্ষেত্ৰত অসম দেশৰ এক উদাহৰণ বুলিও কয়। তেওঁ বক্তব্যত বাল্য বিবাহ সন্দৰ্ভত কয়, বাল্য বিবাহ এনে এক সামাজিক অনুজ্ঞাপত্ৰ যিয়ে যুৱতী আৰু মহিলাক ধৰ্ষণৰ কৰাৰ অনুমতি দিয়ে।

দ্বিতীয়টো আলোচনাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শচীন পাইলটে অংশগ্ৰহণ কৰে। জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে আঁত ধৰা এই আলোচনাত শচীন পাইলটে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

শেহতীয়া লোকসভা নিৰ্বাচনত বিৰোধীৰ উত্থান সন্দৰ্ভত তেওঁ কয়, জনতাই বিৰোধীক যথেষ্ট বিশ্বাসত লৈছে। ফলত বিৰোধী শক্তিৰ আসনৰ সংখ্যা পূৰ্বতকৈ বাঢ়িছে আৰু বিজেপিয়ে ৭০ খনৰো অধিক শাসন হেৰুৱাইছে।

তেওঁ কয়, জনতাৰ কল্যাণৰ বাবেই দেশত শক্তিশালী বিৰোধীৰ প্ৰয়োজন। এই কথা দেশৰ জনতাই অনুধাৱন কৰাৰ বাবেই লোকসভা নিৰ্বাচনত এনে ফলাফল আমি পাইছো। বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্ব শেহতীয়া সময়খিনিত যথেষ্ট সলনি হৈছে।

বিভিন্ন প্ৰশ্নত পাইলটৰ বক্তব্যত দেশৰ নিবনুৱা সমস্যা, কৃষকৰ সমস্যা, অৰ্থনৈতিক অৱস্থাৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে চৰকাৰে এই গুৰুত্বপূৰ্ণ বিষয়বোৰ এৰি সস্তীয়া কিছু বিষয়ত ব্যস্ত হৈ আছে। পাইলটৰ বক্তব্যত হাৰিয়ানাৰ নিৰ্বাচনৰ প্ৰসংগয়েও স্থান লাভ কৰে।

কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী কিৰেণ ৰিজিজুৰে অনুষ্ঠিত হোৱা এক আলোচনত মণিপুৰৰ সমস্যা, অৰুণাচলৰে অসমৰ ভূমি বিবাদ, সাম্প্ৰদায়িকতাবাদ আদি প্ৰসংগই স্থান লাভ কৰে। মণিপুৰৰ সংঘাত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয় বৰঞ্চ দুই গোষ্ঠীকৰ মাজৰ সংঘৰ্ষ বুলিহে তেওঁ মন্তব্য কৰে। তাৰোপৰি এহাতে অস্ত্ৰ লৈ আনফালে শান্তিৰ কথা ক'লে ন্যায় সংগত নহয় বুলিও তেওঁ কয়।

নৰেন্দ্ৰ মোডীৰ বাবেই অসম -অৰুণাচলৰ মাজৰ ভূমি বিবাদ সন্দৰ্ভত আলোচনা হোৱাৰ কথা উল্লেখ কৰি তেওঁ অসম আৰু অৰুণাচলৰ মাজৰ গভীৰ সম্পৰ্কৰ কথা দোহাৰে। তেওঁ অসম আৰু অসমীয়াই আধুনিক অৰুণাচলৰ আধাৰ বুলিও স্বীকাৰ কৰে।

প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদন নয়ন প্ৰতিম কুমাৰে আঁতধৰা জলবায়ু পৰিবৰ্তন সন্দৰ্ভত হোৱা এক আলোচনা চক্ৰত চাৰি সমল ব্যক্তি ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ সঞ্চালক জতীন্দ্ৰ শৰ্মা, TERI ৰ জ্যেষ্ঠ সঞ্চালক ড০ দীপাংকৰ চহৰীয়া, অশোক বিশ্ববিদ্যালয়ৰ ছ'চিয়লজী বিভাগৰ সহযোগী অধ্যাপক ড০ মিতুল বৰুৱা, হাইদৰাবাদ বিশ্ববিদ্যালয়ৰ পূৰ্বৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক খাম খান হাউছিঙে অংশগ্ৰহণ কৰে।

এই আলোচনাতে অসম তথা উত্তৰ পূৰ্বাঞ্চল জলবায়ুৰ ক্ষেত্ৰত দেশৰ সবাটোকৈ অসুৰক্ষিত অঞ্চল বুলিও উল্লেখ হয়। জলবায়ু পৰিবৰ্তনৰ বিষয়টোৱে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পাৰিবেশিক সমস্যা বানপানী, গৰাখহনীয়া আদিকো হাইজেক কৰা বুলিও উল্লেখ হয়।

আলোচনাত জলবায়ু পৰিবৰ্তনৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কৰিবলগীয়া কাম, পাৰিবেশিক সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়, বান, গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত মান্ধাতা যুগৰ পৰম্পৰা ত্যাগ কৰাৰো পৰামৰ্শ দিয়ে বিশেষজ্ঞই।

প্ৰায় ১৭ মাহ ধৰি অশান্ত হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য মণিপুৰ। গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কেন্দ্ৰী, ৰাজ্য চৰকাৰ। ৬০ হাজাৰৰো অধিক লোক গৃহহীন হোৱা ৰাজ্যখনত স্বাভাৱিক পৰিস্থিতি কেতিয়া ঘূৰি আহিব সেই প্ৰশ্ন সকলোৰে মনত যদিও তাৰ উত্তৰ কাৰো হাতত নাই।

মণিপুৰ প্ৰসংগক আজিৰ কনক্লেভত অতি গুৰুত্বসহকাৰে আলোচনা কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিল সাংসদ বিমল আকৈজামক। প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই আঁত ধৰা এই আলোচনাত মণিপুৰৰ প্ৰকৃত ছবিখন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দেখুওৱাত ব্যৰ্থ হৈছে বুলি তেওঁ আক্ষেপেৰে কয়।

তেওঁ কয়, ইতিহাসে মনত ৰাখিব, কিদৰে এখন ৰাজ্য জ্বলি থকা অৱস্থাতো এজন প্ৰধানমন্ত্ৰী বিচলিত হোৱাৰ পৰিবৰ্তে বৈদেশিক বিষয়তহে ব্যস্ত আছে। দেশৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰিবলৈ সময় পোৱা প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহিবলৈ সময় নাপায়। এনে অদ্ভুত আচাৰণ ইতিহাসৰ পাতত লিপিবদ্ধ হ'ব।

তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্ৰেইন আৰু আমেৰিকা ভ্ৰমণ কৰি বৈদেশিক বিষয়তহে অতি ব্যস্ত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰেই প্ৰধানমন্ত্ৰীৰ সৈতে বিষয়বোৰৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সুযোগ নাই। নিশ্চিতভাৱে ইতিহাসে এজন প্ৰধানমন্ত্ৰীৰ এনে অদ্ভুত আচৰণ মনত ৰাখিব।

কনক্লেভৰ প্ৰথম দিনটোৰ শেষৰখন আলোচনা কেৱল ভাৰতৰ বাবেই নহয় এই আলোচনা আছিল দক্ষিণ এছিয়াৰ বাবেই এতি প্ৰাসংগিক। এই আলোচনাত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয় শংকৰে অংশগ্ৰহণ কৰি বৰ্তমানৰ দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত ভাৰতৰ বৈদেশিক নীতিৰ সন্দৰ্ভত ব্যাখ্যা কৰাৰ লগতে ৰাছিয়া, ইউক্ৰেইন যুদ্ধ, মধ্য প্ৰাচ্যৰ বৰ্তমানৰ সংঘাতময় পৰস্থিতিয়েও স্থান পায়।

প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ মেনেজিং ডাইৰেক্টৰ ঋষি বৰুৱাই আঁত ধৰা এই আলোচনাত বিশ্ব আধিপত্যত ভাৰতৰ স্থান কি সেই সন্দৰ্ভত উত্তৰ দিয়ে। অৰ্থনৈতিকভাৱে ভাৰত এতিয়া বিশ্বৰ ২০৯ খন দেশৰ ভিতৰত পঞ্চম স্থানত আছে বুলি কৈ তেওঁ অহা দুবছৰৰ ভিতৰত তৃতীয় স্থানলৈ উন্নীত হ'ব বুলিও কয়।

তেওঁ কয়, পৃথিৱীখন কেৱল আমেৰিকা আৰু চীন নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত নিশ্চিতভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম। অৰ্থনীতি হৈছে এক পৰিমাপ কিন্তু মানুহে এতিয়া সামৰিক, মানৱ সম্পদ, নেতৃত্ব আদিলৈ লক্ষ্য কৰে।

লোকসভাৰ নিৰ্বাচনৰ ফলাফলে দেশৰ উন্নয়নত বাধা প্ৰদান নকৰে বুলি কৈ জয়শংকৰে কয়, বিশ্বই বাতৰি অনুসৰণ কৰে। অনুসৰণ কৰে কোন ক্ষমতাত আছে। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল এক ডাঙৰ কথা।

ইজৰাইলৰ যুদ্ধৰ প্ৰসংগত ভাৰত সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয়, এয়া দুখন ৰাষ্ট্ৰৰ মাজৰ বিষয়। ইজৰাইলৰ সৈতে আমাৰ ভাল সম্পৰ্ক আছে তাৰ মানে এইটো নহয় যে, পেলেষ্টাইনৰ হৈ আমি থিয় নিদিম। বিগত বছৰৰ জি-২০ সন্মিলনত ভাৰতে মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশৰ সৈতে এক চুক্তিত উপনীত হোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

বাংলাদেশ প্ৰসংগত তেওঁ কয়, বাংলাদেশৰ সৈতে আমাৰ বাণিজ্যিক সম্পৰ্ক, সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত গভীৰ সম্পৰ্ক আছে। আমাৰ বৈদেশিক নীতিয়ে এই সংযোগসমূহৰ শক্তি নিশ্চিত কৰে। কোনো ৰাজনৈতিক অস্থিৰতাই সেইবোৰ চলাব নোৱাৰে।

এইদৰেই কনক্লেভৰ প্ৰথম দিনটোত বহু বিষয় সামৰি কেইবালানিও আলোচনা অনুষ্ঠিত হৈ যায়। দেওবাৰেও অসম, উত্তৰ পূৰ্বাঞ্চলৰ বহুবোৰ বিষয় সামৰি দিনযোৰা কাৰ্যসূচীৰে কেইবালানিও আলোচনা অনুষ্ঠিত হ'ব।

দেশৰ পৰিধি অতিক্ৰম কৰিলে 'দ্য কনক্লেভ-২০২৪' এ...
'মণিপুৰত ৰাজনৈতিক নেতা ব্যৰ্থ হোৱা নাই, আমি সকলো ব্যৰ্থ হৈছো'- আকৈজাম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in