তুষাৰ প্ৰতিম
সময় তেতিয়া বেলি পৰো কি নপৰো। খেল পথাৰ এৰি, আমাৰ এৰালত থকা গৰুকেইটা আনিবলৈ লৰা-ঢপৰা। আইৰ কেটেৰা-জেঙেৰা অবিহনে গৰু কেইটা গোঁহালিত বান্ধিব পাৰিলেই আজৰি।
মুখ-হাত ধুই গৰম কাপোৰ পিন্ধি থাপনাত জ্বলোৱা চাকি গছিৰ সন্মুখতে হাতজোৰ কৰি দৌৰ দিলো ঘৰৰ পৰা কিছু আঁতৰত থকা শংকৰগুৰু নাট্যমন্দিৰলৈ। পুৱা স্কুললৈ যোৱাৰ সময়তে সমনীয়াৰ সৈতে আমিও নাট্য মন্দিৰৰ ভিতৰৰ এঠাইত পাৰি থৈ আহিছিলো দুটা বস্তা।
নাট্য মন্দিৰত আছে শ্ৰীকৃষ্ণৰ মহা ৰাসলীলা। ৰাস মানেই আমাৰ মাজত এক অনন্য উৎকণ্ঠা। তিনিআলিতে থকা নাট্যমন্দিৰত প্ৰতি বৰ্ষত অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা। নামনি অসমৰ মৃণ্ময় মূৰ্তিৰ মেলা কেন্দ্ৰীক ৰাস আৰু উজনিত শ্ৰীকৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ ৰাস প্ৰদৰ্শন কৰাৰ বিপৰীতে আমাৰ অঞ্চলৰ ৰাসলীলাত প্ৰদৰ্শন কৰা হয় কেৱল বৃন্দাবনৰ মহা ৰাসলীলা। শ্ৰীকৃষ্ণ, ৰাধাৰ প্ৰৱেশ, তাৰ পাছত গোপীৰ প্ৰৱেশ আৰু শেষত শংখচূড় বধ।
নাট্য মন্দিৰৰ মাজত বাঁহেৰে ভাঁৱৰীয়াই ৰাস পৰিবেশন কৰিবলৈ ঠাইসমূহ সজাই তোলা হয়। ৰাইজক বহিবলৈয়ো দিয়া হয় নিৰ্দিষ্ট স্থান। বাহিৰত পেণ্ডেল বুলিবলৈ বিশেষ একো নাথাকে। চকী পাৰি দিয়াৰ ব্যৱস্থাও নাই।
সেয়ে আমি পুৱা স্কুললৈ যোৱাৰ সময়তে ভালকৈ যাতে ৰাস চাব পাৰো তাৰ বাবে এডোখৰ ভাল ঠাই চাই, পুৱাই বস্তা দুটা পাৰি দখল কৰি আহো। ৰাস উদযাপন সমিতিয়ে আকৌ মানুহ বহা ঠাইখিনিত খেৰ পাৰি দিয়ে।
ৰাস আৰম্ভ হোৱালৈ ঠাণ্ডাৰ প্ৰকোপ বহু বাঢ়ি আহে। বস্তাৰ তলত খেৰ নাথাকিলে ঠাণ্ডাত দেহা শিৰশিৰাই উঠে। আজিৰ পৰা কেইটামান বছৰৰ আগলৈকে এই পৰিবেশ সলনি হোৱা আমাৰ মনত নপৰে। আধুনিকতাৰ ধামখুমিয়াত সেই ৰাসলৈ বহু নতুনত্ব আহিল যদিও দুই, তিনিটা বছৰৰ আগলৈকে কিন্তু শীতৰ সেই পৰিবেশ সলনি হোৱা নাছিল।
ৰাসৰ মাজতে ধোঁৱা উলাই ঠকা গৰম ঘূগুণি, পকৰি, জালোকীয়া ৰঙা চাহ খাই দেহক উত্তেজিত কৰাও মনত আছে। আমাৰ অঞ্চলটোৰ লগতে চুবুৰীয়া আন অঞ্চলৰ ৰাসৰ সময়তো এই একেই পৰিবেশ।
কিন্তু এইবাৰ সেই দৃশ্য সম্পূৰ্ণ সলনি হ’ল। ৰাস চাবলৈ গৈ নিশা বহুতেই হাতত তুলি লৈছে আইচক্ৰীম। কোনোবাই আকৌ খাইছে শীতল পানীয়, বৰফ দিয়া ফলৰ ৰস। চেণ্ডেল পৰিহিত মানুহবোৰৰ ভৰিবোৰ ধূলিৰে পোত গৈছে।
এয়া জানো আছিল ৰাসৰ সেই চিনাকী পৰিবেশ? ভৰিত জোতা, মোজা, দেহত উলৰ গৰম কাপোৰ, মূৰত টুপি, ডিঙিত মাফলাৰ অবিহনে দেখোন আমি ৰাস চাবলৈ যোৱা মনতে নপৰে। এনে নহয় যে, ৰাস এতিয়া শীতৰ পৰিবৰ্তে গৰমৰ দিনতহে অনুষ্ঠিত কৰিছে।
নৱেম্বৰৰ এটা পষেক পাৰ হ’ল। শীত আহিবলৈ এতিয়াও সময় নহ’ল। কেৱল অসমতেই নহয়, চুবুৰীয়া অৰুণাচল, বংগ, বিহাৰ, উত্তৰ প্ৰদেশতো একেই অৱস্থা। এটা সপ্তাহ পূৰ্বে এই ৰাজ্যকেইখন ভ্ৰমণ কৰাৰ সময়ত শীতৰ নাম, গোন্ধেই নাপালো।
শীতে এইদৰে বাট পাহৰাৰ আঁৰৰ মূল কাৰণেই হৈছে জলবায়ুৰ পৰিবৰ্তন। দেশৰ আন প্ৰান্তৰ কথা বাদেই দিলো, উত্তৰ পূৰ্বাঞ্চলৰ অসম, অৰুণাচলকে ধৰি কেইবাখনো ৰাজ্যত এইবাৰ গ্ৰীষ্ম প্ৰবাহে ৰেকৰ্ড ভংগ কৰিলে।
এইবাৰ এই ৰাজ্য কেইখনত যোৱা ছেপ্টেম্বৰ মাহত গৰমৰ প্ৰকোপে ৫০ বছৰৰ ৰেকৰ্ড ভংগ কৰিছে। অসমৰ শিলচৰত সৰ্বাধিক ৩৮.৪ ডিগ্ৰী আৰু গুৱাহাটীত ৩৮ ডিগ্ৰী ছেলছিয়াছ তাপমান ৰেকৰ্ড হ’ল।
সৰ্বাধিক বৰষুণ হোৱা মেঘালয়ৰ চেৰাপুঞ্জিত এইবাৰ স্বাভাৱিক তাপমাত্ৰাতকৈ ৮.১ ছেলিয়াছ অধিক ৰেকৰ্ড হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ সকলো ঠাইতে স্বাভাৱিক উষ্ণতাতকৈ ৪ ৰ পৰা ৫ ডিগ্ৰী অধিক হ’ল যোৱা ছেপ্টেম্বৰ মাহত।
পৰিস্থিতি এনে পৰ্যায়ত উপনীত হ’ল গৈ যে অত্যাধিক গৰমৰ বাবে বিদ্যালয় বন্ধ আৰু সময়সূচী সলনি কৰিবলৈ বাধ্য হ’ল প্ৰশাসন। পূৰ্বে ছেপ্টেম্বৰত এনে হোৱা মনত নপৰে।
অক্টোবৰ মাহতো গৰম ভালকৈয়ে লাগিল। দুই, এজাক বৰষুণে গৰমৰ প্ৰভাৱৰ পৰা কিছু সকাহ দিলে যদিও ফেন, এচি চলিয়েই থাকিল। বৰষুণ নিদিয়া দিন কেইটাত মানুহে ঘোটে ঘোটে পানী খালে। এতিয়াও মানুহৰ ঘৰে ঘৰে ফেন, এচি চলিয়েই আছে।
নকলেও হয়, উত্তৰ পূৰ্বাঞ্চলৰ বতৰৰ এনে অস্বাভাৱিক পৰিৱৰ্তনৰ মূলতেই হ’ল ব্যাপক বনধ্বংস, সেউজগৃহ গেছ নিৰ্গমণ বৃদ্ধি, সেউজ বননী, পাহাৰ ধ্বংস কৰি কংক্ৰিট অট্টালিকাৰ নিৰ্মাণ আদি। জলবায়ুৰ এনে পৰিবৰ্তনে গ্ৰীষ্মৰ সময়ছোৱাত যিদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰিলে, সেইদৰে এতিয়া শীতৰ প্ৰভাৱো হ্ৰাস কৰিলে।
পূৰ্বে অক্টোবৰৰ পৰাই পদূলীৰ দুৱৰী দৰাত নিয়ৰৰ কনিকা সৰা মনত পৰে। নৱেম্বৰলৈ পুৱা, গধূলি কুঁৱলীৰ শুভ্ৰ আচ্ছাদন পৰে। কিন্তু এইবাৰ শীত অহা নাই। নিয়ৰশিক্ত সেমেকা চোতাল দেখা নাই।
ইমানৰ পিছতো কিন্তু মানুহৰ সুমতি ঘূৰি অহা নাই। মন গ’লেই ফ্লাই অভাৰৰ নামত, পথ বহলোৱাৰ নামত হাজাৰ হাজাৰ গছ কাটিয়েই আছে। সৌন্দৰ্য বৰ্ধনৰ নামতো শতিকা প্ৰাচীন গছ কাটি পেলোৱা হৈছে।
কেতিয়াবা যদি দুই, এজোপা গছ কটাৰ বিৰুদ্ধে জনমত গঠন হৈছে সেই একেই জনতাই আকৌ আন স্থানৰ হাজাৰ হাজাৰ গছ কাটি পেলোৱাৰ দৃশ্য দেখিও নেদেখাৰ অভিনয় কৰিছে। য’ত গ্লেমাৰ আছে, কেমেৰাৰ সংখ্যা অধিক আছে তাত সকলোৱে হাতত প্লে’কাৰ্ড লৈ মুখ দেখুৱাবলৈ হেতা ওপৰা লগাইছে।
প্ৰকৃতিয়ে মানুহৰ এই অত্যাচাৰ সহ্য কৰি আহিছে। সকলোৰে এটা সীমা থাকে। প্ৰকৃতিৰ উৰ্ধত কোনো নহয়। প্ৰকৃতিয়ে প্ৰকৃতিৰ মাধ্যমেৰেই এই অত্যাচাৰৰ উত্তৰ দিছে। এয়াই সত্য। তথাপিও আমাৰ আশা লাহে লাহে শীত আহিব। শীতৰ প্ৰকোপ বাঢ়িব।