- জয়দীপ নাৰায়ণ দেব
ছৈয়দ আব্দুল মালিকৰ এটি গল্পত শিল্পী এগৰাকী উপস্থিত হৈছিল চিকিৎসক এগৰাকীৰ চেম্বাৰত । বুকুত গেলা কফ, বহুদিন শুব নোপোৱা এহাল ভাগৰুৱা চকুৱে কৈছিল শিল্পীজনৰ জীৱন সংগ্ৰামৰ কাহিনী । চিকিৎসক গৰাকীয়েও প্ৰাৰম্ভিক চিকিৎসাৰ অন্ততেই বুজিব পাৰিছিল যে দিন চমু হৈ আহিছে । কোনোমতেহে বুকুৰ মাজত প্ৰাণটো সাৱটি চেম্বাৰলৈ আহি পাইছিল শিল্পী গৰাকী । কেইটামান দৰবৰ বড়ি আৰু মিছা আশাৰে ঘৰলৈ উভতাই পঠিয়াইছিল শিল্পীগৰাকীক ।
আৰু কেইদিন মান পাছতেই আহিছিল সেই দু:খবৰটো । শিল্পীগৰাকী আৰু নাই । সেইদিনা ডক্তৰৰ ক্ষোভ আছিল নিজৰ ওপৰত, চৰকাৰৰ ওপৰত, সমাজৰ ওপৰত আৰু সকলোতকৈ বেছি শিল্পীগৰাকীৰে ওপৰত । কলা-সংস্কৃতিৰ মূল্য দিব নজনা এখন সমাজত শিল্পীৰ কি কাম বুলি প্ৰশ্ন শুধিছিল মৃতদেহটোক । এই গল্পটোত শিল্পী গৰাকী অথবা চিকিৎসক গৰাকীৰ নামটো আছিল গৌণ কিন্তু ইয়াৰ অন্তৰালৰ কাহিনী কিন্তু সৰ্বজনবিদিত । সকলো সময়তেই, সকলো সমাজৰ বাবে যেন আজিও প্ৰযোজ্য শিল্পীৰ উপেক্ষা ।
একেই কাহিনী আছিল আকৌ বলিউডৰ বিখ্যাত অভিনেতা নানা পাটেকাৰৰ মাৰাঠী ছবি "নাট্যসম্ৰাট"ৰ । ২০১৬ চনত নিৰ্মিত নাট্যসম্ৰাটত মহাৰাষ্ট্ৰৰ দৰে এক সাংস্কৃতিকভাৱে শক্তিশালী ৰাজ্যৰ নাট্য জগতৰ পুৰুধা আছিল নানা পাটেকাৰ অভিনীত চৰিত্ৰ 'গনপত বেলৱাকাৰ' । শ্বেইক্সপীয়াৰান অভিনেতা গনপতৰ বাবে নাটকৰ মূল্য কি সেইটো সাধাৰণ ৰাইজৰ বাবে বুজা অসম্ভৱ আছিল ।
কিন্তু সেই গণপতৰে সুদীৰ্ঘ কালৰ সহকৰ্মী ৰামভাউৱে যেতিয়া চিকিৎসালয়ত দৰিদ্ৰতাৰ বাবে মৃত্যুৰ ক্ষণ গণিছিল তেতিয়াহে স্বাভিমানী গনপতে বুজিছিল জীৱনৰ মূল্য । গনপতে সমগ্ৰ জীৱন কটালে কেৱল দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে অহা হাত চাপৰিৰ মাজত । কি মেকবেথ, কি অ'থেলো বা কি হেমলেট ? সকলো নখ দৰ্পনত বৰ্ষীয়ান অভিনেতা গৰাকীৰ । কিন্তু জীৱনৰ সংগ্ৰাম সমূহৰ সন্মুখত যেন বিৰাট এটা শূণ্য । এয়াই এগৰাকী মঞ্চ অভিনেতাৰ জীৱন ।
আজি বিশ্ব নাট্য দিৱস । নাটকৰ আৱিষ্কাৰ কোনে, কেতিয়া কেনেকৈ কৰিলে সেই সন্দৰ্ভত সঠিককৈ আজিও ক'ব পৰা নাযায় । পৃথিৱীৰ প্ৰায় সকলো প্ৰাচীনতম সভ্যতাতেই নাটক অথবা নাট্যৰ অৱস্থিতিৰ কথা দেখা পোৱা গৈছে ইতিমধ্যে । অৰ্থাৎ প্ৰাচীনতম কালৰে পৰাই নাটক অথবা নাট্য জীৱশ্ৰেষ্ঠৰ মনোৰঞ্জনৰ এক মুখ্য আহিলা হৈ আহিছে । কিন্তু এই নাটকক পূৰ্ণ ৰূপ দিছিল কেইগৰাকীমান বিশেষ সাহিত্যিক, নাট্যকাৰেহে ।
বিশ্বৰ শ্ৰেষ্ঠ নাট্যকাৰ বুলিলে আকৌ সৰ্বপ্ৰথমে আমাৰ মনলৈ আহে ইংৰাজ নাট্যকাৰ শ্বেইক্সপীয়েৰৰ কথা হে । কিন্তু সেই শ্বেইক্সপীয়েৰৰ প্ৰায় এটা শতিকা পূৰ্বেই ১৪৪৯ খ্ৰীষ্টাব্দত জন্ম লাভ কৰিছিল গুৰুজনা শ্ৰী শ্ৰী শংকৰদেৱে । যি ভাওনা আৰু অংকীয়া নাটৰ জৰিয়তে সূচনা কৰিছিল এক নতুন দিশৰ । কিন্তু আজি গুৰুজনাক জানো বিশ্ববাসীয়ে চিনি পাই নাটকৰ অন্যতম গুৰি ধৰোতা ৰূপে ?
আনহাতে, শ্বেইক্সপীয়েৰেও ইংৰাজী নাটকৰ ক্ষেত্ৰত সৃষ্টি কৰিছিল এক নৱ যুগৰ । ঘোৰাশালৰ চহিছ শ্বেইক্সপীয়েৰে যি পৰ্যায়লৈ সেই সময়তেই অৱচেতন মনস্তাত্বিক অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল সেইয়া আজিও সম্ভৱ হৈ উঠা নাই সকলোৰে বাবে । কোৱা হয়, আজিও এনে কোনো অপৰাধ সৃষ্টি হোৱা নাই যি আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে শ্বেইক্সপীয়েৰে লিখি যোৱা নাছিল । এয়াই হ'ল নাটকৰ শক্তি । যি শক্তিত মঞ্চ সাপেক্ষে আজিও পৰিচালিত সমগ্ৰ বিশ্ব ।
কিন্তু নাট্য জগতৰ প্ৰকৃত উত্থানৰ কাহিনীৰ সৈতে জড়িত আছিল আৰু এগৰাকী ব্যক্তি, যি নাট্য অধ্যয়নৰ জৰিয়তে সলনি কৰিছিল সমগ্ৰ ধাৰা । যি নিমিষতে থান-বান কৰি পেলাইছিল বৌদ্ধিক বিলাসিতাৰ আঁৰত লুকাই থকা হাজাৰ বিজাৰ নাট্যকাৰৰ দৰ্প । আঙুলিয়াই দিছিল পূৱ আৰু পাশ্চাত্যৰ নাটকৰ পাৰ্থক্য । যাৰ বাবেই হয়তো আজি সম্ভৱ হৈ উঠিছে ৩ডি, ৪ ডি চিনেমা, নাটক । যাৰ বাবেই আধুনিক নাটকত ব্যৱহাৰ হয় আৱহ সংগীত অথবা পোহৰৰ খেল । যাৰ বাবেই শিল্পী আৰু দৰ্শকৰ মাজৰ ব্যৱধান কমি আহিল, যাৰ বাবেই প্ৰিয় চৰিত্ৰ সমূহ আজি আমাৰ বুকুৰ আপোন ।
এই গৰাকী ব্যক্তি আছিল ফৰাছী নাট্যকাৰ এন্টনিন আৰ্টাউড । ১৮৯৬ চনত জন্ম লাভ কৰা এন্টনিন আৰ্টাউডে ১৯৩৪ চনত পৰিভ্ৰমণ কৰিছিল বিশ্ব । ইউৰোপীয়ান একঘেয়ামী নাট্যৰ ধাৰাৰ পৰা মুকলি লাভ কৰিবলৈ কৰা এই বিশ্ব ভ্ৰমণে নাট্যকাৰ গৰাকীৰ সন্মুখত খুলি দিছিল সম্ভাৱনাৰ অজস্ৰ দুৱাৰ । প্ৰথম বিশ্বযুদ্ধৰ পাছত সমগ্ৰ বিশ্বত বিয়পি পৰা প্ৰচণ্ড নৈৰাশ্যৰ মাজতেই আৰ্টাউড উপস্থিত হৈছিল ইণ্ডোনেছিয়াৰ বালিত ।
বালিত লাভ কৰিছিল নাটকৰ এক অন্য সোৱাদ । এই নাটকত নাছিল সংলাপৰ বীৰপূজা । তাৰ পৰিৱৰ্তে বিভিন্ন কাৰু কাৰ্যৰে দৰ্শকক অধিক ওচৰ চপাই অনা হৈছিল নাটকখনৰ । এই শৈলীৰ নাম দিছিল এক্সপেৰিমেন্টেল অৰ্থাৎ পৰীক্ষাত্মক শৈলী । আনহাতে একঘেয়ামী ইউৰোপীয়ান নাটকৰ শৈলী য'ত সংলাপেই সকলো তাক নাম দিছিল অ'ক্সিডেন্টেল ।
এই এক্সপেৰিমেন্টেল থিয়েটাৰ অথবা নাট্য কিন্তু আকৌ ১৫শ শতিকাত অসমত গুৰুদুজনাই প্ৰচলন কৰিছিল । কিন্তু পৰিতাপৰ কথা এয়ে যে এন্টনিন আৰ্টাউডক আজি সমগ্ৰ বিশ্বৰ নাট্যপ্ৰেমীয়ে চিনি পালেও অসমৰ বাহিৰতেই অচিনাকী গুৰুদুজনা ।
আজিও উপেক্ষিত নাটকক সৰ্বস্ব বুলি গণ্য কৰা সহস্ৰাধিক শিল্পী, যি জীৱনকালত মঞ্চৰ বাহিৰে আন কাকো চিনিয়েই নাপালে । দুৰ্ভিক্ষ্য, দৰিদ্ৰতা সকলোকে পাহৰি কেৱল মন-প্ৰাণ সপি দিলে নাটকতেই, বিনিময়ত পালে উপেক্ষা আৰু কিছু অপূৰণীয় আশা । আজিও কোনো বেমাৰ-আজাৰৰ চিকাৰ হ'লেই সাহায্যৰ বাবে আবেদন কৰিবলগীয়া হয় ৰজাঘৰীয়াক, ৰাইজক ।
যেন কাৰোবাৰ অনুকম্পা, অনুগ্ৰহত হে জীয়াই আছে শিল্পীসকল । আজীৱন সগৌৰৱেৰে মূৰ তুলি থিয় হৈ থকা শিল্পীসকলৰ স্বাভিমান এক মুহুৰ্ততেই পানী হৈ যায় কোনো আৰ্থিক সংকটৰ সময়ত । অপেক্ষাত বন্দী হৈ ৰয় শিল্পী পেঞ্চনৰ । কিন্তু কোনোবাই কাহানিবা বুজিব নে এইসকল শিল্পীৰ অব্যক্ত বেদনা ? কি দুখৰ মাজতো ক'ব লগীয়া হয় "দা শ্ব মাষ্ট গ' অন' ?
অন্ত পৰক সেই দুৰ্দিনৰ । যিদৰে "ছবিঘৰ"ত ৰূপাই আজাদক ক'ব পাৰিছিল, "শিল্পী সকলৰ ধৰ্ম শিল্প ।" সেই আত্মবিশ্বাস উভতি আহক শিল্পীসকলৰ বাবে । সুদিন উভতি আহক শিল্পী সকলৰ বাবে । যাতে নাট্যক জীৱন ৰূপে সাৱটি লোৱাৰ পূৰ্ব ভাবিব লগীয়া নহয় একোগৰাকী শিল্পীয়ে...