১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...

১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...

author-image
Asomiya Pratidin
New Update
১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...

স্মিতা ভৰালী

দীপাৱলীৰ দিনা যেতিয়া নানাৰঙী আলোকেৰে উজ্বলি উঠিছিল সমগ্ৰ দেশ, সেই সময়তে ঘোৰ অমানিশা নামি আহিছিল এইখন দেশৰে ৪১খন ঘৰৰ পদূলিলৈ। নিজৰ পৰিয়ালৰ মুখত এমুঠি অন্ন দিয়াৰ স্বাৰ্থত নিজৰ জীৱনকো তুচ্চ কৰি কাম কৰা ৪১জন শ্ৰমিক হঠাৎ আৱদ্ধ হৈ পৰিছিল উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত। তাৰ পাছৰ পৰাই সমগ্ৰ দেশতে আৰম্ভ হৈছিল প্ৰাৰ্থনা। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে নিজৰ আৰাধ্যৰ সন্মুখত মূৰ দোৱাই জনাইছিল এটাই প্ৰাৰ্থনা "যিকোনো প্ৰকাৰেই সুকলমে উভতি আহক আৱদ্ধ প্ৰতিজন শ্ৰমিক"।

আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ততাতয়াকৈ আৰম্ভ হ'ল অভিযান। ঘটনা সংঘটিত হোৱাৰ দ্বিতীয় দিনাই শ্ৰমিকসকলক অক্সিজেনৰ ব্যৱস্থা কৰি দিয়া হ'ল। সুৰংগৰ পৰা খবৰ আহিল। কুশলে আছে সকলো। দেশবাসীয়ে এটা মুহুৰ্তৰ বাবে শ্বস্তিৰ নিশ্বাস এৰিলে যদিও আকৌ আৰম্ভ হ'ল চৰ্চা কিদৰে উলিয়াই অনা হ'ব আৱদ্ধসকলক।

তৃতীয় দিনা আৰম্ভ হ'ল উদ্ধাৰ অভিযান। অক্সিজেন আৰু খাদ্য সামগ্ৰী প্ৰেৰণৰ বাবে স্থাপন কৰা হ'ল ৪ এম এম আৰু ৬ এম এমৰ দুডাল পাইপ। এই পাইপ দুডালেই আছিল আৱদ্ধ হৈ থকা সময় খিনিত শ্ৰমিকসকলৰ জীৱন ৰেখা।

উদ্ধাৰৰ বাবে মাৰ্কিন প্ৰযুক্তিৰ ওপৰত কৰা হ'ল ভৰসা। চতুৰ্থ দিনা প্ৰাৰম্ভিক ড্ৰিলিং মেচিনৰ কাম-কাজত অসন্তুষ্ট হৈ নেশ্যনেল হেণ্ডলুম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডে উদ্ধাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ মাৰ্কিন খনন যন্ত্ৰ অগাৰ মেচিনৰ কথা উল্লেখ কৰিলে। বিমানেৰে উত্তৰাখণ্ডলৈ নিয়া হ'ল অগাৰ।

সকলোৰে প্ৰাৰ্থনাই যেন গতি লাভ কৰিলে। পঞ্চমদিনা উত্তৰাখণ্ডত গৈ পালে মাৰ্কিন খনন যন্ত্ৰ অগাৰ। প্ৰাৰম্ভিক কাম-কাজৰ অন্তত মাজনিশাৰ পৰা অগাৰে আৰম্ভ কৰিলে খনন।

ষষ্ঠ দিনা নিজ পৰাক্ৰমেৰে আগবাঢ়িল অগাৰ। সকলোৱে ভাবিছিল অন্ততঃ এটা সপ্তাহৰ মূৰত আকাশ দেখিবলৈ সক্ষম হ'ব সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকে। কিন্তু ভৱা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। সুৰংগটোৰ খহি পৰা অংশৰ মাজেৰে প্ৰায় ২৪ মিটাৰ খনন কাৰ্য কৰি হঠাৎ বন্ধ হৈ পৰিল অগাৰ। আকৌ লাগিল হুৱা-দুৱা। এইবাৰ উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ইন্দোৰৰ পৰা আন এটা উচ্চ কাৰ্যক্ষম অগাৰ মেচিন পুনৰ উৰাজাহাজেৰে অনা হ'ল। কিন্তু সন্ধিয়া সুৰংগটোৰ পৰা ফাট মেলাৰ শব্দ ওলোৱাৰ পাছত আকৌ বন্ধ হৈ পৰিল অভিযান।

এইবাৰ বিকল্প হৈ আহিল উলম্ব ড্ৰিলিঙৰ অভিযান। মনত দুগুণ উচাহ গোটাই আৱদ্ধসকলেও এধানি পোহৰৰ আশাৰে চাই থাকিল অন্ধাকাৰ সমুখলৈ। অভিযান আগবাঢ়িল। জনতাই দেখিলে সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ দৃশ্য। সোশৰীৰে সকলোকে দেখি কিছু আশ্বস্ত হ'ল জনতা। কিন্তু উদ্ধাৰ অভিযান শেষ হ'ব বুলি আশা কৰোতেই পুনৰ লাগিল অথন্তৰ।

আমেৰিকান অগাৰ মেচিনে ৬০ মিটাৰ দৈৰ্ঘ্যৰ প্ৰায় ৪৮ মিটাৰ খন্দাৰ পাচত মেচিনটো বিকল হৈ পৰে। মেচিনটোৰ ব্লেড ভাঙি যোৱাৰ বাবে শ্রমিককেইজনক উদ্ধাৰৰ বিকল্প পথ সন্ধান কৰিবলৈ বাধ্য হয় উদ্ধাৰকাৰী দল।

আকৌ উৎকণ্ঠা। কি হ'ব এতিয়া, কেনেকৈ হ'ব, মাৰ্কিন প্ৰযুক্তিও য'ত হাৰি গ'ল তাত কি হ'ব উপায়?

সদৌ শেষত উপায় হ'ল পুৰণিকলীয়া 'ৰেট হ'ল মাইনিং' পদ্ধতি। প্ৰযুক্তিৰ দৌৰত মানুহ পিছপৰি যোৱা বুলি ভৱাৰ সময়তে সম্পূৰ্ণ ১৭ দিনৰ অন্তত মাৰ্কিন প্ৰযুক্তিক পিছ পেলাই আৱদ্ধ হৈ পৰা ৪১জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল গোৰখপুৰৰ ১২জন অখ্যাত শ্ৰমিক।

১৭ দিনে চলা শ্বাসৰুদ্ধকৰ এই অভিযান সফলভাৱে সমাপ্তি ঘটোৱাত নির্ণায়ক ভূমিকা লোৱা ১২ খনি শ্রমিকক লৈ এতিয়া চলিছে দেশজুৰি চর্চা। ৪১ শ্রমিকক উদ্ধাৰৰ পিচতে নিশাটোৰ ভিতৰতে নায়কত পৰিণত হ'ল গোৰখপুৰৰ এই ১২ শ্রমিক।

অবৈধ ৰেট হল মাইনিং পদ্ধতিৰ খনন কার্যত নিয়োজিত এই ১২ শ্রমিক এতিয়া ১০০ কোটিৰ অধিক ভাৰতীয়ৰ বাবে যুদ্ধত অৱতীৰ্ণ নায়কলৈ পৰিণত হ'ল। কাৰণ উত্তৰ কাশীৰ শ্বাসৰুদ্ধকৰ সুৰংগ উদ্ধাৰ অভিযানত অত্যাধুনিক মার্কিন যন্ত্ৰৰ পৰা আৰম্ভ কৰি আন সকলো উপায় অভিযানত বিফল হৈ পৰাত ১৭ দিনত এই সুৰংগ উদ্ধাৰ অভিযানৰ যুদ্ধত জয়ৰ মুখ দেখুৱালে গোৰখপুৰৰ পৰা অহা অখ্যাত ১২ খনি শ্রমিকে।

সময়ৰ বিপৰীতে যুঁজ দি এই শ্ৰমিকসকলে ২১ ঘণ্টাত ১২ মিটাৰ খান্দিলে। এবাৰত এজন শ্রমিকে ৮০০ এম এম পাইপডালেৰে ২ কুইণ্টলকৈ শিলৰ টুকুৰা উলিয়াই আনে। তাৰ পিচতে আনজন শ্রমিকে প্রৱেশ কৰে খনন প্রক্রিয়াটোত। এইদৰেই সমগ্ৰ প্ৰক্ৰিয়াটো সফলতাৰে সমাপ্ত কৰিছিল শ্ৰমিকসকলে।

ৰাষ্ট্রীয় সেউজ প্রাধিকৰণে অবৈধ বুলি ঘোষণা কৰিলেও এই অবৈধ প্রক্রিয়াৰ মাধ্যমেৰেই আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰি নিশাটোৰ ভিতৰতে দেশবাসীৰ বাবে নায়কত পৰিণত হ'ল গোৰখপুৰৰ অখ্যাত ১২ শ্রমিক।

মঙলবাৰে নিশা ৮.৩৮ বজাত সুৰংগটোৰ পৰা উলিয়াই অনা হয় অন্তিমগৰাকী আবদ্ধ শ্রমিকক। সুৰংগৰ পৰা প্ৰথমে উদ্ধাৰ কৰা শ্রমিকগৰাকী আছিল বিজয় হোৰো। তেওঁৰ ঘৰ ঝাৰখণ্ডত। ১৭ দিনৰ পিচত মুকলি বতাহ লোৱা বিজয়ক এখন গলবস্ত্ৰৰে আদৰণি জনায় মুখ্যমন্ত্রী ধামী আৰু কেন্দ্রীয় মন্ত্রী ভি কে সিঙে। তাৰ পাচত এজন এজনকৈ এন ডি আৰ এফৰ জোৱানে উলিয়াই আনে ৪১জন শ্ৰমিকক।

কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত, য'ত বহু শিক্ষিত আৰু দক্ষ লোকেই প্ৰযুক্তিয়ে মানুহৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰখনলৈ ভাবুকি আনিছে বুলি মন্তব্য কৰিছে সেই সময়তে ঝান্সীৰ এই ১২ শ্ৰমিকে কৰি দেখুওৱা এই কামেই প্ৰমাণ কৰিলে যে প্ৰযুক্ত যিমানেই আগ নাবাঢ়ক কিয়, ইয়ো মানৱ মস্তিষ্কৰে চিন্তাৰ ফল। ই কোনো কাৰণতে ইয়াৰ সৃষ্টিকৰ্তাক পিছ পেলাব নোৱাৰে।

Also Read: সুধাকণ্ঠৰ হাৰমনিয়ামখন...

uttrakhand tunnel