বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয় কেৰিয়াৰ সজাগতা কৰ্মশালা সম্পন্ন

চিকিৎসক ডা: অনন্ত কুমাৰ বৰুৱা আৰু যুৱ অভিযন্তা ৰোহন গগৈ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ
বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয় কেৰিয়াৰ সজাগতা কৰ্মশালা সম্পন্ন
বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয় কেৰিয়াৰ সজাগতা কৰ্মশালা সম্পন্ন
Published on
Updated on

ডিজিটেল ডেস্কঃ বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত হয়। বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মিনতি গগৈৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডা: অনন্ত কুমাৰ বৰুৱা আৰু যুৱ অভিযন্তা ৰোহন গগৈ।

মাধ্যমিক পৰ্যায়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰিব পৰা বিভিন্ন কেৰিয়াৰ আৰু নিজকে একোজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতাৰ সৃষ্টিৰ প্ৰয়াস কৰা হয়। সমল ব্যক্তি ডা: অনন্ত কুমাৰ বৰুৱাই চিকিৎসা খণ্ডত বিশেষকৈ নাৰ্ছিং, পেৰামেডিকেল, লেৱৰটৰী টেকনিচিয়ান আদি পাঠ্যক্রম অধ্যয়নৰ জৰিয়তে নিযুক্তিৰ সম্ভাৱনা বিষয়ত বিস্তাৰিত বাখ্যা আগবঢ়াই।

অভিযন্তা ৰোহন গগৈয়ে অভিযান্ত্ৰিক আৰু পলিটেকনিক, আই টি আই আদি পাঠ্যক্রমৰ অধ্যয়ন আৰু ভৱিষ্যতৰ সম্ভাৱনা সম্পৰ্কে বিশেষভাৱে আলোকপাত কৰে।অধ্যক্ষা মিনতি গগৈয়ে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়ৰ তত্বাৱধায়ক শিক্ষক মৃগাংক শেখৰ কোঁৱৰে।

বিদ্যালয়ৰ শিক্ষক নয়ন জ্যোতি গগৈ, চন্দন গগৈ আৰু প্ৰিয়ংকা গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলক সফল উদ্যোগীৰ প্ৰয়োজনীয়তা সম্বন্ধে বক্তব্য প্ৰদান কৰে। কৰ্মশালাখনিতে বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ে কেৰিয়াৰ সম্পৰ্কীয় তথ্য কোষ গঠন কৰা সম্পৰ্কে উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক জানিবলৈ দিয়ে।

বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয় কেৰিয়াৰ সজাগতা কৰ্মশালা সম্পন্ন
অযোধ্যাত আৰম্ভ কুটুম্ব সুৰক্ষা পৰিষদৰ 'সূত্ৰধাৰ ২০২৪' ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in