অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ'ল NEET-UG ৰ কাউন্সেলিং...

এন টি এয়ে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত স্থগিত থাকিব এই প্ৰক্ৰিয়া
অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ'ল NEET-UG ৰ কাউন্সেলিং...
অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ'ল NEET-UG ৰ কাউন্সেলিং...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৬ জুলাই, শনিবাৰে NEET-UG ৰ কাউন্সেলিং হোৱাৰ কথা আছিল যদিও এই কাউন্সেলিং প্ৰক্ৰিয়া পিছুৱাই দিয়া হৈছে। NEET-UG ৰ আয়োজক সংস্থা নেচনেল টেষ্টিং এজেঞ্চি চমুকৈ এন টি এৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ক জনোৱা হৈছিল যে ৬ জুলাই শনিবাৰৰ পৰা NEET-UG ৰ কাউন্সেলিং আৰম্ভ হ’ব।

কিন্তু শনিবাৰে অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাই দিয়া হ’ল এই কাউন্সেলিং পক্ৰিয়া। অহা সোমবাৰে উচ্চতম ন্যায়ালয়ত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব।

NEET-UG ৰ প্ৰশ্ন কাকত ফাদিলকে কেন্দ্ৰ কৰি একাধিক বিতৰ্কত দেশ উত্তাল হৈ আছে। ইতিমধ্যে চি বি আইয়ে পৰীক্ষাৰ পূৰ্বেই প্ৰশ্ন কাকত ফাদিল কৰি বিক্ৰীৰে জড়িত থকাৰ অভিযোগত কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে।

এনে বিতৰ্কিত পৰিস্থিতিৰ মাজতে ২০২৪ ৰ NEET-UG বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ক একাধিক আবেদনো দাখিল হৈছে। সেই গোচৰতে শুকুৰবাৰে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি কয় যে, পৰীক্ষা বাতিল কৰাৰ কোনো যু্ক্তি নাই।

ন্যায়ালয়ত কেন্দ্ৰীয় শিক্ষামন্ত্ৰণালয়ৰ যুক্তি আছিল গোটেই পৰীক্ষা বাতিল কৰিলে লাখ লাখ পৰীক্ষাৰ্থী বিপদত পৰিব। ইয়াৰোপৰি পৰীক্ষাত ডাঙৰ কোনো কেলেংকাৰী হোৱাৰ প্ৰমাণ পোৱা নাই বুলিও দাবী কৰিছে এই শপতনামাত।

কোৱা হৈছে চি বি আইয়ে গোটেই বিষয়টোৰ পুংখানুপুংখ তদন্ত কৰি আছে। পৰীক্ষাৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ আৰু শিক্ষাৰ্থীৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বেঞ্চত বিচাৰাধীন এই বিষয়টোৰ সন্দৰ্ভত আবেদনকাৰীৰ পক্ষৰ ফালৰ পৰা কাউন্সেলিং স্থগিত ৰখাৰ আবেদন জনোৱা হৈছিল। কিন্তু ন্যায়ালয়ে এই বিষয়ত সন্মত হোৱা নাই। তাৰ পাছতো এন টি এয়ে শনিবাৰে পৰৱৰ্তী জাননী প্ৰকাশ নকৰালৈকে কাউন্সেলিং স্থগিত ৰখাৰ সিদ্ধান্ত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ'ল NEET-UG ৰ কাউন্সেলিং...
নামৰূপত অবৈধ শিল খাদানত পৰি প্ৰাণ হেৰুৱালে এজনে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in