আৰম্ভণি
বিহু অসমীয়াৰ জাতীয় উৎসৱ।বিহু অসমীয়াৰ আয়ুসৰেখা।বিহু অসমীয়াৰ চিনাকি, অসমীয়াৰ আৱেগ।জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবেই বিহুক লোক সংস্কৃতিৰ দপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয়।মনৰ স্ফূৰ্তি প্ৰকাশৰে নৃত্য-গীত- মাতেৰে অসমীয়াই বিহু পালন কৰি একতাৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখিছে। জাতিটোৰ ঐতিহ্য বহন কৰা বিহু প্ৰধানতে তিনি প্ৰকাৰ। ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু।
ব’হাগ বিহু বা ৰঙালী বিহু
ব’হাগ বিহু চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়।এই বিহুক প্ৰত্যেক দিনতে সুকীয়াকৈ নামকৰণ কৰা হৈছে। সেয়া হ’ল- গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু,জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু।এই সাতটা বিহুকে অসমীয়াৰ সাত বিহু বুলি জনা যায়।
গৰু বিহু
চ’তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয়।সৰ্বজনবিদিত যে, অসমীয়া সমাজত গৰুক ‘গো-লক্ষ্মী’ বুলি জ্ঞান কৰা হয়।সেয়ে গৰু বিহু দিনা ৰাতিপুৱা গৰুক মাহ-হালধীৰে নোঁৱাই সমীপৰ নৈ-পুখুৰী অথবা বিললৈ নি গা ধুৱাই দিয়া হয়।গা ধুওৱাৰ আগতে লাউ, বেঙেনা, হালধী, থেকেৰা, কেৰেলা আদিৰে তৈয়াৰ কৰা ‘চাট’ ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু’ বুলি গালৈ দলিয়াই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তী পাতৰে ‘মাখিয়তী মাখিপাত মাখি মাৰো জাক-জাক’ বুলি গাই গৰুক বিছি দিয়া হয় আৰু পিঠা-পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয়।
মানুহ বিহু
গৰু বিহুৰ পাছদিনা অৰ্থাৎ পহিলা ব’হাগৰ দিনা মানুহৰ বিহু পালন কৰা হয়। মানুহৰ বিহুত ৰাতিপুৱাই সকলোৱে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আৰ্শীবাদ লয়।মানুহ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে-সিজনক বিহুৱান উপহাৰ দিয়ে।
গোঁসাই বিহু
ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয়।
তাঁতৰ বিহু
অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল।অসমীয়া শিপীনীয়ে হেনো তাঁত শালতে সপোন ৰচে।দৈনন্দিন জীৱনত ব্যৱহৃত সাজ-পাৰসমূহ শিপীনীসকলে ঘৰতে তৈয়াৰ কৰি লয়।এই তাঁতশালখনক মৰ্যদা প্ৰদানৰেই এই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে।
নাঙলৰ বিহু
মূলত কৃষি-কৰ্মতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল।সেয়েহে কৃষিকৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়।
চেনেহী বা জীয়ৰী বিহু
বিহুৰ ষষ্ঠদিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে।সেয়েহে সেইদিনা ‘চেনেহী বা জীয়ৰী বিহু‘।
চেৰা বিহু
সাত বিহুৰ শেষৰ দিনা চেৰা বিহু।এই বিহুক কোনো কোনোয়ে এৰা বিহু বুলিও কয়।এই বিহুত বহু অঞ্জাৰে ভাত আৰু ঠাই বিশেষে এশ এবিধ শাক খোৱাৰ নিয়ম আছে।
ব’হাগ বিহুৰ আন এক বিশেষত্ব হৈছে হুচৰি গোৱা।সৰু-বৰ সকলোয়ে মিলি ব’হাগৰ প্ৰথমকেইদিনত সকলোৰে ঘৰে ঘৰে গৈ হুচৰি গাই গৃহস্থৰ কুশল-মংগল কামনা কৰে।কোনো কোনো ঠাইত স্থানীয় লোকসকলে গোটেই মাহটো জুৰি হুচৰি গায়।
কাতি বিহু বা কঙালী বিহু
আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত কাতি বিহু উদযাপিত হোৱাৰ বাবে ইয়াক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসী পুলি ৰুই সন্ধিয়া তুলসীৰ গুৰিত চাকি জ্বলাই প্ৰাৰ্থনা কৰে।তদুপৰি, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়।অসমৰ কোনো কোনো ঠাইত কাতি বিহুত আকাশ বন্তিও জ্বলোৱা হয়।
মাঘ বিহু বা ভোগালী বিহু
পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোক মাঘ বিহু হিচাপে পালন কৰা হয়। বিহুৰ আগৰ দিনটোক উৰুকা বোলে।এই বিহু পালনৰ আগে আগে ধানখেতি চপাই ভঁৰাল ভৰাই ৰখা হয়। এই সময়ত অসমৰ সকলো মানুহৰ ঘৰতে খোৱা-লোৱাৰ নাটনি নাথাকে। একেবাৰে দৰিদ্ৰ ঘৰ হ’লেও এসাজ আনন্দ কৰি খোৱাৰ সম্বল থাকে। সেই কাৰণেই এই বিহুক ভোগালী বিহু বুলিও জনা যায়৷এই বিহু প্ৰতিঘৰতে গৃহিনীসকলে বহু ৰকমৰ পিঠা-পনা বনায়। আন আন চিৰা-পিঠা ভোগ্য বস্তুৰ উপৰি চুঙা পিঠা এই বিহুৰ এটা বৈশিষ্ট্য।মেজি ঘৰ বা ভেলা ঘৰ বা ঢেৰা ঘৰ মাঘ বিহুৰ আন এক বৈশিষ্ট্য।উৰুকাৰ কেইদিনমানৰ আগৰ পৰা গাঁৱৰ ডেকা ল’ৰাসকলে পথাৰৰ নৰা কটাত ব্যস্ত হৈ পৰে। এই নৰাৰে বিভিন্ন ধৰণৰে ভেলাঘৰ সাজি উৰুকাৰ নিশা পৰিয়াল তথা বন্ধু-বৰ্গৰ সৈতে ভেলাঘৰত ভোজ-ভাত খায়।গাঁৱৰ জীয়ৰী-বোৱাৰী, বুঢ়া-মেঠাসকলেও ৰাজহুৱা ঠাইত, বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ খায়।মাঘ বিহুৰ ৰাতিপুৱা পৰম্পৰা অনুসৰি এই ভেলা ঘৰ জ্বলাই অগ্নি দেৱতাক প্ৰাৰ্থনা কৰা হয়।মাঘ বিহুত অসমৰ কেইটামান বিশেষ অঞ্চলত পৰম্পৰা অব্যাহত ৰাখি ম’হ যুঁজ, কুকুৰা যুঁজ,কণী যুঁজ আদি অনুষ্ঠিত কৰা হয়।
সামৰণি
বিহুয়ে অসমীয়া সংস্কৃতি-সভ্যতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে।বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসম।অসমত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীয়ে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অতি উলহ-মালহেৰে বিহুৰ লগতে তেওঁলোকৰ উৎসৱসমূহ পালন কৰে।