ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰৰ শৈক্ষিক ক্ষেত্ৰৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰত ২০২৪-২৫ শিক্ষা বৰ্ষত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ এখনি প্ৰাৰম্ভিক অনুপ্ৰেৰণামূলক অনুষ্ঠান অনুষ্ঠিত হয়।
ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ড০ হৈম্য গোঁহাইয়ে আঁতধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুতে সভাপতিৰ আসন অলংকৃত কৰি নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলক মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰলৈ আদৰণি জনায়। কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহপঞ্জীয়ক (অধ্যয়ন কেন্দ্ৰ) বিৰিঞ্চি বৰাই সমল ব্যক্তি হিচাপে নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলক মুক্ত আৰু দূৰ শিক্ষাৰ সুবিধা আৰু প্ৰয়োজনীতা,কৃষ্ণ কান্ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম, শিক্ষা ব্যৱস্থাৰ পদ্ধতি আদিৰ বিষয়ে শিক্ষাৰ্থীসকলক বিশদভাবে অবগত কৰে।
অনুষ্ঠানটোত ছয়দুৱাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদ্মেশ্বৰ ভূঞা, প্ৰাক্তন কেন্দ্ৰ সমন্বয়ক ড০ ৰাজু ওজা, মহাবিদ্যালয়ৰ আই কিউ এ চিৰ সমন্বয়ক ড০ স্বপ্না কাকতি, মুনীন দাস, সিনহিৎ কমল বৰা, নয়ন ৰাজখোৱা, স্নেহা দলে, কেন্দ্ৰৰ সহায়ক বেদব্ৰত গোস্বামী, গণ মাধ্যম বিভাগৰ ছাত্র-ছাত্ৰী আৰু নতুনকৈ নামভৰ্তি কৰা সমূহ শিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানটোৰ শেষত কেন্দ্ৰ সমন্বয়ক ড০ হৈম্য গোহাঁইয়ে সভাখনি সাফল্যমণ্ডিত কৰি তোলাত সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰিও শলাগৰ শৰাই আগবঢ়াই।
এইক্ষেত্ৰত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ড০ হৈম্য গোহাঁইয়ে জানিবলৈ দি কয় যে ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰত নতুন শিক্ষাৰ্থীসকলৰ শৈক্ষিক নিয়মাৱলী আৰু ব্যৱস্থাপনাসমূহ অবগত কৰাৰ উদ্দেশ্যে এই প্ৰাৰম্ভিক অনুপ্ৰেৰণামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।