ছয়গাওঁ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকাৰ ডক্টৰেট ডিগ্ৰী লাভ

অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সাংবাদিক তথা ছয়গাওঁ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকাই ড০ প্ৰফুল্ল কুমাৰ নাথৰ অধীনত গৱেষণা কৰি লাভ কৰিছে ডক্টৰেট ডিগ্ৰী।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ছয়গাওঁ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকাৰ ডক্টৰেট ডিগ্ৰী লাভ

ডিজিটেল ডেস্কঃ  অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সাংবাদিক তথা ছয়গাওঁ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকাই লাভ কৰিছে ডক্টৰেট ডিগ্ৰী। অধ্যাপক উপেন ডেকাৰ গৱেষণাৰ বিষয় আছিল ‘অসমীয়া ভ্রমণ সাহিত্যঃ হেম বৰুৱা, প্রফুল্লদত্ত গোস্বামী আৰু বিৰিঞ্চি কুমাৰ বৰুৱাৰ ভ্ৰমণ সাহিত্যৰ বিশেষ প্রসংগত। 

ছয়গাওঁ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকাৰ ডক্টৰেট ডিগ্ৰী লাভ

অধ্যাপনৰ পূৰ্বে সাংবাদিকতাৰ সৈতে জড়িত উপেন ডেকাই পৰৱৰ্তী সময়ত ছয়গাওঁ অঞ্চলৰ বহুতৰে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰি আহিছে। উপেন ডেকাই দীৰ্ঘ সময় ধৰি ছয়গাওঁ অঞ্চলৰ  বিভিন্ন সামাজিক, সাহিত্য, সাংস্কৃতিক আদি ক্ষেত্ৰৰেও জড়িত হৈ আছে।

তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ প্ৰফুল্ল কুমাৰ নাথৰ অধীনত এই গৱেষণা সম্পন্ন কৰিছে। উল্লেখ্যে অধ্যাপক উপেন ডেকা অসম কলেজ শিক্ষক সন্থাৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদকৰ দায়িত্বতো আছে। 

ছয়গাওঁ