অজয়ক পৰাজয় কৰি কাৰ্তিকৰ অপ্ৰতিৰোধ্য যাত্ৰা...

জনপ্ৰিয় তথা বলিউদৰ জ্যেষ্ঠ অভিনেতা অজয় দেৱগণক চেৰ পেলাই বক্স অফিচ কালেকশ্যনৰ ক্ষেত্ৰত আগবাঢ়িছে কাৰ্তিক আৰিয়ান। দিপাৱলীৰ সময়ত প্ৰায় একেলগেই মুক্তি পাইছিল অজয় দেৱগণৰ ছবি সিংহম-২ আৰু কাৰ্তিক আৰিয়ানৰ ছবি ভুল ভুলেয়া-৩।

author-image
Asomiya Pratidin
New Update
অজয়

ডিজিটেল ডেস্কঃ জনপ্ৰিয় তথা বলিউদৰ জ্যেষ্ঠ অভিনেতা অজয় দেৱগণক চেৰ পেলাই বক্স অফিচ কালেকশ্যনৰ ক্ষেত্ৰত আগবাঢ়িছে কাৰ্তিক আৰিয়ান। দিপাৱলীৰ সময়ত প্ৰায় একেলগেই মুক্তি পাইছিল অজয় দেৱগণৰ ছবি সিংহম-২ আৰু কাৰ্তিক আৰিয়ানৰ ছবি ভুল ভুলেয়া-৩।

প্ৰথম সপ্তাহত কাৰ্তিকৰ ছবিখনে উপাৰ্জন কৰিছিল ১৫৮.২৫কোটি টকা। ইয়াৰ বিপৰীতে অজয় দেৱগণ অভিনীত ছবি সিংহম এগেইনে উপাৰ্জন কৰিছিল ১৭৩কোটি টকা। প্ৰথম সপ্তাহত অজয় দেৱগণ কাৰ্তিক আৰিয়ানতকৈ আগবাঢ়ি আছিল যদিও শেহতীয়াকৈ পিছ পৰিছে অজয়।

কাৰ্তিকৰ ছবি ভুল ভুলেয়া-৩এ যোৱা ২০টা দিনত উপাৰ্জন কৰিছে ২৩৫.৫কোটি টকা। ইয়াৰ বিপৰীতে অজয়ৰ ছবি সিংগম এগেইনে উপাৰ্জন কৰিছে  ২৩৩.৫২কোটি টকা। প্ৰায় ২কোটি টকা অজয়ৰ ছবিতকৈ বেছি উপাৰ্জন কৰি আছে কাৰ্তিক আৰিয়ানৰ ছবিখনে। 

উল্লেখ্য যে, এইবাৰৰ সিংহম এগেইনত বহুকেইগৰাকী হাই প্ৰফাইল অভিনেতাৰ বিপৰীতে ভুল ভুলেয়াতো আছিল মাধুৰী, বিদ্য়া বালনৰ দৰে অভিনেত্ৰী। 

বলিউড