ডিজিটেল ডেস্ক: সম্প্ৰতি ছবিগৃহত পূৰ্ণদমে চলি আছে সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী ছবি 'ৰকি অ’ৰ ৰাণী কি প্ৰেম কাহানী'।কৰণ জোহৰৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিং আৰু আলিয়া ভাটে।ছবিখনক দৰ্শকে খুবেই পছন্দো কৰিছে।ৰণবীৰ আৰু আলিয়াৰ অনুৰাগীসকলে ছ'চিয়েল মেডিয়াত দুয়োৰে অদমনীয় অভিনয়ক শলাগ লৈছে।
'ৰকি অ’ৰ ৰাণী কি প্ৰেম কাহানী' ২৮ জুলাইত মুক্তি লাভ কৰিছে।’বি টাউন’ৰ বহুতেই ছবিখনক ইতিমধ্যেই ‘হিট’ বুলি ঘোষণা কৰিছে।আনহাতে, আলিয়া ভাটে ছবিখনক আদৰি লোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।আলিয়াই তেওঁৰ সহ-অভিনেতা ৰণবীৰ সিং আৰু ছবিখনৰ পৰিচালক কৰণ জোহৰৰ সৈতে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে। এই ফটোখনক ৰণবীৰ আৰু আলিয়াক বগা পোছাক পৰিধান কৰা দেখা গৈছে। ফটোখনৰ কেপশ্বনত আলিয়াই লিখিছিল, ‘প্ৰেম থকা মানেই সকলো থকা ! মোক ইমানবোৰ মৰম দিয়াৰ বাবে ৰ’কি, ৰাণী আৰু ছবিখনৰ সৃষ্টিকৰোতাৰ ফালৰ পৰা সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছো।কৃতজ্ঞ !’