মই বহুত সৰু হৈ আছো, সময় আহিলে বিয়া হ’ম : অনন্যা

মই বহুত সৰু হৈ আছো, সময় আহিলে বিয়া হ’ম : অনন্যা
Published on
Updated on

ডিজিটেল ডেস্ক: এতিয়াই বিয়াত নবহে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা পাণ্ডে। চৌদিশে তেওঁৰ বিয়াৰ খুব চৰ্চা চলি থকাৰ মাজতেই এইদৰে স্পষ্ট মত প্ৰকাশ কৰিছে চাংকী পাণ্ডেৰ দুহিতা অনন্যাই।বি টাউনৰ চৰ্চিত নায়ক আদিত্য ৰয় কাপুৰৰ সৈতে অতি শীঘ্ৰেই বিবাহ পাশত আবদ্ধ হ’ব বুলি বিগত কিছুদিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰিছে অনন্যা পাণ্ডেয়ে।

বিবাহ সম্পৰ্কত অনন্যাই লগতে কয়, ‘মই এতিয়া বহুত সৰু হৈ আছো। উপযুক্ত সময় আহিলে আৰু মোৰ বাবে কাৰোবাক উপযুক্ত বুলি ভাবিলে মই বিয়াত বহিম।’ কিন্তু অনন্যাই আদিত্য ৰয় কাপুৰ সন্দৰ্ভত কিন্তু একো নক’লে।যাৰ বাবে এতিয়া অনুৰাগীসকলে অনন্যাৰ এয়া উৰাবাতৰি বন্ধ কৰাৰ চেষ্টা বুলিহে ছ’চিয়েল মেডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

যোৱা কেইবামাহ ধৰি আদিত্য ৰয় কাপুৰ আৰু অনন্যা পাণ্ডেক বহু পাৰ্টীত একেলগে দেখা গৈছে। কিন্তু দুয়োজনৰ ভিতৰত এজনেও তেওঁলোকৰ এই সম্পৰ্কৰ বিষয়ে বৰ্তমানলৈ স্পষ্ট কৰা নাই।কিন্তু কেইদিনমান আগতে আদিত্যৰ সৈতে 'ইয়ে জৱানী হে দিৱানী'ত একেলগে অভিনয় কৰা ৰণবীৰ কাপুৰে আদিত্য-অনন্যাৰ সম্পৰ্কৰ বিষয়ে নিশ্চিত কৰিছিল।এক অনুষ্ঠানত ৰণবীৰে ৰাজহুৱাকৈয়ে আদিত্যৰ বিষয়ে কৈছিল,  'মই জানো যে তেওঁ এগৰাকী যুৱতীৰ প্ৰেমত মছগুল হৈ আছে।যাৰ নাম ‘এ’ আখৰেৰে আৰম্ভ হয়।’ ৰণবীৰৰ কথা শুনি অনুৰাগীসকল সেই বিশেষ যুৱতীগৰাকী অনন্যা পাণ্ডে বুলি নিশ্চিত হৈছে।উল্লেখ্য যে, অনন্যা পাণ্ডে বৰ্তমান দিল্লীত তেওঁৰ আহিবলগীয়া ছবি ‘ড্ৰীম গাৰ্ল ২’ ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে।

মই বহুত সৰু হৈ আছো, সময় আহিলে বিয়া হ’ম : অনন্যা
সিদ্ধাৰ্থৰ দৰে জীৱন সংগী লাভ কৰাটো মোৰ বাবে সৌভাগ্য : কিয়াৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in