আপুনি আলিয়াৰ কিতাপখন কিনিবনে ?

 আপুনি আলিয়াৰ কিতাপখন কিনিবনে ?
Published on
Updated on

ডিজিটেল ডেস্ক: নতুন পৰিচয়ৰে পৰিচিত হ’ল আলিয়া ভাট। এগৰাকী সফল অভিনেত্ৰী, ব্যৱসায়ী আৰু মাতৃৰ পাছত এইবাৰ লেখিকা হ’ল আলিয়া।হয়, এই খবৰ ছ’চিয়েল মেডিয়াযোগে নিজেই অনুৰাগীক জানিবলৈ দিলে আলিয়াই।

প্ৰকৃততে আলিয়াই লেখা এই গ্ৰন্থখন এখন শিশু গ্ৰন্থ। এই গ্ৰন্থখনৰ নাম 'এড ফাইণ্ডছ এ হ'ম'।এই কিতাপখন হাতত লৈয়ে আলিয়াই ছ'চিয়েল মেডিয়াত প'ষ্টটো কৰিছে।এই প'ষ্টটোত তেওঁ লেখিছে, 'এ নিউ এডভেঞ্চাৰ ইজ ষ্টাৰ্টিং। এড ফাইণ্ডছ এ হ'ম হৈছে এড-এ-মাম্মাৰ পৃথিৱীৰ এখন নতুন কিতাপ শৃংখলাৰ আৰম্ভণি। মোৰ শৈশৱ কাহিনী আৰু গল্পৰে ভৰি আছিল আৰু মইও সপোন দেখিছিলো যে এদিন মই সেই কাহিনী, গল্পবোৰ কিতাপত চিৰদিনলৈ ৰাখিম। মই মোৰ সহকাহিনীকাৰসকলৰ প্ৰতি কৃতজ্ঞ। এই যাত্ৰাৰ জড়িত হৈ থকা সকলোকে শুভেচ্ছা।’ 

উল্লেখ্য যে, আলিয়া 'এড-এ-মাম্মা' নামৰ শিশুৰ কাপোৰৰ ব্ৰেণ্ডটোৰ স্বতাধিকাৰী।তেওঁৰ নিজৰ প্ৰযোজনা গৃহও আছে।আলিয়াই 'এড-এ-মাম্মা'ৰ অধীনত কেইবাখনো কিতাপৰ কাম কৰি আছে।শেহতীয়াকৈ অনুষ্ঠিত এই কিতাপখনৰ উন্মোচনী অনুষ্ঠানত আলিয়া মাতৃ ছ'নী ৰাজদান আৰু ভগ্নী শ্বাহিন ভাটৰ সৈতে উপস্থিত আছিল।

 আপুনি আলিয়াৰ কিতাপখন কিনিবনে ?
Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in