ডিজিটেল ডেস্ক: আৰ্যন খান, বলীউডৰ কিং শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ।কিন্তু কিং খানৰ পুত্ৰ বুলিয়েই নহয়, ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে প্ৰায়ে চৰ্চাত থাকে আৰ্যন।শেহতীয়াকৈও আৰ্যনৰ নাম খুব চৰ্চাত আছে।হয়, আৰ্যনক পোন প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰেয়সীৰ সৈতে মুম্বাইত দেখা পোৱা গৈছে।
প্ৰকৃততে, শ্বাহৰুখ খানৰ সন্তান আৰ্যন খান আৰু সুহানা খানে শেহতীয়াকৈ মুম্বাইৰ এটা পাৰ্টীত অংশ গ্ৰহণ কৰিছিল।এই পাৰ্টী অনুষ্ঠিত হৈছিল আপস্কেল ৰেষ্টুৰেণ্টত।কিন্তু আচৰিত কথা এয়ে যে, এই পাৰ্টীত আৰ্যনৰ প্ৰেমিকা লাৰিছা বোনেচিকেও অংশ লৈছিল। লাৰিছা এগৰাকী ব্ৰাজিলিয়ান মডেল তথা অভিনেত্ৰী।দীৰ্ঘদিনৰ পৰাই আৰ্যনে লৰিছাক ডেটিং কৰি আছে বুলি চৰ্চা চলি আহিছিল যদিও তেওঁলোক দুয়োকে একেলগে দেখা পোৱা যোৱা নাছিল।
উল্লেখ্য যে, এই পাৰ্টীত প্ৰৱেশ কৰাৰ আগতে আৰ্যন আৰু সুহানাই দুয়োজনে কিছু ছেকেণ্ডৰ বাবে পাপাৰাজ্জিৰ বাবে পজ দিছিল। আৰ্যনে জিন্স আৰু ক'লা টি-চাৰ্ট, সুহানাই ফুলাম ফিগাৰ-হাগিং ব্ৰাউন ড্ৰেছ পৰিধান কৰিছিল।আনহাতে, লাৰিছাই পিন্ধিল এটা খুব আকৰ্ষণীয় কলা ড্ৰেছ।
Also Read: আলিয়া-ৰণবীৰৰ কন্যাৰ আচৰণত মুগ্ধ সকলো