ডিজিটেল ডেস্ক: অতি সোনকালে নতুন পৰিচয় লাভ কৰিব বলীউডৰ ছুপাৰষ্টাৰ সুনীল ছেট্টীয়ে।তেওঁৰ ঘৰলৈ আহিব নতুন আলহী।হয়, সুনীল ছেট্টীৰ কন্যা তথা অভিনেত্ৰী আথিয়া ছেট্টীৰ আছে ভাল খবৰ। আথিয়া এতিয়া গৰ্ভৱতী।
এই বছৰৰ আৰম্ভণিতে সুনীল ছেট্টীয়ে 'ককা' হোৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ পিছত আথিয়া গৰ্ভৱতী বুলি চৌদিশে চৰ্চা চলিছিল। অৱশ্যে, লগে লগে এই খবৰ মিছা বুলি স্পষ্ট কৰিছিল অভিনেত্ৰীগৰাকীয়ে।কিন্তু কেইদিনমান পূৰ্বে ছ'চিয়েল মেডিয়াযোগে এই ভাল খবৰৰ বিষয়ে ৰাজহুৱা কৰে আথিয়া ছেট্টীয়ে।
আথিয়াই ইনষ্টাগ্ৰামত এখন বিশেষ ফটোৰ সৈতে এটা টোকা লেখিছে।টোকাটোৰ শেষত সৰু দুটা ভৰি আৰু এটা মৰমলগা সৰু তাবিজও আছিল, যিয়ে বেয়া চকুৰ পৰা তেওঁলোক তথা গৰ্ভস্থ শিশুটোক সুৰক্ষা দিব পাৰে।এই খবৰ মূহুৰ্ততে ভাইৰেল হোৱাৰ পাছত বি টাউনৰ অধিকাংশ চেলিব্ৰেটীয়ে আথিয়া, স্বামী কে এল ৰাহুল তথা সমূহ ছেট্টী পৰিয়ালক শুভকামনা জ্ঞাপন কৰিছে।
উল্লেখ্য যে, ২০২৩ৰ ২৩ জানুৱাৰীত ক্ৰিকেটাৰ কে এল ৰাহুলৰ সৈতে সুনীল ছেট্টীৰ খাণ্ডালাৰ ফাৰ্ম হাউচত পৰিয়াল তথা ঘনিষ্ঠ বন্ধু-বৰ্গৰ উপস্থিতিত বিবাহ পাশত আবদ্ধ হৈছিল আথিয়া ছেট্টী।