জিভা পিছলিল সুনীল ছেট্টীৰ, ৰাজহুৱা কৰিলে পৰিয়ালৰ গোপনীয়তা

জিভা পিছলিল সুনীল ছেট্টীৰ, ৰাজহুৱা কৰিলে পৰিয়ালৰ গোপনীয়তা
Published on
Updated on

ডিজিটেল ডেস্ক: শীঘ্ৰেই অভিভাৱক হ’ব ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া ছেট্টী। আওপকীয়াকৈ এই খবৰ ৰাজহুৱা কৰিলে আথিয়াৰ পিতৃ তথা জনপ্ৰিয় অভিনেতা সুনীল ছেট্টীয়ে। হয়, টেলিভিছনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ‘ডান্স দিৱানে’ত সুনীল ছেট্টীয়ে প্ৰকাশ কৰিলে এই খবৰ।

প্ৰকৃততে, সুনীল ছেট্টী আৰু মাধুৰী দীক্ষিতৰ এই ৰিয়েলিটি শ্ব'টোৰ অন্যতম বিচাৰক। শেহতীয়াকৈ এই শ্ব’টোৰ এটা খণ্ড ‘ককা-আইতা’ৰ বিশেষ আছিল।শ্ব’টোৰ আঁত ধৰোতা জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙে খণ্ডটোত অভিনেতাজনক সুধিছিল যে, তেওঁ ককা হ’লে কেনে আচৰণ কৰিব ? সেই শিশুটি কিমান ভাগ্যৱান হ’ব, যিয়ে সুনীল ছেট্টীক ককা হিচাপে লাভ কৰিব।ইয়াৰ উত্তৰত সুনীল ছেট্টীয়ে কয়, 'হয়, যেতিয়া মই ‘ডান্স দিৱানে’ পৰৱৰ্তী ছিজনত আহিম, মই ককা হৈ আহিম। তাৰ পিছত মই ককাৰ দৰেই মঞ্চত খোজ কাঢ়িম।' 

এই খণ্ডটো সম্প্ৰচাৰ হোৱাৰ পাছত স্বাভাৱিকভাৱেই ভাইৰেল হৈ পৰে সুনীল ছেট্টীৰ এই মন্তব্য। ছ’চিয়েল মেডিয়াত ইতিমধ্যে বহু অনুৰাগীয়ে সুনীল ছেট্টী, আথিয়া ছেট্টী আৰু কে এল ৰাহুলকে ধৰি সমগ্ৰ পৰিয়ালটোক শুভেচ্ছা জ্ঞাপন কৰিছে।উল্লেখ্য যে, ৪ বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত আথিয়া আৰু ৰাহুল বিগত বৰ্ষৰ ২৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল।

জিভা পিছলিল সুনীল ছেট্টীৰ, ৰাজহুৱা কৰিলে পৰিয়ালৰ গোপনীয়তা
ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in