বলিউড এৰিব নেকি জেকলিন ফাৰ্ণাণ্ডেজে? আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী অভিনেত্ৰীগৰাকী...

বিতৰ্কৰ মাজতেই জেকলিন ফাৰ্ণাণ্ডেজে অৱশ্যে কৰি গৈছে নিজৰ কাম। শেহতীয়াকৈ মুক্তি লাভ কৰিছে তেওঁৰ ছবি ‘হাউছফুল-৫’। ছবিগৃহত চলি থকা এই ছবিখনে লাভ কৰিছে দৰ্শকৰ সমাদৰ। 

author-image
Asomiya Pratidin
New Update
বলিউড এৰিব নেকি জেকলিন ফাৰ্ণাণ্ডেজে? আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী অভিনেত্ৰীগৰাকী...

ডিজিটেল ডেস্কঃ বলিউডৰ মায়াময় জগতখনৰ পৰা আঁতৰি আহিব নেকি জেকলিন ফাৰ্ণাণ্ডেজ? অভিনয়ৰ পৰিবৰ্তে কথিত প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বাবে প্ৰায়ে সংবাদ শিৰোনামত থকা শ্ৰীলংকান এই অভিনেত্ৰীগৰাকী মুম্বাইৰ বলিউড জগতখনত খোপনি পুতিছে যদিও তেওঁক লৈ সৃষ্টি হোৱা বিতৰ্কই কিছু ক্ষতিও কৰিছে। 

এনে বিতৰ্কৰ মাজতেই তেওঁ অৱশ্যে কৰি গৈছে নিজৰ কাম। শেহতীয়াকৈ মুক্তি লাভ কৰিছে তেওঁৰ ছবি ‘হাউছফুল-৫’।ছবিগৃহত চলি থকা এই ছবিখনে লাভ কৰিছে দৰ্শকৰ সমাদৰ। 

তাৰ মাজতেই এতিয়া চৰ্চাত জেকলিন। অৱশ্যে তেওঁৰ এই ছবিখনৰ বাবে নহয়, এইবাৰ চৰ্চাৰ কাৰণ আন এক বিষয়ৰ বাবেহে। মুম্বাই এৰি জেকলিন গৈছে বেংগালুৰু। তাতেই তেওঁ নিজকে আধ্যাত্মিকতাৰ বিলীন কৰি দিছে। 

বেংগালুৰুত তেওঁ আধ্যাত্মিক গুৰু ৰবি শংকৰৰ আশ্ৰমলৈয়ো গৈছে। তাতেই তেওঁ আধ্যাত্মিক গুৰুগৰাকীক সাক্ষাত কৰিছে। আশ্ৰমৰ সেই ছবিসমূহ তেওঁ সামাজিক মাধ্যমতো শ্বেয়াৰ কৰিছে। 

জেকলিনে সেই ফটো শ্বেয়াৰ কৰি লিখিছে- "মোৰ হৃদয় ভৰি পৰিছে। গুৰুদেৱ, মোক পোহৰৰ পথ দেখুওৱাৰ বাবে ধন্যবাদ। মই আপোনাৰ ওচৰত ঋণী।" আশ্ৰমত থকাৰ সময়তে জেকলিনৰ দেহত নাছিল চেলিব্ৰেটিৰ ভেম। 

অসাধাৰণ প্ৰসাধন অথবা সাজসজ্জাৰ পৰিবৰ্তে সাধাৰণ এগৰাকী আধ্যাত্মিকতাত বিলীন নাৰীৰ দৰেই গৈছিল তেওঁ আশ্ৰমলৈ। শুনিছিল কেৱল আধ্যাত্মিকগুৰুৰ বাণীসমূহ। আশ্ৰমত থকা শিশুৰ উপৰিও হাতী, ঘোঁৰা, ম’হৰ সৈতেও তাই সময় কটায় তেওঁ। 

উল্লেখযোগ্য যে জেকলিনৰ নতুন ছবি ‘হাউছফুল ৫’ত অক্ষয় কুমাৰ, অভিষেক বচ্চন, ৰিতেশ দেশমুখ, নৰ্গিছ ফখৰী, চিত্ৰংগদা সিঙেও অভিনয় কৰিছে।

তাৰোপৰি ছবিগৃহলৈ আহিবলৈ সাজু হৈছে তেওঁৰ আন এখন ছবি ‘জংগল’। এইখন ছবিতো তেওঁৰ সৈতে অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু দিশা পাটানিয়ে।

ৰবিশংকৰ বলিউড