নতুন ৰূপত শীঘ্ৰেই সম্প্ৰচাৰিত হ’ব ‘কফি উইথ কৰণ ৮’, আপুনিও সাজু্ হওঁক

নতুন ৰূপত শীঘ্ৰেই সম্প্ৰচাৰিত হ’ব ‘কফি উইথ কৰণ ৮’, আপুনিও সাজু্ হওঁক
Published on
Updated on

ডিজিটেল ডেস্ক: দৰ্শকৰ বাবে সুখবৰ! বলীউডৰ ছবি নিৰ্মাতা কৰণ জোহৰৰ বিতৰ্কিত শ্ব' ‘কফি উইথ কৰণ’ অতি শীঘ্ৰেই সম্প্ৰচাৰিত হ’ব।ছ’চিয়েল মেডিয়াত এটা ভিডিঅ' প’ষ্ট কৰি ‘কফি উইথ কৰণ চিজন ৮’ৰ কথা ঘোষণা কৰিছে কৰণ জোহৰে।হয়, কৰণ জোহৰে আকৌ পোহৰলৈ আনিব বলীউডৰ তাৰকাসকলৰ বহু অকথিত কাহিনী।

ছ’চিয়েল মেডিয়াত ভিডিঅ'টো প’ষ্ট কৰি কৰণে উল্লেখ কৰে, ‘দেখা গৈছে মোৰ নিজৰ বিবেকেও মোক ট্ৰ'ল কৰিবলৈ বিচাৰে। কিন্তু কোনো কি ভাবে তাৰ প্ৰতি মনোযোগ নিদিওঁ, কিয়নো মই এতিয়া ‘কফি উইথ কৰণ চিজন ৮’ নিৰ্মাণত ব্যস্ত আছো।’ কৰণে ভিডিঅ'টোত তেওঁৰ বিবেকৰ সৈতে কথা পাতি আছে। তেওঁৰ বিবেকে তেওঁক সেই সকলোবোৰৰ বাবে ট্ৰ'ল কৰে, যিসমূহৰ বাবে তেওঁ ইতিমধ্যে ছ’চিয়েল মেডিয়াত ট্ৰ’ল হৈছে।বিবেকে তেওঁক লগতে কয় যে, বিগত বৰ্ষৰ ছিজনটো যথেষ্ট ঠাণ্ডা আছিল। যাৰ বাবে শ্ব’টোত পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে। কৰণে তেতিয়া কয়, তেওঁ এই নতুন ছিজনত বলীউডৰ সদ্য বিবাহিত দম্পতীসকল আৰু ক্ৰিকেটাৰসকলক শ্ব’লৈ আমন্ত্ৰণ জনাব।

এই ভিডিঅ'টোৰ পিছত অনুমান কৰা হৈছে যে এইবাৰ সিদ্ধাৰ্থ মালহোত্ৰা, ৰাঘৱ চদ্ধা, পৰিণীতি চোপ্ৰাৰ দৰে বহুতো তাৰকাক ‘কফি উইথ কৰণ চিজন ৮’ ত দৰ্শকে দেখিবলৈ পাব।উল্লেখ্য, এই শ্ব'টোৰ সপ্তম ছিজনত আমিৰ খান, কৰীণা কাপুৰ, ৰণবীৰ সিং, আলিয়া ভাট, সামান্থা ৰুথ প্ৰভু, অক্ষয় কুমাৰ, অনিল কাপুৰ, বৰুণ ধাৱানৰ দৰে বহু  বলীউডী তাৰকাৰ কেতবোৰ অকথিত কাহিনী কৰণ জোহৰে পাহৰলৈ আনিছিল।‘কফি উইথ কৰণ’ৰ নতুন ছিজনটো ২৬ অক্টোবৰৰ পৰা অটিটি প্লেটফৰ্ম ডিজনী প্লাছ হটষ্টাৰত সম্প্ৰচাৰিত হ'ব।

নতুন ৰূপত শীঘ্ৰেই সম্প্ৰচাৰিত হ’ব ‘কফি উইথ কৰণ ৮’, আপুনিও সাজু্ হওঁক
কাৰ্তিক-ৰণবীৰ- সিদ্ধাৰ্থৰ প্ৰশংসাত পঞ্চমূখ শিল্পা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in