ছুপাৰষ্টাৰ পত্নীৰ প্ৰেমে ভাঙিলে কৰণৰ সপোন

ছুপাৰষ্টাৰ পত্নীৰ প্ৰেমে ভাঙিলে কৰণৰ সপোন
Published on
Updated on

ডিজিটেল ডেস্ক: বলীউডত সকলো সময়তে চৰ্চাত থকা এটা নাম কৰণ জোহৰ। অভিনেতা হিচাপে কেৰিয়াৰ আৰম্ভ কৰা কৰণৰ বলীউডৰ অন্যতম সফল নিৰ্মাতা আৰু পৰিচালক হিচাপে সুনাম আছে।ইমানৰ পাছতো একমাত্ৰ অবিবাহিত হোৱাৰ বাবেই সকলো সময়তে মানুহৰ তাচ্ছিল্য শুনিব লাগে কৰণ জোহৰে।কিন্তু কি কাৰণত এইগৰাকী বহুচৰ্চিত তাৰকা আজিও বিবাহ পাশত আবদ্ধ হোৱা নাই জানেনে ? এগৰাকী অভিনেত্ৰীৰ প্ৰেমত বলীয়া হৈ আজিও অবিবাহিত হৈ আছে কৰণ জোহৰ।হয়, আজি কৰণ জোহৰৰ অসম্পূৰ্ণ প্ৰেম কাহিনীৰ বিষয়ে জানো আহক-

কেইবছৰমান আগতে এটা সাক্ষাৎকাৰত কৰণে স্বীকাৰ কৰিছিল যে বলীউডৰ এগৰাকী অভিনেত্ৰীক তেওঁ প্ৰকৃত প্ৰেম কৰিছিল। কিন্তু এই প্ৰেম অসম্পূৰ্ণ হৈ ৰ’ল। পিছে 'বি টাউন'ৰ কোন সুন্দৰীৰ প্ৰেমত বলীয়া হৈছিল কৰণ জোহৰ ? কৰণে প্ৰেমত মগন হোৱা এইগৰাকী অভিনেত্ৰী হৈছে টুইংকল খান্না।হয়, ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্না। কৰণ জোহৰ আৰু টুইংকল খান্না খুব ভাল বন্ধু।সৰুৰে পৰা তেওঁলোক দুয়োয়ে একেলগে অধ্যয়ন কৰিছে। এই সময়ছোৱাতে কৰণ টুইংকলৰ প্ৰেমত পৰিছিল। কৰণে দুয়ো একেলগে থকাৰ সপোন দেখিছিল যদিও কোনোদিনেই টুইংকল কৰণৰ প্ৰতি আকৰ্ষিত নোহোৱাৰ বাবে সেই সপোন সপোন হৈছে ৰ’ল।  

আনকি, টুইংকলৰ 'মিচেছ ফানি বোনছ' শীৰ্ষক গ্ৰন্থখন উন্মোচনৰ সময়তো কৰণে কৈছিল যে তেওঁ বৰ্তমানলৈ এগৰাকী যুৱতীৰেই প্ৰেমত পৰিছে আৰু সেয়া হৈছে টুইংকল। আমোদজনক কথাটো হ'ল যে স্কুলৰ পিছত কৰণে টুইংকলক তেওঁৰ প্ৰথম ছবি 'কুছ কুছ হ’তা হে'ত এটা চৰিত্ৰৰ প্ৰস্তাৱ দিছিল আৰু টুইংকলে সেই প্ৰস্তাৱ পোনচাটেই নাকচ কৰিছিল। এই বিষয়ে এক সাক্ষাৎকাৰত কৰণে উল্লেখ কৰে যে, 'যেতিয়া টুইংকলে মোৰ প্ৰথম ছবিত কাম কৰিবলৈ অস্বীকাৰ কৰিছিল, মোৰ হৃদয় ভাঙি গৈছিল। মই টুইংকলৰ কাৰণেই টিনাৰ চৰিত্ৰটো প্ৰস্তুত কৰিছিলো।’ উল্লেখ্য, কৰণ বৰ্তমানেও বিবাহ পাশত আবদ্ধ হোৱা নাই যদিও তেওঁ ৬ বছৰীয়া দুটা যঁজম সন্তানৰ পিতৃ। হয়, ছাৰ’গেছি পদ্ধতিৰে জন্ম দিয়া কৰণৰ পুত্ৰৰ নাম যশ আৰু কন্যাৰ নাম ৰুহী।

ছুপাৰষ্টাৰ পত্নীৰ প্ৰেমে ভাঙিলে কৰণৰ সপোন
তোলপাৰ ছ’চিয়েল মেডিয়া, চৌদিশে সমালোচিত উৰ্ফি জাভেদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in