ছ’চিয়েল মেডিয়াৰ ভাইৰেল ভিডিঅ'য়ে স্পষ্ট কৰিলে সত্য

ছ’চিয়েল মেডিয়াৰ ভাইৰেল ভিডিঅ'য়ে স্পষ্ট কৰিলে সত্য
Published on
Updated on

ডিজিটেল ডেস্ক: শীঘ্ৰেই অভিভাৱক হ’ব বলীউডৰ তাৰকা দম্পতি বিকি কৌশল আৰু কেটৰিনা কাইফ। শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’য়ে কেটৰিনা যে গৰ্ভৱতী, সেয়া স্পষ্ট কৰিছে।হয়, কেটৰিনা কাইফে তেওঁৰ ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে হায়দৰাবাদত উপস্থিত হওঁতেই এই খবৰে গতি লাভ কৰে।

প্ৰকৃততে, কেটৰিনা হায়দৰাবাদত উপস্থিত হোৱাৰ এটা ভিডিঅ' এতিয়া চৌদিশে ভাইৰেল হৈছে। য'ত কেটৰিনাই তেওঁৰ পেটটো লুকুৱাবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। এই ভিডিঅ'টো দেখিয়েই অনুৰাগীসকলে কেটৰিনা যে গৰ্ভৱতী, সেয়া নিশ্চিত হৈছে।দীৰ্ঘদিনৰ পৰা এই খবৰটোয়ে বিশেষ চৰ্চা লাভ কৰি আহিছে।অৱশ্যে, কেটৰিনা গৰ্ভৱতী বুলি অনুৰাগীসকলে মানি ল'লেও কিন্তু সমগ্ৰ বিষয়টো সন্দৰ্ভত স্পষ্ট মত প্ৰকাশ কৰা নাই বিকি-কেটৰিনাই।

উল্লেখ্য যে, বহুদিন গোপনে সম্পৰ্ক ৰক্ষা কৰাৰ পাছত বিকি আৰু কেটৰিনাই ২০২১ত বিবাহ পাশত আবদ্ধ হৈছিল। এই হাই প্ৰফাইল বিয়াখনৰ তিনিদিনীয়া কাৰ্যসূচীসমূহ ৰাজস্থানত সম্পন্ন হৈছিল।

ইফালে, 'জাৰা হাটকে জাৰা বচকে'ৰ পাছত শেহতীয়াকৈ বিকি কৌশলৰ 'দ্য গ্ৰেট ইণ্ডিয়ান ফেমেলি'য়ে মুক্তি লাভ কৰিলে।ছবিখনত মানুষী ছিল্লাৰৰ সৈতে বিকিৰ যুটি তথা দুয়োৰে অভিনয়ৰ দৰ্শকে খুব শলাগ লৈছে। আনহাতে, অনুৰাগীসকলে অতি শীঘ্ৰেই ছলমান খানৰ সৈতে বহুচৰ্চিত 'টাইগাৰ ৩' আৰু বছৰটোৰ শেষলৈ 'মেৰী খ্ৰীষ্টমাছ'ত কেটৰিনাৰ অভিনয়ৰ যাদু দেখিবলৈ পাব।

ছ’চিয়েল মেডিয়াৰ ভাইৰেল ভিডিঅ'য়ে স্পষ্ট কৰিলে সত্য
পত্নী সন্দৰ্ভত মুখ খুলিছে বিকি কৌশলে, আচৰিত অনুৰাগী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in