'ব্লুু বাটাৰফ্লাই ফিল্মছ'ৰ জৰিয়তে কৃতিয়ে দৰ্শকক উপহাৰ দিব ‘ড’ পট্টি’

'ব্লুু বাটাৰফ্লাই ফিল্মছ'ৰ জৰিয়তে কৃতিয়ে দৰ্শকক উপহাৰ দিব ‘ড’ পট্টি’
Published on
Updated on

ডিজিটেল ডেস্ক: নতুন পৰিচয় লাভ কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৃতি ছেননে।হয়, সকলোৰে প্ৰিয় অভিনেত্ৰী কৃতি এতিয়া প্ৰযোজক হ’ল। কৃতিয়ে তেওঁ নিজৰ ‘প্ৰডাকছন হাউছ’
(প্ৰযোজনা গৃহ) খোলাৰ বিষয়ে ছ’চিয়েল মেডিয়াৰ জৰিয়তে সকলোকে জানিবলৈ দিছে। তেওঁৰ এই ‘প্ৰডাকছন হাউছটো’ৰ নাম 'ব্লুু বাটাৰফ্লাই ফিল্মছ'।কৃতিয়ে লগতে তেওঁৰ প্ৰযোজনাৰ প্ৰথমখন ছবিৰ বিষয়েও অনুৰাগীক জানিবলৈ দিছে।

কৃতিৰ প্ৰথম প্ৰযোজনাত নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ নাম ‘ড’ পট্টি’ । য'ত কৃতিৰ লগতে অভিনয় কৰিব বলিষ্ঠ অভিনেত্ৰী কাজল দেৱগনে। কাজলে ‘ড’ পট্টি’ত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব।ছুপাৰহিট ছবি 'দিলৱালে'ৰ আঠ বছৰৰ পিছত কৃতি আৰু কাজলে পুনৰ একেলগে কাম কৰিব।অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ‘ইনষ্টাগ্ৰাম’ একাউণ্টত ‘ড’ পট্টি’ৰ প্ৰথম খন প’ষ্টাৰখনো ‘শ্বেয়াৰ’ কৰিছে, য'ত তেওঁ আৰু কাজলৰ লগতে আন দুগৰাকী মহিলাকো দেখা গৈছে।

কাজলৰ সৈতে তেওঁৰ ‘ইনষ্টাগ্ৰাম’ত এখন ফটো ‘শ্বেয়াৰ’ কৰি কৃতিয়ে লেখিছে, ‘ড’ পট্টি’ ঘোষণা কৰি মই বহুত উৎসাহিত ! তিনিগৰাকী অতি দৃঢ় ইচ্ছাশক্তি সম্পন্ন, অনুপ্ৰেৰণাদায়ক আৰু অত্যন্ত প্ৰতিভাশালী মহিলাৰ সৈতে এই ছবিখন আৰু অধিক মনোৰঞ্জক হ'ব। আমি এই কাহিনীটো ক'বলৈ নেটফ্লিক্সতকৈ ভাল প্লেটফৰ্ম বিচাৰি নাপালো।আঠ বছৰৰ পিছত পুনৰ কাজল মেমৰ সৈতে কাম কৰিবলৈ মই বৰ বেছিকৈ আগ্ৰহী হৈ আছো।কণিকা, মই সদায় আপোনাৰ লেখনি ভাল পাঁও আৰু আপোনাৰ সৈতে মোৰ প্ৰথম খন ছবি সহ-প্ৰযোজনা কৰি মই অতি সুখী। উফ..। এইটো বিশেষ! এইটো বহুত হৃদয়েৰে খেলিব লগা এটা ৰোমাঞ্চকৰ খেল হ'ব !’ উল্লেখ্য কৃতিৰ এই লেখনিৰ পৰা স্পষ্ট হৈছে যে ‘ড’ পট্টি’ অ'টিটি প্লেটফৰ্ম ‘নেটফ্লিক্স’ত মুক্তি পাব।

'ব্লুু বাটাৰফ্লাই ফিল্মছ'ৰ জৰিয়তে কৃতিয়ে দৰ্শকক উপহাৰ দিব ‘ড’ পট্টি’
আকাংক্ষাৰ হৃদয়ৰ পৰা ‘আউট’ মিকা সিং , ‘ইন’ হ'ল ছলমান খান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in