মুক্তিৰ পূৰ্বেই ছুপাৰহিট ! চেৰ পেলালে 'কে জি এফ ২'ক

মুক্তিৰ পূৰ্বেই ছুপাৰহিট ! চেৰ পেলালে 'কে জি এফ ২'ক
Published on
Updated on

ডিজিটেল ডেস্ক: মুক্তি নহওঁতেই ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰা ‘পাঠান’ৰ গঢ়িছে এক নতুন অভিলেখ।দেশত এই ছবিখন নিসিদ্ধৰ প্ৰতিবাদ চলি থকাৰ সমান্তৰালকৈ বিদেশত জিলিকিছে ‘পাঠান’। বিদেশী অনুৰাগীয়ে গাইছে ‘পাঠান’ৰ জয়গান।

প্ৰথমটো গীত মুকলিৰ পাছতেই সীমাহীন বিতৰ্কত সোমাই পৰা ‘পাঠান’ ২৫ জানুৱাৰীত ছবিগৃহলৈ আহিব।এই ছবিখনত বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানক দৰ্শকে চাৰি বছৰৰ পাছত ‘বিগ স্ক্ৰীণ’ত দেখিবলৈ পাব।যাৰ বাবে স্বাভাৱিকভাৱেই অনুৰাগীসকল 'পাঠান'কলৈ যথেষ্ট উৎসুক হৈ পৰিছে। কেৱল নিজ দেশতেই নহয়, বলীউড তাৰকাসকলৰ ভিতৰত বিদেশত সৰ্বাধিক অনুৰাগী আছে শ্বাহৰুখ খানৰ।সেয়ে, ‘পাঠান’য়ে মুক্তিৰ পূৰ্বেই বিদেশত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। হয়, 'পাঠান'য়ে ইতিমধ্যে জাৰ্মানীত আগতীয়া টিকট বুকিঙৰ ক্ষেত্ৰত ১.৩২ কোটি টকাৰ ব্যৱসায় কৰিছে।আনহাতে, 'কেজিএফ ২'য়ে বিদেশত ১.২ কোটীৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য, বহু চৰ্চিত এই ছবিখনত শ্বাহৰুখৰ বিপৰীতে অভিনয় কৰা দীপিকা পাডুকনে ছবিখনৰ এটা বিশেষ গানত পৰিধান কৰা কাপোৰৰ ৰঙক কেন্দ্ৰ কৰি এই বিতৰ্কৰ সূত্ৰপাত হৈছে।

বিজেপি নেতা নৰোত্তম মিশ্ৰাই গানটোত দীপিকা পাডুকনে পিন্ধা ‘বিকিনি’ৰ ৰং গেৰুৱা হোৱা বাবে গেৰুৱা ৰঙক অপমান কৰা বুলি অভিযোগ কৰিছিল। আনহাতে, আন বহুতো হিন্দু সংগঠনৰ নেতাসকলেও ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ক্ষোভত ফাটি মধ্য প্ৰদেশৰ একাংশ হিন্দু সংগঠনে ইন্দোৰত শ্বাহৰুখ খানৰ প’ষ্টাৰ জ্বলাই দি ছবিখন নিসিদ্ধৰ দাবী কৰে।

ইফালে, পাঠানৰ বিতৰ্কৰ সমান্তৰালকৈ শ্বাহৰুখৰ সন্মুখত আন এক বিপদে দেখা দিছে।একাংশ হিন্দু সংগঠনে শ্বুটিং চলি থকা শ্বাহৰুখৰ আন এখন বহুচৰ্চিত ছবি ‘ডাঙ্কি’ক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।কৰ্ণী সেনাই শ্বাহৰুখৰ বিৰুদ্ধে গেৰুৱা ৰঙক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি  'পাঠান' ছবিখনক লৈ নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ‘ডাঙ্কি’ ছবিখনৰ শ্বুটিং বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে।

মুক্তিৰ পূৰ্বেই ছুপাৰহিট ! চেৰ পেলালে 'কে জি এফ ২'ক
অপেক্ষাৰ অন্ত : ২৩ জানুৱাৰীত কে এল ৰাহুল-আথিয়াৰ বিয়া

উল্লেখ্য, ‘পাঠান’ত শ্বাহৰুখৰ বিপৰীতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে।আন দুটা  মূল চৰিত্ৰত অভিনয় কৰিছে জন আব্ৰাহাম আৰু আশুতোষ ৰাণায়ে। সিদ্ধাৰ্থ আনন্দে পৰিচালনা কৰা এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে আদিত্য চোপ্ৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in