'অভিষেক-নিম্ৰতৰ সম্পৰ্কত সত্যতা নাই, এয়া উৰাবাতৰি'

বলীউডৰ বিখ্যাত বচ্চন পৰিয়াল দীৰ্ঘদিনৰ পৰা বাতৰিৰ শিৰোনামত আছে। মেগাষ্টাৰ অমিতাভ বচ্চনৰ অভিনেতা পুত্ৰ অভিষেক বচ্চন আৰু অভিনেত্ৰী বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সংসাৰত আউল লাগিছে।

author-image
Asomiya Pratidin
New Update
aishwarya abhishek

ডিজিটেল ডেস্ক: বলীউডৰ বিখ্যাত বচ্চন পৰিয়াল দীৰ্ঘদিনৰ পৰা বাতৰিৰ শিৰোনামত আছে। মেগাষ্টাৰ অমিতাভ বচ্চনৰ অভিনেতা পুত্ৰ অভিষেক বচ্চন আৰু বোৱাৰী তথা অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সংসাৰত আউল লাগিছে। বহুদিনৰ পৰা অভিষেক আৰু ঐশ্বৰ্য বেলেগে বাস কৰি আছে বুলি খবৰ ওলাইছে।আনকি বিভিন্ন অনুষ্ঠানবোৰতো বচ্চন পৰিয়ালৰ সৈতে দেখা পোৱা নাযায় বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনক।

ইফালে, অভিষেক বচ্চন আৰু নিম্ৰত কৌৰৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ বাতৰিয়ে সংবাদ মাধ্যমত এক আলোড়নৰ সৃষ্টি কৰিছে। কিন্তু বচ্চন পৰিয়ালৰ এক ঘনিষ্ঠ সূত্ৰই এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। সূত্ৰটোৰ মতে, 'এয়া সম্পূৰ্ণ ধ্বংসাত্মক, বিদ্বেষপূৰ্ণ আৰু অৰ্থহীন। বৰ্তমান অভিষেক বচ্চনৰ কিছু পাৰিবাৰিক সমস্যা আছে। এই সমস্যাৰ সৈতে নতুন সম্পৰ্কটোৰ কোনো সম্পৰ্ক নাই।এইবোৰ সকলো উৰাবাতৰি। অভিষেকে বৰ্তমান তেওঁৰ ব্যক্তিগত জীৱনত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰি আছে। অভিষেক সদায় তেওঁৰ পত্নীৰ প্ৰতি অনুগত।'

সূত্ৰটোৱে এইটোও প্ৰকাশ কৰে যে, 'বচ্চন পৰিয়ালে এই বিষয়টো সহজভাৱে লোৱা নাই। এই ঘৃণনীয় উৰাবাতৰিবোৰ ক'ত উদ্ভৱ হৈছে, তাৰ অনুসন্ধান চলি আছে।এই উৰাবাতৰি বিয়পোৱা লোকসকলৰ বিৰুদ্ধে বচ্চন পৰিয়ালে উপযুক্ত আইনী পদক্ষেপ লোৱাৰ কথাও চিন্তা কৰিছে।'

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত