মুক্তিৰ পূৰ্বেই ‘ব্লকবাষ্টাৰ’ শ্বাহৰুখ খানৰ ‘জৱান’

মুক্তিৰ পূৰ্বেই ‘ব্লকবাষ্টাৰ’ শ্বাহৰুখ খানৰ ‘জৱান’
Published on
Updated on

ডিজিটেল ডেস্ক: সম্প্ৰতি সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে মুক্তিৰ অপেক্ষাত থকা এখন বিশেষ ছবিয়ে।ছবিখনৰ নাম ‘জৱান’। হয়, বলীউডৰ কিং খান শ্বাহৰুখ খানৰ বহু চৰ্চিত ছবি ‘জৱান’। নাম ঘোষণাৰ দিনৰ পৰা বৰ্তমানলৈকে ছবিখনক লৈ চৰ্চা সমানেই চলি আছে। শেহতীয়াকৈ ‘জৱান’ৰ এখন প’ষ্টাৰ মুকলি হৈছে। য’ত শ্বাহৰুখ খানে নেতিবাচক চৰিত্ৰত অভিনয় কৰা বিষয়টো প্ৰায় নিশ্চিত হৈছে। আনহাতে, ট্ৰেইলাৰ-প’ষ্টাৰ মুকলি হোৱাৰ পাছৰে পৰাই ছ’চিয়েল মেডিয়াতো খুব বেছি ‘জৱান’ৰ চৰ্চা চলিছে।

কেৱল অনুৰাগীয়েই নহয়, কৰণ জোহৰ, সুজয় ৰয়, বিবেক অগ্নিহোত্ৰীৰ দৰে ‘বি টাউন’ৰ বহু নামী -দামী তাৰকাই ছবিখনক ইতিমধ্যেই ‘ব্লকবাষ্টাৰ’ বুলি অভিহিত কৰিছে। সকলোয়ে ছ’চিয়েল মেডিয়াৰ জৰিয়তেই ছবিখন তথা শ্বাহৰুখ খানক বেছ প্ৰশংসা কৰিছে।ইফালে, বলীউডৰ ‘ভাইজান’ ছলমান খানে ‘জৱান’ৰ ট্ৰেইলাৰ ছ’চিয়েল মেডিয়াত ‘শ্বেয়াৰ’ কৰি ছবিখনৰ বহু প্ৰশংসা কৰে।তেওঁ ‘জৱান’ মুক্তিৰ প্ৰথম দিনাই ছবিগৃহত উপভোগ কৰিব বুলি প্ৰকাশ কৰি এনেধৰণৰ ছবি সকলোয়ে চোৱাটো প্ৰয়োজন বুলিও উল্লেখ কৰে। 

আনহাতে, ছলমানৰ প্ৰশংসাক সঁহাৰি দি শ্বাহৰুখ খানে উল্লেখ কৰে যে, ছলমান হৈছে সেইজন ক্ৰেতা, যিয়ে ‘জৱান’ৰ প্ৰথমটো টিকট কিনিছে। ‘ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত নিৰ্মিত ‘জৱান’ৰ কাহিনী আৰু পৰিচালনা এটলীৰ।ছবিখনত শ্বাহৰুখৰ বিপৰীতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতৰায়ে।উল্লেখ্য, প্ৰায় ২৫০ কোটি টকাৰ বাজেটৰে নিৰ্মিত ‘জৱান’ চলিত বৰ্ষৰ ২৩ ছেপ্টেম্বৰত সমগ্ৰ দেশজুৰি মুক্তি পাব।

মুক্তিৰ পূৰ্বেই ‘ব্লকবাষ্টাৰ’ শ্বাহৰুখ খানৰ ‘জৱান’
আকাংক্ষাৰ হৃদয়ৰ পৰা ‘আউট’ মিকা সিং , ‘ইন’ হ'ল ছলমান খান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in