ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত

ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত
Published on
Updated on

ডিজিটেল ডেস্ক: কেৱল ইৰ্ষণীয় কেৰিয়াৰৰ বাবেই নহয়, ব্যক্তিগত জীৱনৰ বাবেও চৰ্চাত শীৰ্ষত থাকে বলীউড অভিনেতা সঞ্জয় দত্ত।বলীউডৰ ‘মুন্না ভাই’খ্যাত অভিনেতাগৰাকীয়ে শেহতীয়াকৈ উদযাপন কৰিলে তেওঁৰ ৬৪ সংখ্যক জন্মদিন। ১৯৫৯ চনৰ ২৯ জুলাইত মুম্বাইত জন্মগ্ৰহণ কৰা সঞ্জয় দত্তই অভিনয় দক্ষতা পৰিয়ালৰ পৰাই লাভ কৰা বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব। হয়, তেওঁৰ পিতৃ সুনীল দত্ত এগৰাকী বলিষ্ঠ অভিনেতা আৰু মাতৃ নাৰ্গিছ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী আছিল।সঞ্জয় দত্তই প্ৰায়ে তেওঁৰ পিতৃ-মাতৃৰ সৈতে বিভিন্ন ছবিৰ দৃশ্যগ্ৰহণ চাবলৈ গৈছিল।যাৰ ফলত তেওঁ ছবিৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু এজন সফল অভিনেতা হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল।

‘মুন্না ভাই’ৰ ব্যক্তিগত জীৱনো খুব চৰ্চিত। চিনে কেৰিয়াৰত অভিনেত্ৰী মাধুৰী দীক্ষিতৰ সৈতে তেওঁৰ যুটি খুবেই বেছি জনপ্ৰিয় আছিল। ইয়াৰ বিপৰীতে তেওঁ বাস্তৱ জীৱনত বহু যুৱতীৰ প্ৰেমত পৰিছিল।তেওঁ জনোৱা মতে, ৩৫০গৰাকীতকৈও অধিক যুৱতীৰ তেওঁ প্ৰেমত পৰিছিল যদিও কাৰো সৈতে সম্পৰ্ক স্থায়ী কৰিব নোৱাৰিলে। 

টিনা মুনিম, মাধুৰী দীক্ষিতকে ধৰি বহুতো চেলিব্ৰেটীক প্ৰথমে সঞ্জয় দত্তৰ প্ৰেমিকা হিচাপে সকলোয়ে জানিছিল যদিও খুব কম লোকেহে জানিছিল যে তেওঁ প্ৰাক্তন 'মিছ ৱৰ্ল্ড' ঐশ্বৰ্য ৰায়ৰ প্ৰেমত পাগল হৈ পৰিছিল। ১৯৯৩ চনত সঞ্জয় দত্ত আৰু ঐশ্বৰ্য ৰায় প্ৰথমবাৰৰ বাবে এখন আলোচনী ফটোশ্বুটত লগ পাইছিল।অভিনেতাজনে ঐশ্বৰ্যক দেখাৰ লগে লগে তেওঁৰ অপৰূপ  সৌন্দৰ্যত মোহিত হৈ পৰিছিল।

এক পুৰণি সাক্ষাৎকাৰত সঞ্জয় দত্তই এই বিষয়ে ৰাজহুৱা কৰিছিল। তেওঁ কৈছিল যে, তেওঁ যেতিয়া ঐশ্বৰ্যক প্ৰথম লগ পাইছিল, তেতিয়া তেওঁ বলীউডত আত্মপ্ৰকাশ কৰা নাছিল।সেই সময়ত তেওঁ এগৰাকী মডেল আছিল।প্ৰথম দেখাতেই ঐশ্বৰ্যৰে প্ৰেম হোৱাৰ বিষয়ে যেতিয়া অভিনেতাজনে তেওঁৰ ভগ্নীক জানিবলৈ দিছিল, তেতিয়া তেওঁলোকে সঞ্জয় দত্তক ঐশ্বৰ্য ৰায়ৰ পৰা আঁতৰি থাকিবলৈ সকিয়াই দিছিল।প্ৰকৃততে, সঞ্জয় দত্তৰ ভগ্নীসকলে তেওঁক ঐশ্বৰ্য ৰায়ৰ পৰা আঁতৰি থাকিবলৈ কোৱাৰ কাৰণ এয়ে আছিল যে, তেওঁ সেই সময়ত আদালতলৈ যাব লগীয়া হৈছিল, যাৰ বাবে তেওঁৰ ভগ্নীসকলে ঐশ্বৰ্যয়ে কোনো সমস্যাৰ সন্মুখীন হোৱাটো নিবিচাৰিছিল। উল্লেখ্য যে, সঞ্জয় দত্তৰ ইতিমধ্যে ৰিয়া পিল্লাই, ৰিচা শৰ্মা আৰু মান্যতা দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত
অনুৰাগীৰ মত: আগতেহে বেছি ধুনীয়া আছি ভূমি পানেকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in