ডিজিটেল ডেস্ক : এগৰাকী ব্যক্তিক কিমান ভাল পালে মানুহে দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি অপেক্ষা কৰিব পাৰে ? সেয়া কল্পনা কৰিব পৰা সকলে অনুভৱ কৰিব পাৰিব ! তাতে যদি ব্যক্তিগৰাকী জনপ্ৰিয়তাৰ শীৰ্ষত থাকে তেন্তে সেই কথা আৰু অধিক সুকীয়া হৈ পৰে।
শ্বাহৰুখ খান। বলিউদৰ বাদশ্বাহ। এই শ্বাহৰুখ খানৰ অপেক্ষাতে এগৰাকী অনুৰাগীয়ে পাৰ কৰিছিল কত দিন, কত ৰাতি। এদিন, দুদিন নহয় সুদীৰ্ঘ ৯৫ দিন অপেক্ষা কৰিছিল কিং খানৰ বাবে। অৱশেষত অপেক্ষাৰ অন্তত সৌভাগ্য ঘটিল এজন যুৱ অনুৰাগীগৰাকীৰ।
সোমবাৰে প্ৰিয় অভিনেতাগৰাকীয়ে সাক্ষাৎ কৰে অনুৰাগীগৰাকীক। ঝাৰখণ্ডৰ অনুৰাগী জনক সাক্ষাৎ কৰি সেই ফটো ইতিমধ্যে বিভিন্ন মাধ্যমত ৰাজহুৱা কৰিছে। ইতিমধ্যে সামাজিক মাধ্যমত এই ফটোখনে বেচ চৰ্চাও লাভ কৰিছে।
Also Read: সমাজকৰ্মী বল্লদেৱ শৰ্মাৰ স্মৃতিচাৰণ সভা