কাৰ্তিক-ৰণবীৰ- সিদ্ধাৰ্থৰ প্ৰশংসাত পঞ্চমূখ শিল্পা

কাৰ্তিক-ৰণবীৰ- সিদ্ধাৰ্থৰ প্ৰশংসাত পঞ্চমূখ শিল্পা
Published on
Updated on

ডিজিটেল ডেস্ক: আকৰ্ষণীয় শৰীৰ তথা ‘ফিটনেছ’ৰ বাবে সদায়েই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টীয়ে।অভিনেত্ৰীগৰাকী সম্প্ৰতি তেওঁৰ মুক্তিৰ অপেক্ষাত থকা ছবি 'সুখী'ৰ বাবে চৰ্চাত আছে।কেইদিনমান পূৰ্বে মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰে দৰ্শকৰ অভাৱনীয় সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

বহু নামী-দামী তাৰকাৰ পাছত এইবাৰ কাৰ্তিক আৰ্যন আৰু ৰণবীৰ সিঙৰ সৈতে অভিনয়ৰ মন মেলিছে শিল্পা ছেট্টীয়ে।হয়, 'সুখী'ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠান এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।তেওঁ কয়, 'তেওঁলোক দুয়ো মোতকৈ বহুত সৰু।তথাপিও মোৰ তেওঁলোক দুয়োৰ সৈতে অভিনয় কৰাৰ বহুত ইচ্ছা আছে।মই ৰণবীৰৰ অভিনয়ৰ অনুৰাগী। কাৰ্তিক আৰ্যনো মোৰ অতি প্ৰিয়।’ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে শিল্পা চেট্টী।সিদ্ধাৰ্থৰ প্ৰশংসা কৰি তেওঁ কয়, ' এজন প্ৰকৃত ব্যক্তিৰ যি গুণ থাকিব লাগে, সেই সকলো গুণৰে অধিকাৰী সিদ্ধাৰ্থ মালহোত্ৰা।তদুপৰি তেওঁ এজন নিঁখুত অভিনেতা।’ শীঘ্ৰে মুক্তি পাবলগীয়া ৰোহিত চেট্টীৰৱেব চিৰিজ 'ইণ্ডিয়ান পুলিচ ফ'ৰ্চ'ত সিদ্ধাৰ্থৰ বিপৰীতে দেখা যাব শিল্পা ছেট্টীক।

শিল্পাই লগতে কয়, ‘মই ভাবো গোবিন্দাৰ সৈতে মোৰ 'অনস্ক্ৰীণ' যুটি অতিকৈ আকৰ্ষণীয় আছিল।তেওঁৰ সৈতে অভিনয় কৰি আচলতে মই অভিনয় উপভোগ কৰিছিলো।’ অভিনেত্ৰীগৰাকীয়ে 'সুখী'ত তেওঁৰ চৰিত্ৰটোৰ বিষয়েও উল্লেখ কৰে।এই সন্দৰ্ভত  তেওঁ কয় যে, ‘সুখী’ত তেওঁ গোবিন্দাৰ এগৰাকী অনুৰাগী তথা গৃহিনীৰৰ চৰিত্ৰ ৰূপায়ন কৰিছে। ছ’নাল যোশীৰ দ্বাৰা পৰিচালিত ‘সুখী’ত কুছা কপিলা, অমিত সাধ আৰু দিলনাজ ইৰাণীয়েও বিশেষ চৰিত্ৰত অভিনয় কৰিছে।মুক্তিৰ পূৰ্বেই দৰ্শকৰ অভাৱনীয় সঁহাৰি লাভ কৰা এই ছবিখন ২২ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব।

কাৰ্তিক-ৰণবীৰ- সিদ্ধাৰ্থৰ প্ৰশংসাত পঞ্চমূখ শিল্পা
অতিথিৰ তালিকাত বহু ভিভিআইপিৰ নাম, ভাইৰেল বিয়াৰ নিমন্ত্ৰণী পত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in