কোন তাৰকাৰ কিমান টকা চোৰে নিলে জানেনে ?

কোন তাৰকাৰ কিমান টকা চোৰে নিলে জানেনে ?
Published on
Updated on

ডিজিটেল ডেস্ক: যোৱা কেইদিনমানৰ পৰা সমগ্ৰ দেশতে চোৰৰ সন্ত্ৰাস চলিছে।এইবাৰ চোৰৰ  চকু পৰিছে চেলিব্ৰেটীসকলৰ ঘৰত। সোনম কাপুৰৰ শহুৰেক আৰু চলমান খানৰ ভগ্নীৰ ঘৰৰ পিছত এইবাৰ চোৰৰ লক্ষ্য হ’ল শিল্পা চেট্টীৰ ঘৰ।

মুম্বাই আৰক্ষীয়ে বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ ঘৰত চুৰিৰ সন্দৰ্ভত দুজন লোকক আটক কৰিছে। যোৱা সপ্তাহত অভিনেত্ৰীগৰাকীৰ জুহুৰ বাসগৃহৰ পৰা কিছুমান মূল্যৱান সামগ্ৰী চোৰে চুৰি হোৱাৰ অভিযোগৰ ভিত্তিত জুহু আৰক্ষী থানাত চুৰিৰ এটা গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ ভিত্তিতেই তদন্তকাৰী দলে দুজন লোকক আটক কৰি জেৰা কৰিছে।

শিল্পা ছেট্টীৰ উপৰিও বলীউডৰ বহু নামী-দামী তাৰকাই চোৰৰ লুটপাতৰ বাবে বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। কেইদিনমান আগতে চোৰে দিল্লীত সোনম কাপুৰৰ ঘৰৰ পৰা ১.৪১  কোটি টকাৰ গহনা আৰু নগদ ধন চুৰি কৰি নিয়ে।বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ ঘৰটো ইতিমধ্যে চোৰ সোমাইছে। অৱশ্যে অমিতাভৰ গৃহৰক্ষীয়ে চোৰটোক ধৰা পেলাবলৈ সক্ষম হয়। তদুপৰি, ছলমান খানৰ ভগ্নী অৰ্পিতা খানৰ মুম্বাইৰ ঘৰটো চোৰ সোমাই হীৰাৰ কাণফুলি চুৰি কৰি নিয়ে।কেৱল ইমানেই নহয়, চোৰৰ কৱলত পৰি বলীউডৰ অভিনেত্ৰী কাজলেও লাখ লাখ টকাৰ সম্পত্তি হেৰুৱাইছে। কাজলৰ ৫ লাখ টকাৰ ১৪ পাত খাৰু তেওঁৰ জুহু বাংলোৰ পৰা চোৰে চুৰি কৰি নিয়ে।

কোন তাৰকাৰ কিমান টকা চোৰে নিলে জানেনে ?
ছুপাৰষ্টাৰ পত্নীৰ প্ৰেমে ভাঙিলে কৰণৰ সপোন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in