ফেচবুক জিন্দাবাদ…

ফেচবুক জিন্দাবাদ…
Published on
Updated on

পলাশ জ্যোতি গগৈ

ভাল আৰু বেয়া। এই দুয়োটা ধাৰণাই সুনিৰ্দিষ্ট নহয়। ভাল-বেয়াৰ ধাৰণা কেতিয়াবা ব্যক্তিসাপেক্ষ, সমাজ সাপেক্ষ অথবা সময় সাপেক্ষ হয়। কোনো কোনো সময়ত ভাল আৰু বেয়াৰ ধাৰণাটোক দেশ বা স্থান সাপেক্ষ বুলি ক'লেও ভুল কোৱা নহয়। আমাৰ দেশত ভাল বুলি গণ্য কৰা কোনো এটা কথা আন এখন দেশত বেয়া দৃষ্টিৰেও চাব পাৰে। যিহেতু বৰ্তমান সময়ত বহুলভাবে প্ৰসাৰিত এটা মাধ্যম হৈছে ছ'চিয়েল মিডিয়া। ই বিশ্বজনীন। গতিকে বৰ্তমান সময়ত ভাল-বেয়াৰ ধাৰণা এটাও বিশ্বজনীন হৈ পৰিছে। আৰু এয়াই এইসময়ৰ আটাইতকৈ ভাল খবৰ।

ছ'চিয়েল মিডিয়াটো দৈনিক দেখিবলৈ পোৱা যায় হাজাৰ হাজাৰ খবৰ। তাৰে ভিতৰত কোনো খবৰে যদি ইতিবাচক ধাৰণাৰ সন্ধান দিয়ে আন কোনো খবৰে মনত নেতিবাচক প্ৰভাৱ পেলাই। ভাৰতকে আদি কৰি দক্ষিণ পূব এছিয়াৰ দেশ সমূহৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়া ভালদৰে চলাবলৈ সক্ষম হোৱা নাই জনসাধাৰণে।

সমাজৰ গৰিষ্ঠ সংখ্যক লোককে কোনো এটা নতুন ধাৰণা গ্ৰহণ কৰাৰ ক্ষেত্ৰত গাফিলতি কৰা দেখা যায়। মানুহৰ মাজত আছে অতীত প্ৰীতি। কোনো এক নতুন ধাৰণাৰ জন্ম হ'লে সেই ধাৰণা গ্ৰহণ কৰিব নোৱাৰে কোনো এজন লোকে। মাত্ৰ কেই শতাংশমান লোকেহে মানি লয় সমাজৰ ন ন ধাৰণা। তথাপিও বিভিন্ন সময়ত উদ্ভৱ হোৱা কোনো এক ধাৰণাই সমাজৰ অধিকাংশ লোককে চুই যায়। নতুনত্ব মানেই হৈছে পূ্ৰ্বৰ তুলতাত ধৰণ কৰণ সমূহ কিছু পৰিমাণে আগবঢ়াই নিয়া এক ধাৰণা।

যিদৰে সমাজত ভাল-বেয়া দুয়োটা প্ৰকৃতিৰ লোক থকা দেখা যায়, তেনেদৰে সেইসকল লোকৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াৰ ফলাফল। বিশ্বত আছে মুঠ ১৯৫ খন দেশ। তাৰ ভিতৰত অধিক জনসংখ্যা ক্ষেত্ৰত চীনৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰত। ২০১৯ চনৰ এক হিচাপ মতে ভাৰতৰ মুঠ জনসংখ্যা ১,৩৬৮,৭৩৭,৫১৩জন। ইফালে ৭৯৯ গৰাকী নাগৰিকেৰে তালিকাৰ ১৯৫ নম্বৰত "হল ছি"।

ফটোঃ ইন্টাৰনেট

ছ'চিয়েল মিডিয়াৰ প্ৰসংগ উত্থাপন কৰিলে এটা কথা ন দি কব পাৰি যে, ১৯৫ খন দেশৰ অধিকাংশ দেশৰে সামাজিক পৰিৱেশ অথবা ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ ইতিবাচক। তেনেক্ষেত্ৰত মাত্ৰ কেইখনমান দেশতহে দৰিদ্ৰতা, ৰাজনৈতিক অস্থিৰতা, ধৰ্মীয় গোড়ামী ইত্যাদি যদি থাকে তেতিয়া ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ বিশ্বব্যাপী হোৱাৰ বাবে ভাল সমাজৰ ভাল পদক্ষেপসমূহ সকলো দেশতে বিয়পি পৰে। সেই ভাল পদক্ষেপৰ বাবে বেয়া পৰিৱেশেৰে পুষ্ঠ দেশসমূহটো পৰে ভাল দেশৰ প্ৰভাৱ।

ভাৰতৰ আন আন ঠাইৰ লগতে অসমটো ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ মন কৰিবলগীয়া। অসমত বিশেষকৈ না না বাচনি পৰীক্ষামূলক তথ্য, বিভাগীয় আলোচনা, সাহিত্য চৰ্চা, ভাষাৰ ব্যৱহাৰ ইত্যাদি প্ৰসংগত আছে বহু ফেচবুক পেজ। এইসমূহ পেজত দৈনিক আলোচনা কৰা হয় বহু গুৰুত্বপূৰ্ণ বিষয়। আন কিছু এনেধৰণৰ ফেচবুক পেজ আছে য'ত দিনটোৰ ভাইৰেল হোৱা যিকোনো বিষয়ক লৈ কৰা হয় আলোচনা।

অসমীয়া ভাষা চৰ্চা কৰাৰ ক্ষেত্ৰত এটা লেখত লবলগীয়া ফেচবুক গ্ৰুপ হৈছে 'অসমীয়াত কথা বতৰা'। কেইজনমান অসমীয়া যুৱকে খোলা এইটো গ্ৰুপত বিভিন্ন লোকে লেখা মেলা কৰে। অসমীয়া ভাষাটো শুদ্ধ ৰূপত ব্যৱহাৰ 'অসমীয়াত কথা বতৰা' গ্ৰুপৰ আটাইতকৈ শলাগ লবলগীয়া বৈশিষ্ট।

বৰ্তমান সময়ত এই গ্ৰুপৰ সদস্যৰ সংখ্যা হৈছে ৬৭ হাজাৰ। গুৰু গম্ভীৰ কিছু কথা দৈনিক আলোচনা কৰা হয় এই গ্ৰুপত। বিশেষকৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ কিছু কিছু বচা বচা লোকে এই গ্ৰুপত দৈনিক লেখা-মেলা কৰে। তাৰে এটা লেখা হৈছে-

লেখক- অঞ্জনা দত্ত (লেখাটো হুবহু কপি কৰা হৈছে)

সেই ফেনটো থকা হ'লে…

আগতে ব্যৱহাৰ হোৱা হাতৰ এটা আঙুলি সুমুৱাই ঘূৰাই ঘূৰাই নম্বৰ ডায়েল কৰা সেই পুৰণি মডেলৰ লেণ্ডফোনবোৰ এতিয়া থকা হ'লে, আপোনাৰ প্ৰেম কৰাৰ মজা বাহিৰ হৈ গ'লহেঁতেন! কেৱল প্ৰেমেই নহয় বাৰু। আৰু বহুতো দুৰ্ঘটনা কমকৈ সংঘটিত হ'লহেঁতেন।

1..2..3..4..5..6..কৈ ডায়েল কৰোঁতে কৰোঁতে যিহে বিকট শব্দ হয় সেইটো ফোনৰ! তাতে আকৌ সেইটো অ'লৈ ত'লৈ মনে মনে দাঙি নি ফোন কৰাটোতো দূৰৰে কথা, কথা পাতিলেও সকলোৱে শুনাকৈ কথা পাতেনো কেনেকৈ? কি হ'ল হয় এতিয়াৰ মোবাইল ফোনটো নোহোৱা হ'লে!!
এতিয়া আছে যদিও নাজানোঁ, সেই নম্বৰ ডায়েল কৰা ফোনটো এতিয়াও থকা হ'লে বোধহয় এইবোৰ ঘটনা কমকৈ হ'লহেঁতেন―
১) আপুনি ইমান সহজে কাৰোবাৰ প্ৰেমত পৰিব নোৱাৰিলেহেঁতেন! আৰু কাকো ঠগিবও নোৱাৰিলেহেঁতেন! মেছেঞ্জাৰ, ৱাটছআপ্ বোলা মাৰাত্মক বস্তুকেইটা যিহেতু নাপালেহেঁতেন!
২) কাকো পলুৱাই আনি ঘৰ সুমুৱাবও নোৱাৰিলেহেঁতেন। যিহেতু পলুৱাই অনাৰ ঠাই, দিন, বাৰ, সময়ৰো কথা থাকেতো! ঘনে ঘনে সকলোৱে শুনাকৈ পাতিব কেনেকৈ এইবোৰ কথা!
৩) বেছি ভাগ বিয়া ঘৰৰ সন্মতিত হ'লহেঁতেন!
৪) আপোনাৰ মা-দেউতাই আপোনাৰ সকলো কথাৰ তলা-নলা পালেহেঁতেন!
৫) চুৰ, ডকাইতি, ধৰ্ষণ আদি ইমান সঘনে বোধহয় কেতিয়াও নহ'লহেঁতেন!
৬) বাটে-পথে এক্সিডেণ্টবোৰ ইমান নহ'লহেঁতেন!
৭) ৰেল লাইনৰ আগত পৰি মৃত্যু বৰণ কৰিব নালাগিলহেঁতেন! অৰ্থাৎ ৰেল লাইন পাৰ হওঁতে মোবাইলটো লৈ কথা পাতি পাতি মচগুল হৈ গৈ থাকি যিটো হয়, সেইটো নহ'লহেঁতেন!
৮) আপুনি সহজে কাকো মিছা মাতিব নোৱাৰিলেহেঁতেন। ফোনটো ৰিচিভ কৰা মানে আপুনি ঘৰতেই আছে!
৯) চিয়াঁহীৰে গোট গোটকৈ লিখা হাতৰ আখৰ কেইটা আৰু চিঠিবোৰ নাইকিয়া হৈ নগ'লহেঁতেন এতিয়াৰ দৰে!
১০) আপোনাৰ মনৰ ইচ্ছামতে ছিমকাৰ্ড সলাই কেইবাটাও ফোনৰ নম্বৰ ল'ব নোৱাৰিলেহেঁতেন! আপোনাৰ ফোন নম্বৰটো তথা ঘৰখনৰ বাকী সদস্যৰ ফোন নম্বৰো একেটাই হ'লহেঁতেন!
আৰু বহুতো আছে এনেধৰণৰ অসুবিধা। ভাবকচোন, কি যে বিড়ম্বনা হ'লহেঁতেন আপোনাৰ…!!

ফোনৰ ব্যৱহাৰৰ পৰা অহা কিছু পৰিৱৰ্তনৰ কথা এই লেখাত প্ৰকাশ পাইছে। মহিলাৰ বিভিন্ন ৰোগ, পুৰুষ-মহিলাই সমাজৰ বিভিন্ন ক্ষেত্ৰত সন্মুখিন হোৱা ন ন পৰিৱেশৰ কথা এই গ্ৰুপত আলোচনা কৰা হয়।

ঠিক তেনেধৰণৰ আন এটা ফেচবুক গ্ৰুপ হৈছে 'APSC EXAM PREPARATION GROUP'। এই গ্ৰুপত দৈনিক বিভিন্ন পৰীক্ষাত প্ৰয়োজনীয় কথা অৱতাৰণা কৰা হয়। বিনয় কুমাৰ বৰা নামৰ এজন লোকে ৫ বছৰ পূৰ্বে খোলা এই গ্ৰুপত বৰ্তমান সদস্যৰ সংখ্যা হৈছে ৬৭,২৩৮ জন। গড় হিচাপত কুৰিৰো অধিক পোষ্ট দৈনিক এই গ্ৰুপত দেখিবলৈ পোৱা যায়।

বুধবাৰে এগৰাকী সদস্যই পোষ্ট কৰা এটা প্ৰশ্ন হৈছে-

Where does sound travel faster?

Air

Water

Glass

None of this

এই প্ৰশ্নৰ উত্তৰত বহুলোকে দিছে সহাৰি। এনেদৰে কিছু প্ৰশ্নৰ অৱতাৰণা কৰি সদস্যসকলৰ পৰা প্ৰশ্নৰ উত্তৰ বিচৰা হয়। আৰু কোনো প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত অধিকাংশ লোকেই শুদ্ধ উত্তৰ দিয়া দেখিবলৈ পোৱা যায়। লোকসেৱা আয়োগৰ লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ এনেসমূহ গ্ৰুপে বহুলোককে সহায় কৰাৰ লগতে ছ'চিয়েল মিডিয়াৰ প্ৰতি থকা বহুলোকৰ ধাৰণা সলনি কৰি দিয়ে।

সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দুটা দিশ থাকে। সময়ৰ পৰিৱৰ্তনৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰৰ সমান্তৰালভাবে মানুহে কোনো এটা কাম কম সময়তে কৰিব পৰা হৈছে। মানুহৰ বিচাৰ ধাৰা, চিন্তা-চৰ্চা, কোনো বস্তু বা সামগ্ৰীৰ ওপৰত সম্যক ধাৰণাই বহুক্ষেত্ৰত নতুন পৰিৱেশ এটাৰ সৈতে এক হোৱাত সহায় কৰে। ছ'চিয়েল মিডিয়াই সমাজখনক কোনো সমস্যা এটা বিশ্বজনীন কৰি এখন জিলা, ৰাজ্য অথবা এখন দেশৰ পৰিৱৰ্তে বিশ্বৰ সৈতে ৰজিতা খুৱাই সমাধানৰ পথ উলিওৱাত সহায় কৰে।

সমাজৰ আন আন দিশৰ সমান্তৰালকৈ সংস্কৃতিৰ ক্ষেত্ৰখনৰ বিভিন্ন দিশ প্ৰচাৰৰ বাবে আছে ফেচবুক পেজ। তেনে এটা পেজ হৈছে 'সুবাস'। ১লাখ, ৭৮হাজাৰ, ৬৮৮ জন লোকে লাইক কৰা পেজটো ফল' কৰিছে ২লাখ, ১১ হাজাৰ আৰু ৪০২ জন লোকে। পেজটোৱে ৰাজ্যৰ বিভিন্ন শিল্পীৰ গানৰ লগতে আন আন ন ন সৃষ্টি ৰাইজৰ মাজলৈ উলিয়াই অনাত সহায় কৰিছে।

উল্লেখ্য যে, এই পেজটোত আপলোড কৰা কোনো এটা ভিডিঅ'ৰ অতি কম সময়তে হাজাৰ হাজাৰ দৰ্শকৰ সহাৰি লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ কৰা প্ৰয়োজনীয় যে, 'সুবাস'ত সপ্তাহত প্ৰায়ে কেইবাদিনো ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ শিল্পীসকলৰ দ্বাৰা ফেচবুক লাইভৰ জৰিয়তে বিভিন্ন মত-বিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰা হয়।

ফেচবুকত শিক্ষক সকলৰো আছে বহু পেজ। সই পেজসমূহত তেওঁলোকে আলোচনা কৰে নিজৰ অভাৱ-অভিযোগ। এই কথা বিশেষকৈ প্ৰকাশ পায় টেট উত্তীৰ্ণ শিক্ষকসকলৰ ক্ষেত্ৰত। ফেচবুকত মাত্ৰ অসমৰ প্ৰেক্ষাপটতে আছে কুৰিটাৰো অধিক ফেচবুক পোষ্ট। টেট শিক্ষকসকলৰ ফেচবুক পেজৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় তেওঁলোকে শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে কিছুদিন পূৰ্বে লোৱা প্ৰতিবাদী কাৰ্যসূচীৰ ক্ষেত্ৰত। নিজৰ গ্ৰুপৰ সদস্যসকলৰ সৈতে সংগঠিত ভাৱে তেওঁলোকে আলোচনা কৰি লৈছিল কিছু কিছু সিদ্ধান্ত।

এনেধৰণৰ অসংখ্য ফেচবুক পেজ আছে যিসমূহত আলোচনা কৰা হয় সমাজৰ বিভিন্ন অভাৱ-অভিযোগ আৰু তাৰ সমাধান। কোনো লোকৰ বিপদৰ সময়তো ফেচবুক পেজ অথবা গ্ৰুপ সমূহে এক সংগঠিত কণ্ঠৰূপে থিয় দিয়ে।

প্ৰয়োজনত তেজৰ যোগান ধৰে কিছু গ্ৰুপে। কোনো এজন ব্যক্তিৰ তেজৰ প্ৰয়োজন হ'লে এটা ফেচবুক পোষ্ট অথবা মেছেজতে লাভ কৰিব পাৰে সহাৰি। তেনে গ্ৰুপ হৈছে 'ATOPAL ROKTORE JIBON(এটোপাল ৰক্তৰে জীৱন)' আৰু 'ৰক্ত বান্ধৱঃ Rakta Bandhab' ইত্যাদি।

চিকিৎসালয়ত কোনো ৰোগীৰ বাবে তেজৰ প্ৰয়োজন হ'লে বহুসময়ত ৰোগী ৰখীয়া সকল অসুবিধাত পৰা দেখা যায় তেনে সময়ত তেজৰ যোগান ধৰা এনে গ্ৰুপসমূহে সহায় কৰে। তেজ বিচাৰি দিয়া এটা ফেচবুক পোষ্ট অথবা মেছেজতে কোনো লোকে লাভ কৰিব পাৰে প্ৰয়োজনীয় তেজ।

ছ'চিলেল মিডিয়া ব্যৱহাৰ কাৰী সকলৰ বহুতৰে পৰিচিত আন এক গ্ৰুপ হৈছে 'জনমত,অসম।(VOX POPULI) ::: ধর্ম নিৰপেক্ষ গ্রুপ ::: ৰাম + ৰহিম, আল্লাহ+ ভগৱান। ' এই গ্ৰুপত বেছিভাগ সময় বহু বিতৰ্কীত কথাক লৈ কৰা হয় আলোচনা। উল্লেখ্য যে, গ্ৰুপটোত আলোচনা কৰা অধিকাংশ কথাই কোনো ধৰ্মৰ লোকক অথবা কোনো নিদিষ্ট লোকক উদ্দেশ্য কৰি বা আক্ৰমণ কৰা হয়। প্ৰায় এক লাখ সদস্য থকা গ্ৰুপটোত বেছিভাগ সময়তে বহু বিতৰ্কীত কথা আলোচনা কৰাৰ লগতে বিভিন্ন ব্যক্তিৰ মতাদৰ্শ বা ধাৰণাৰ ভিন্নতাৰ বাবে তৰ্ক কৰা দেখা যায়।

বৰ্তমান সময়ত দ্ৰুত গতিত বৃদ্ধি পাইছে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ। দৈনিক বৃদ্ধি পোৱা ফেচবুক, টুইটাৰ ব্যৱহাৰ কাৰীসকলে অতি সোনকালে লাভ কৰিব পাৰে কোনো এটা খবৰ। নিজৰ আৱেগ, অনুভূতি, মত, অভিমত প্ৰকাশ কৰিব পৰাকৈ সকলো লোককে ফেচবুকে এখন মঞ্চ দিছে। ফেচবুক এনে এটা মাধ্যম য'ত কোনো লোকৰ বাবে কথা কোৱাৰ ক্ষেত্ৰত নাই সীমাবদ্ধতা। আন কোনো লোকৰ অনুমতি নোলোৱাকৈ ফেচবুকত প্ৰকাশ কৰিব পৰা যায় কোনো কথা। অৱশ্যে উল্লেখ কৰাৰ প্ৰয়োজন যে, সমাজ বিৰোধী বিভিন্ন কথা বা আচৰণৰ বাবে বৰ্তমানলৈকে গ্ৰেপ্তাৰো হৈছে বহু ফেচবুক ব্যৱহাৰকাৰী। ইফালে বিজেপি চৰকাৰ শাসনত অহাৰ বাবে দলটোৰ ছ'চিয়েল মিডিয়া চেলে লৈছিল বিশেষ ব্যৱস্থা। অৱশ্যে দলটোৰে কিছু সদস্যকে শেহতীয়াকৈ মুখ্যমন্ত্ৰীক লৈ অসামাজিক পোষ্ট কৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে।

পূৰ্বে তাৰকাগৃহত গৈ কোনো লোকে যি পৰিৱেশ দেখা পাইছিল সেয়া এতিয়া প্ৰতিজন লোকৰ হাতৰ মোবাইল ফোনত সীমাবদ্ধ। সময়ৰ লগে লগে সলনি হৈছে আমাৰ চিন্তা চৰ্চাৰ ধৰণ কৰণ। ছ'চিয়েল মিডিয়াই হাতৰ মুঠিতে আপোনাৰ বাবে উপভোগ্য কৰি তুলিছে ৭ সাগৰ তেৰ নদীৰ সীপাৰে থকা আপোনাৰ বন্ধুক। পূৰ্বে সীমান্তত থাকি দেশ ৰক্ষাৰ বাবে যুঁজ দিয়া সৈনিক পুত্ৰৰ খবৰ পাবৰ বাবে ডাকোৱালে অনা চিঠিখনে আছিল একমাত্ৰ সুবিধা। এতিয়া তেনে নহয়। দূৰণিত থকা কোনো লোকৰ ছবি চাই কথা পাতিব পাৰি এতিয়া। অৱশ্যে সকলো লোকে এয়া গ্ৰহণ কৰিব নোৱাৰে। আন কিছু লোকে এয়া গ্ৰহণ কৰিব নিবিচাৰে। ছ'চিয়েল মিডিয়াৰ প্ৰতি কিছুসংখ্যক লোকে দেখুওৱা সহাৰি প্ৰথমে খুজ কাঢ়িবলৈ শিকোতে পিছলি পৰা এটা কণমানি শিশুৰ দৰে।

দিন সলনি হৈছে। দৈনিক বজাৰত উপলব্ধ হৈছে প্ৰতিটো সামগ্ৰীৰে 'আপদেটেড ভাৰ্জন'। চিন্তা হয়, আপোনাৰ দেহত অষ্ট্ৰোপচাৰৰ জৰিয়তে ব্যৱহাৰ কৰা কোনো এটা যন্ত্ৰতকৈ নতুন এটা যন্ত্ৰ আহিব বজাৰলৈ। বেছি সুবিধাজনক হ'ব সেই যন্ত্ৰ। পিছে আপুনি সলনি কৰিব পাৰিব নেকি সেই যন্ত্ৰ। অৱশ্যে এতিয়া সেয়াই সঁচা হৈছে। সময় ইমান খৰতকীয়াকৈ সলনি হৈছে যে, এতিয়া অসমৰ লৰাই বিদেশত দেশ বা ৰাজ্যক উজ্বলাইছে। পানীত চলিব পৰাকৈ বাহন সাজিছে। নিজে বনাই উলিয়াইছে হেলিকপ্টাৰ। পানীৰে চলাব পৰা মটৰ চাইকেলো এইখন অসমৰ যুৱকে উদ্বাৱন কৰিছে। অসম্ভৱ বুলিবলৈ আছেই বা কি।

এতিয়া নাই পূবৰ সেই দিন। এটা মোবাইল ফোনতে সকলো উপলব্ধ হৈছে। কেলকুলেটৰ, হাত ঘড়ী, এলাৰ্ম ঘড়ী, পেজাৰ, কেলেণ্ডাৰ, কনভাৰ্টাৰ, টৰ্চ, অডিঅ' আৰু ভিডিঅ' ৰেকৰ্ডাৰৰ লগতে মিউজিক প্লেয়াৰৰ দৰে বিভিন্ন ব্যৱস্থাসমূহ এতিয়া অতি সহজে এটা মাথোঁ মোবাইলতে কোনো লোকে পাব পৰা হৈছে।

ছ'চিয়েল মিডিয়াৰ কথা বাদে দিলো, ইন্টাৰনেট বুলি একাংশ লোকৰ নাক কোচ খাই যায়। তেওঁলোকে নুখুজে জীৱনৰ বাটত তেওঁলোকৰ সময়বোৰ যন্ত্ৰই পৰিচালনা কৰক। নিজকে যন্ত্ৰৰ ওচৰত অৰ্পন কৰি নিৰাপদ বুলি নাভাৱে। ছ'চিয়েল মিডিয়াত কেৱল বন্ধু-বান্ধৱৰ সৈতে বাৰ্তালাপে কৰা নাযায়। সমাজৰ বহু আগশাৰীৰ লোকে তেওঁলোকৰ নামত ফেচবুকত পেজ খুলি নিজৰ কথা ৰাইজক জনাব পাৰে। ইফালে ৰাজ্যৰ বাহিৰত থকা বিভিন্ন হোটেল, ৰেষ্টুৰেণ্টৰ দৰে প্ৰতিষ্ঠানৰ কথাও জানিব পাৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তে।

বান গৰাখহনীয়াৰ দৰে সমস্যাটো ফেচবুক পেজৰ দ্বাৰা কৰা হয় সহায়ৰ বাবে প্ৰাৰ্থনা। কিছু পেজ আছে যি ফেচবুকৰ মাধ্যমেৰে আনৰ পৰা বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি বন্যাৰ্তৰ মাজত বিতৰণ কৰে। 'ফেচবুক বান সাহাৰ্য গ্ৰুপ' তাৰে এক উদাহৰণ। যি ৰাইজৰ পৰা বিভিন্ন সা সামগ্ৰী সংগ্ৰহ কৰি বন্যাৰ্তৰ মাজত বিতৰণ কৰিছিল। বৰ্তমান এয়া মাত্ৰ এটা ফেচবুক পেজতে সীমাবদ্ধ হৈ থকা নাই। প্ৰতিজন লোকেই আৰম্ভ কৰিছে অভিযান। মাত্ৰ বান পিড়ীতৰ বাবেই নহয় দুখীয়া, শাৰিৰীকভাৱে অসুস্থ, বিশেষভাৱে সক্ষম, অভিনয়ৰ প্ৰতি আকৰ্ষণ থকা বহু ছাত্ৰ-ছাত্ৰীকো ফেচবুকে দিছে এখন মঞ্চ। নিজে একাউন্ট খুলি নিজৰ প্ৰতিভা ভিডিঅ' আকাৰে প্ৰচাৰ কৰিব পাৰে। ক্ষন্তেকতে কোনো এটা পোষ্ট লাখ লাখ মানুহৰ মাজত ভাইৰেল হৈ পৰে। তেনেদৰে ষ্টাৰ হোৱা মানুহৰ উদাহৰণ এইখন অসমতে আছে। যি ইটাভাটাৰত কাম কৰি থাকোতে গুণগুণোৱা গান ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতে তেওঁ পাইছেগৈ টেলিভিছনৰ মজিয়া।

নিযুক্তি, সা-সামগ্ৰীৰ দাম বৃদ্ধি-হ্ৰাস ইত্যাদিৰ খবৰ বৰ্তমান সময়ত ফেচবুক পেজতে পাব পাৰি। চৰকাৰী কাৰ্যালয়ৰ লগতে ব্যক্তিগত কাৰ্যালয়, শিক্ষানুষ্ঠানৰ নামভৰ্তি ইত্যাদিৰ বিভিন্ন প্ৰয়োজনীয় তথ্য এতিয়া পাব পাৰি ফেচবুকতে।

অৱশ্যে অতি পৰিতাপৰ কথা যে, ফেচবুকত মাত্ৰ ভাল কথাই আলোচনা বা প্ৰচাৰ নহয়। কেতিয়াবা ফেচবুকত এনে কিছু কথা আলোচনা কৰা হয় যাৰ বাবে সমাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে ঘটনা সংঘটিত হয়। ইয়াৰ বাবে বহুলোকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে। তেনে এক ঘটনা ২০১৮ বৰ্ষৰ ৮ জুনত সংঘটিত হৈছিল। দুজন যুৱক ওলাই গৈছিল প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। নাম নীলোৎপল আৰু অভিজিৎ। দুয়ো আছিল অভিন্ন বন্ধু। এইখন অসমৰে ডকমকাৰ কাংথিলাংছ' জলপ্ৰপাতৰ সৌন্দৰ্য পাণ কৰি দুয়ো উভতি আহিছিল। তাৰ পাছতেই ঘটি গৈছিল অঘটন। পাহাৰীয়া জিলাখনত একাংশ নৰপিশাচে অতি নিৰ্মম ভাবে হত্যা কৰিছিল দুই যুৱকক।

ঘটনা সংঘটিত হোৱা কেইদিনমান পূবৰে পৰা সোপাধৰাক লৈ প্ৰচাৰ হৈছিল অন্ধবিশ্বাসৰ খবৰ। যাৰ বাবে সোপাধৰাৰ সন্দেহ কৰি যুৱকেইজনক একাংশ নৰদস্যুৱে হত্যা কৰা বুলি জানিবলৈ পোৱা গৈছিল। এয়াই বৰ্তমান সঁচা। যদি ফেচবুকত ভাল খবৰ বিয়পে সকলো লোকে তাৰ পৰা লাভবান হয়। যদি বেয়া খবৰ বিয়পে সেই বেয়া খবৰে এখন সমাজ ধ্বংস কৰি দিব পাৰে। তাতোকৈ ডাঙৰ কথা যে, অসম তথা ভাৰতবৰ্ষৰ প্ৰেক্ষাটতত লাভ জেহাদো ফেচবুকৰ মাধ্যমতো হোৱা দেখা যায়। বিশেষকৈ কোনো অন্য ধৰ্মৰ লোকে নিজকে আন ধৰ্মৰ বুলি বা আন নামেৰে পৰিচয় দি সংঘটিত কৰিছে কিছু অপৰাধমূলক কাম।

পূৰ্বে ফেচবুক বা ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন হৈছিল কম্পিউটাৰ। যাৰ বাবে সকলো লোকে সেয়া ব্যৱহাৰ কৰিব পৰা নাছিল। সকলো লোকৰ বাবে সহজলভ্য নাছিল ফেচবুক বা ছ'চিয়েল মিডিয়া। বিজ্ঞানৰ দ্ৰুত প্ৰসাৰৰ লগে লগে প্ৰতিজন লোকৰ হাতে হাতে মোবাইল হৈছে। শিক্ষিত-অশিক্ষিত, নিৰক্ষৰ বা কোনো বয়সৰ সীমা নাই। প্ৰতিজন লোকেই ব্যৱহাৰ কৰিব পাৰে মোবাইল। নিজ ইচ্চামতে কোনো লোকে খুলিব পাৰে ছ'চিয়েল মিডিয়া ফেচবুক। তাতোকৈ বেয়া কথা যে, ছ'চিয়েল মিডিয়াত নাথাকে কোনো সম্পাদনাৰ ব্যৱস্থা। কোনো লোকে নিজৰ মনৰ কথা লিখাৰ লগতে আৱেগৰ বশৱৰ্তী হৈ লিখা কোনো কথাই সমাজৰ লোকচান কৰিব পাৰে।

ফেচবুকত নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ বহুলোকে যৌনতাৰ দৰে কিছু কাৰ্য ৰাজহুৱা কৰে। যাৰ দ্বাৰা কোনো লোক বিপদত পৰিব পাৰে। বয়সৰ সীমা নথকাৰ বাবে কোনো কম বয়সীয়া লৰা-ছোৱালীয়ে এনে বস্তুৰ সংস্পৰ্শলৈ আহি বেয়া কিছু কথা শিকিব পাৰে। তাৰোপৰি ভাইৰাছৰ আক্ৰমণ, অনলাইন ব্যৱসায়ৰ নামত প্ৰৱঞ্চকৰ জাল, ভুল তথ্য বিয়পাই ৰাইজক বিপথে পৰিচালিত কৰা ইত্যাদি ঘটনাও ফেচবুকতে সংঘটিত হোৱা দেখা যায়। দৈনিক এনে শ শ গোচৰ আৰক্ষী থানাত ৰুজু হয়। অতি আধুনিকতাৰ বাবে বহুসময়ত ফেচবুকতে সকলো লাভ কৰি বহুলোকে নিজৰ সৃষ্টিশীলতা হেৰুৱাৰো অভিযোগ উঠে। একো একোজন এনে লোকো থাকে যি নিম্ন ৰুচিবোধৰ কাম কৰি তৃপ্তি লাভ কৰে। তাৰোপৰি অতিপাত ফেচবুক ব্যৱহাৰ কৰাৰ বাবে কেতিয়াবা কোনো লোকৰ বাবে ফেচবুক এক নিচাৰ দৰে হৈ পৰে। ই এক ৰোগতো পৰিণত হয়। ৰোগৰ কথা ক'লে মানসিক অৱস্থাৰ লগতে দৃষ্টিশক্তিৰ কথাও ক'ব পাৰি। কিছুক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ কুপ্ৰভাৱ আছে যদিও বেছিভাগ ক্ষেত্ৰতে আছে ছ'চিয়েল মিডিয়াৰ ইতিবাচক প্ৰভাৱ।

বৰ্তমান ফেচবুকৰ মাহেলী ২.৩৮ বিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰী আছে। ২০১২ চনত এই পৰিমাণ আছিল প্ৰায় ১ বিলিয়ন। ২০০৪ চনত ফেচবুকৰ জন্ম হৈছিল। সক্ৰিয় ব্যৱহাৰকাৰীলৈ চাই বৰ্তমান সময়ত আটাইতকৈ বেছি লোকে ব্যৱহাৰ কৰা ছ'চিয়েল মিডিয়া হৈছে ফেচবুক। ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে ইন্টাৰনেটৰ জৰিয়তে প্ৰচলন কৰিছিল ফেচবুকৰ।

অতিপাত ফেচবুক ব্যৱহাৰ কৰিলে কোনো লোকৰ স্মৃতিশক্তি হ্ৰাস পাবও পাৰে। কোনো কথাৰ প্ৰতি হ্ৰাস পাব পাৰে মনোযোগ। কিন্তু বৰ্তমান সময়ত সময়ৰ সৈতে আগবাঢ়ি অতি কম দিনতে কোনো এটা কাম কৰিবৰ বাবে ইন্টাৰনেটে আমাক সহায় কৰে। ফেচবুকে আমাক দিছে ব্যৱসায়ৰো সুবিধা। সেয়া দেখা যায় অসমৰ লগতে দেশৰ বিভিন্ন সংবাদমাধ্যমে লোৱা ফেচবুকৰ সহায়। ফেচবুকৰ জৰিয়তে কোনো এটা অনুষ্ঠান প্ৰচাৰ কৰাৰ বাবে সাধাৰণ লোকৰ লগতে সংবাদ মাধ্যমেও লয় সহায়। ডিজিটেল সংবাদ মাধ্যম এইক্ষেত্ৰত অন্যতম।

চপা মাধ্যমত দিয়া বিজ্ঞাপন হেৰাই যোৱাৰ ভয় থাকে কিন্তু ফেচবুক বা ছ'চিয়েল মিডিয়াত কোনো এটা বস্তু বা বিজ্ঞাপন দূৰ দিগন্তলৈ প্ৰবাহ হোৱাৰ লগতে গোটেই জীৱনৰ বাবে থাকি যায়। পিছে এইক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰিলে সফল হোৱাটো অসম্ভৱ। কিয়নো ফেচবুকত আছে মাত্ৰা ব্যৱসায়ৰ সৈতে জড়িত প্ৰায় ৬০ মিলিয়ন ব্যৱসায়িক পোজ আৰু ৪ মিলিয়ন বিজ্ঞাপনৰ পেজ। তাৰোপৰি লক্ষ্য দৰ্শকো ফেচবুকত সীমাবদ্ধ। কিয়নো একেসকল লোকেই ব্যৱহাৰ কৰে ফেচবুক। তেওঁলোকৰ বাবে উপলদ্ধ হয় সকলো পেজ অথবা গ্ৰুপৰ বিজ্ঞাপন।

সহজৰ পৰা সহজলৈ যোৱা মানুহৰ প্ৰৱণতাই হৈছে সভ্যতা। সভ্যতা হৈছে সৰলতাৰ পৰা অধিক সৰলতালৈ যোৱা এক প্ৰক্ৰিয়া। পিছে এই প্ৰক্ৰিয়া বহুলোকে মানি ল'ব নোখোজে। বৰ্তমান সমাজত বাস কৰা বহুলোকে নিজে থিতাপি লোৱা স্থানসমূহকে নিৰাপদ বুলি ভাৱি নতুন এটা ধাৰণাৰ প্ৰতি পিঠি দিয়া দেখিবলৈ পোৱা যায়। যাৰ বাবে সমাজলৈ অহা পৰিৱৰ্তন অথবা সৰলতাক আন এক দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে এইসকল লোকে। লোকসকলে প্ৰচাৰ কৰে যে নতুন সভ্যতাটোৱে সমাজ ধ্বংস কৰিব। অৱশ্যে এইসকল লোকৰ সংখ্যা নগণ্য হোৱাৰ বাবে এটা সময়ত তেওঁলোকৰ মনৰ ভাৱো সলনি হোৱা দেখা যায়। ডিজিটেল মাধ্যমৰ সহায় লৈ কোনো লেখা ফেচবুকত প্ৰকাশ কৰি কোনো লোক হৈ পৰিব পাৰে সকলোৰে বাবে চিনাকী। সেই একেজন লোকে বেয়া খবৰ বিয়পাই সোমাব পাৰে ৰঙাঘৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in