গুৱাহাটীৰ ক্লাৱত সদৌ অসম আইন ছাত্ৰ সন্থাৰ ‘নাগৰিক সমাজৰ সৈতে অৱস্থান’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী…

গুৱাহাটীৰ ক্লাৱত সদৌ অসম আইন ছাত্ৰ সন্থাৰ ‘নাগৰিক সমাজৰ সৈতে অৱস্থান’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী…

ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ পহিলা দিনটোতে বহু বিৰ্তকিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত সাব্যস্ত কৰা হ'ল তীব্ৰ প্ৰতিবাদ। সমান্তৰালভাৱে বুধবাৰৰ দিনটোত সদৌ অসম আইন ছাত্ৰ সন্থাৰ আহ্বানত গুৱাহাটীৰ ক্লাৱৰ ৰটাৰী পইন্টত 'নাগৰিক সমাজৰ সৈতে অৱস্থান' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

কা বিৰোধী এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে ৰাজ্যৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ সমাজে। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা আৰু ছাত্ৰ সমাজ, বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, বিষ্ণুৰাম মেধি আইন মহাবিদ্যালয় আৰু দিছপুৰ আইন মহাবিদ্যালৰ ছাত্ৰ সমাজে সহযোগ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ২ শতাধিকৰো অধিক লোক।

ৰাজ্যত কা বিৰোধী আন্দোলনত নেতৃত্ব লোৱা বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁইৰ লগতে অসমৰ সাংস্কৃতিক-সাহিত্য জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই প্ৰতিবাদী কাৰ্যসূচীত। বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁইয়ে কা বিৰোধী আন্দোলনৰ সমান্তৰালভাৱে অসমত এক অৰ্থনৈতিক আন্দোলন গঢ়ি তোলাৰো পোষকতা কৰে। প্ৰতিবাদস্থলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু মীৰা বৰঠাকুৰে উদাত্ত ভাষণ দাঙি ধৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in