ডিজিটেল ডেস্ক : কটন বিশ্ববিদ্যালয়ত মানসিক স্বাস্থ্য আৰু সুস্থ ব্যক্তিত্ব সম্পৰ্কীয় ১০০ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ চি বি চি কেন্দ্ৰৰ উদ্যোগত ১৫ আগষ্টত এই অনলাইন বক্তৃতানুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।
জানিব পৰা মতে মানসিক স্বাস্থ্য আৰু সুস্থ ব্যক্তিত্ব সন্দৰ্ভত চিৰিজ হিচাপত মুঠ ১০০ ঘণ্টীয়া আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব। প্ৰায়েই ভাৰতীয় দৰ্শন আৰু সংস্কৃতি আদিৰ সম্পৰ্কত বক্তৃতা প্ৰদান কৰা তথা সাহিত্য অকাডেমী বঁটাৰে সন্মানিত দিগন্ত বিশ্ব শৰ্মাই এই আলোচনা চক্ৰখনিত বিশেষভাৱে আগভাগ লৈছে ।
আনহাতে সু-বক্তা দিগন্ত বিশ্ব শৰ্মা এই বক্তৃতানুষ্ঠানৰ সমল ব্যক্তি হিচাপে নিয়োজিত হৈ আছে। ইতিমধ্যে ১৫ আগষ্টৰ পৰা অনলাইন মাধ্যমত আৰম্ভ হোৱা শীৰ্ষক আলোচনা চক্ৰখনিত ভাগ লোৱা ব্যক্তিসকলৰ সন্মুখত দিগন্ত বিশ্ব শৰ্মাই মানসিক স্বাস্থ্যৰ গুৰুত্ব সন্দৰ্ভত বিশ্লেষণাত্মক বক্তৃতা প্ৰদান কৰে।
বিশেষকৈ একাংশৰ মাজত বৃদ্ধি পোৱা আত্মহত্যাৰ প্ৰৱণতা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়ায়। মানসিক স্থিতিস্থাপকতা,সন্তুলনৰ দ্বাৰা মানুহে আভ্যন্তৰীণ সম্প্ৰীতিৰ স্থিতিৰ দিশত পথ প্ৰদৰ্শন কৰিব বুলি শৰ্মাই উদ্বোধনী ভাষণত উল্লেখ কৰে।
১০০ ঘণ্টীয়া চিৰিজটোৰ প্ৰথম ভাগত কটন বিশ্ববিদ্যালয়ৰ চি বি চি কেন্দ্ৰ সঞ্চালক ড০ সংগীতা বৰঠাকুৰে বিষয় সন্দৰ্ভত কয় যে, আলোচনাৰ বিষয়বস্তুৰ মূল উদ্দেশ্য হৈছে আমাৰ ভিতৰৰ শক্তি আৰু সম্ভাৱ্য সুপ্ততাৰ বিষয়ে নিজকে সজাগ কৰা। যাতে ব্যক্তিত্বৰ আত্ম নিপুণতা আৰু নিখুঁততাৰ ফলত মানুহে এক সুন্দৰ মানসিক স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে।
বৰ্তমানলৈকে এই আলোচনা চক্ৰত বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ৩৫০ৰো অধিক ব্যক্তিয়ে অংশগ্ৰণ কৰিছে। ইয়াৰ ভিতৰত আছে বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য,সঞ্চালক,অসমৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক, শিক্ষাৰ্থী, চিকিৎসক, অধিবক্তা আদি।
Also Read: হেমন্ত কুমাৰ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত বক্তৃতানুষ্ঠান