ভাষা-সাহিত্য-সংস্কৃতিৰ পীঠস্থানত পৰিণত অসম গ্ৰন্থমেলাঃ ১১ গৰাকী প্ৰকাশক-বিক্ৰেতাক সম্বৰ্ধনা

ভাষা-সাহিত্য-সংস্কৃতিৰ পীঠস্থানত পৰিণত অসম গ্ৰন্থমেলাঃ ১১ গৰাকী প্ৰকাশক-বিক্ৰেতাক সম্বৰ্ধনা
ভাষা-সাহিত্য-সংস্কৃতিৰ পীঠস্থানত পৰিণত অসম গ্ৰন্থমেলাঃ ১১ গৰাকী প্ৰকাশক-বিক্ৰেতাক সম্বৰ্ধনা
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ আজি পঞ্চম দিনাও উৎসাহী গ্ৰন্থপ্ৰেমীৰ সমাগম, সাহিত্য ৰসিকৰ আড্ডা-আলোচনা, প্ৰকাশক সন্মিলন আদি বিভিন্ন মনোজ্ঞ কাৰ্যসূচীয়ে উমাল কৰি তোলে অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা গ্ৰন্থমেলা কাৰ্যতঃ ভাষা-সাহিত্য-সংস্কৃতিৰ পীঠস্থানলৈ ৰূপান্তৰিত হৈছে ৷

বিপণীত পঢ়ুৱৈৰ উপস্থিতিয়ে প্ৰকাশন গোষ্ঠীসমূহকো বাৰুকৈয়ে উৎসাহিত কৰা পৰিলক্ষিত হৈছে ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত ১ কোটি ১৫ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে ৷

ইপিনে আজি বিয়লি ২ বজাত গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত “সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা”ই আয়োজন কৰে “প্ৰকাশক সন্মিলন আৰু সম্বৰ্ধনা” অনুষ্ঠান ৷ ইয়াত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে ৰাজস্থানৰ জয়পুৰস্থিত বাল সাহিত্য অকাডেমিৰ সচিব ৰাজেন্দ্ৰ মোহন শৰ্মাই ৷

তেওঁ ভাষণত কয় যে, গ্ৰন্থ যিদৰে লেখকৰ শ্ৰম আৰু মেধাৰ ফচল, ঠিক সেইদৰে প্ৰকাশকসকলৰো শ্ৰম আৰু অৰ্থ ইয়াত অপৰিহাৰ্য ৷ কিতাপৰ মহত্ত্বপূৰ্ণ জগতখনক প্ৰকাশকসকলেই জীয়াই ৰাখিছে ৷ সভ্যতাৰ গতিত কিতাপৰ বিকল্প নাই ৷ কিতাপৰ সুগন্ধিয়ে যি আনন্দ দিয়ে অন্যই নোৱাৰে ৷ বৰ্তমান এনে কিতাপৰ প্ৰয়োজন হৈছে যাৰ দ্বাৰা শিশুসকলৰ সাংস্কৃতিক মন নিৰ্মাণ কৰিব পৰা যায় ৷ ল’ৰা-ছোৱালীক সদায় গ্ৰন্থ উপহাৰ দিয়া উচিত ৷ ইয়াৰ ফলত ৰাষ্ট্ৰৰ ভৱিষ্যৎ সুন্দৰ হ’ব ৷ অসম গ্ৰন্থমেলাৰ পৰিৱেশ দেখি অভিভূত হৈ পৰিছোঁ ৷ এখন ৰাজ্যত চুকেকোণে গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ চৰকাৰী পদক্ষেপ আদৰণীয় আৰু আশাব্যঞ্জক ৷

ইয়াত সন্মানীয় অতিথিৰূপে অংশ লয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , বিশিষ্ট সাহিত্যিক কনকসেন ডেকাই ৷ তেওঁ ভাষণত কয়—“গ্ৰন্থ সভ্যতাৰ মজ্জা ৷ গ্ৰন্থই সভ্যতাক তৰান্বিত কৰিছে ৷ এতিয়া ইন্টাৰনেটৰ যুগতো গ্ৰন্থৰ জনপ্ৰিয়তা অব্যাহত আছে ৷ আমেৰিকাৰ দৰে প্ৰযুক্তি নিৰ্ভৰ উন্নত দেশতো কিতাপৰ জনপ্ৰিয়তা আগতকৈ বাঢ়িছে ৷ কলকতাৰ গ্ৰন্থমেলাত এসময়ত সম্ভ্ৰান্ত ঘৰৰ লোকে গ্ৰন্থ ক্ৰয় কৰিবলৈ ভাৰী লৈ অহা দেখিছিলোঁ ৷ এতিয়াও গ্ৰন্থৰ সমাদৰ অক্ষুণ্ণ আছে , সদায়ে থাকিব ৷ এইক্ষেত্ৰত প্ৰকাশকসকলৰ ভূমিকা অনস্বীকাৰ্য ৷ আজি ইয়াত প্ৰকাশকসকলক সম্বৰ্ধনা জ্ঞাপন কৰাটো অতি আনন্দদায়ক ৷ এই মূহূৰ্ত সদায়ে স্মৰণীয় হৈ ৰ’ব ৷”

অনুষ্ঠানটিত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি ক্ৰমে নবীন বৰুৱা, ইমাৰণ আহমেদ, অজিত কুমাৰ বৰ্মনে ৷

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মাই আদৰণি ভাষণ দিয়া গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ৷ সম্বৰ্ধিত প্ৰকাশকসকল হৈছে জ্যোতিপদ দেৱ চৌধুৰী (বাণী প্ৰকাশ), জ্যোতিন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা (দত্ত বৰুৱা এণ্ড কোঃ), কৌস্তভ কুমাৰ গুহ (অসম বুক ডিপো), শ্ৰীকান্ত ভৰালী (সুৰভি সাহিত্য কুটীৰ, ডিব্ৰুগড়), মাখনলাল বাঢ়ৈ (গ্ৰন্থ বিক্ৰেতা, খুমটাই), বিমল চন্দ্ৰ দেৱ (এম বি ডি), অনিতা ভট্টাচাৰ্য (গ্ৰন্থ বিক্ৰেতা), ভূপাল তলুকদাৰ (লক্ষী বুক ষ্টল), সুধাংশু সিন্‌হা (ৰাজকুমাৰ বুক ষ্টল), বিকাশ দত্ত (গ্ৰন্থ বিক্ৰেতা), কেশৱ মল্লিক(ষ্টুণ্ডেন্টছ লাইব্ৰেৰী, ধুবুৰী ) ৷

তেওঁলোকক ফুলাম গামোছা, এৰি চাদৰ , কিতাপৰ টোপোলাৰে আদৰণি জনোৱাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয় ৷ সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতাত যোগদান কৰে নৰ্থ ইষ্ট পাব্লিক স্কুল, কাহিলীপাৰা, প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়, গীতানগৰ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে ৷

ভাষা-সাহিত্য-সংস্কৃতিৰ পীঠস্থানত পৰিণত অসম গ্ৰন্থমেলাঃ ১১ গৰাকী প্ৰকাশক-বিক্ৰেতাক সম্বৰ্ধনা
অল আছাম ডিজিটেল মিডিয়া এচ’ছিয়েছন গঠনঃ ফেব্ৰুৱাৰীত ৰাজ্যিক অভিৱৰ্তন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in