ডিজিটেল সংবাদ,মালিগাঁও : ৰাজ্য চৰকাৰৰ দ্বাৰা অনুষ্ঠিতব্য আগন্তুক প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (এ ডি আৰ ই)ৰ বাবে পুনৰ উত্তৰ- পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এক পদক্ষেপ। উল্লেখযোগ্য যে যোৱা ১৫ আৰু ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা প্ৰত্যক্ষ নিযুক্তিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই পৰীক্ষাৰ্থীসকল অহা - যোৱাৰ সুবিধাৰ বাবে ১২ খন বিশেষ পৰীক্ষা ৰে'লৰ ব্যৱস্থা কৰিছিল।
একেদৰে পুনৰ অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলৰ অহা - যোৱাৰ সুবিধাৰ বাবে ৫ খন বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। এই বিশেষ ৰে'লসমূহৰ চলাচল পৰীক্ষাৰ আগদিনা ২৬ অক্টোবৰৰ পৰা আৰম্ভ হ'ব।
উত্তৰ- পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে ৰে'লৰ সূচী অনুসৰি চলাচল কৰিবলগীয়া বিশেষ ৰে'লকেইখন হ'ল- ক্ৰমে - ০৫১০১/০৫১০২ কৰিমগঞ্জ - শিলচৰ - কৰিমগঞ্জ, ০৫১১৯/০৫১২০ মৰিয়নি - নাৰেংগী - মৰিয়নি, ০৫১৩৯/০৫১৪০ হয়বৰগাঁও - গুৱাহাটী - হয়বৰগাঁও, ০৫৪৫৬/০৫৪৫৭ আলিপুৰদুৱাৰ - কামাখ্যা - আলিপুৰদুৱাৰ আৰু ০৫৭৭৯/০৫৬৮০ জামিৰা - শিলচৰ - জামিৰা ।
ইতিমধ্যে পৰীক্ষাৰ্থীসকলে নিজৰ নিকটৱৰ্তী ৰে'ল ষ্টেচনত খবৰ কৰিলে যাত্ৰাৰ বিতং সময়সূচী জানিব পাৰিব বুলি ৰে'ল কৰ্তৃপক্ষই জানিবলৈ দিছে।
Also Read: এটা - দুটা নহয়, আছুৰ দখলত ৯টা পদ : বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ফলাফল ঘোষণা