USTM ৰ ৬২ বিদ্যাৰ্থী জিলিকিল UGC-NET ত: বিশ্ববিদ্যালয়ে ঘূৰাই দিব মাচুুল...

পেবেক নীতৰ জৰিয়তে ইউ এছ টি এমে সকলো কৃতকাৰ্য্য ছাত্ৰ-ছাত্ৰীক ঘূৰাই দিব সম্পূৰ্ণ মাচুল
USTM ৰ ৬২ বিদ্যাৰ্থী জিলিকিল UGC-NET ত: বিশ্ববিদ্যালয়ে ঘূৰাই দিব মাচুুল...
USTM ৰ ৬২ বিদ্যাৰ্থী জিলিকিল UGC-NET ত: বিশ্ববিদ্যালয়ে ঘূৰাই দিব মাচুুল...
Published on
Updated on

ডিজিটেল সংবাদ, ৰিভয়ঃ ইউ এছ টি এম বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পাৰদৰ্শিতা অব্যাহত ৰাখিছে। বিশ্ববিদ্যালয়খনৰ অনন্য পেবেক নীতিয়ে কাৰ্যতঃ ছাত্ৰ-ছাত্ৰীসকলক উজ্জ্বল ফলাফলৰ ক্ষেত্ৰত অনুপ্ৰানিত কৰিছে।বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে সমগ্ৰ পাঠ্যক্ৰমৰ সম্পূৰ্ণ মাচুল ঘূৰাই দিয়া হয়।

২০২৪ চনৰ জুন মাহত অনুষ্ঠিত হোৱা পৰীক্ষাৰ এই সপ্তাহত ঘোষণা কৰা ফলাফল অনুসৰি বিশ্ববিদ্যালয়খনৰ পৰা ৬২ জন ছাত্ৰ-ছাত্ৰীয়ে UGC আৰু CSIR NET তথা JRF ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈছে। উল্লেখযোগ্য, শেহতীয়াকৈ ৩৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই সন্মানীয় পৰীক্ষাত ইউ এছ টি এমৰ পৰা উত্তীৰ্ণ হৈছে।

এই সন্দৰ্ভত ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে কয়, “ইউ এছ টি এম ইয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্প্ৰসাৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে, যাতে ছাত্ৰ-ছাত্ৰীসকলে কেৱল ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাই নহয়, নিজৰ অধ্যয়নৰ ক্ষেত্ৰতো আগশাৰীত থাকে”।

তেওঁ কয় যে বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তুলিবলৈ এনেদৰে অনুপ্ৰাণিত কৰিছে।ইউ এছ টি এম এইক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ যে কোনো মেধাৱী ছাত্ৰই কেৱল আৰ্থিক অক্ষমতাৰ বাবেই যেন উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব নালাগে।

ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনাই ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই কয়, “ইউ এছ টি এমৰ প্ৰশিক্ষণ কাৰ্যসূচী শৈক্ষিক দিশৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক অন্যান্য সকলো দিশৰ বাবে সুপ্ৰস্তুত কৰি তুলিবলৈ লোৱা হৈছে।” আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাই প্ৰমাণ কৰিলে যে আমাৰ বিনামূলীয়া প্ৰশিক্ষণ ব্যৱস্থা যথেষ্ট দক্ষ আৰু কাৰ্যকৰী। 

ইউনিভাৰ্চিটি নেটফ’ৰামৰ সঞ্চালক ড০ তৃষ্ণা ঠাকুৰিয়াই কয় যে ইতিমধ্যে ইউ এছ টি এমে পেবেক পলিচিৰ অধীনত ছাত্ৰ-ছাত্ৰীক ১.৩ কোটি টকা ঘূৰাই দিছে। “ছাত্ৰ-ছাত্ৰী সকলক নেট, গেট, স্লেট, আই এ এছ, বা ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰা আন যিকোনো শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত যোগ্যতা অৰ্জন কৰিবলৈ উৎসাহিত কৰিবলৈ ইউ এছ টি এম-এ পেবেক নীতি প্ৰৱৰ্তন কৰিছে য’ত বিশ্ববিদ্যালয়ৰ এই সন্মানীয় পৰীক্ষা সমূহৰ বাবে যোগ্যতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মাচুল ঘূৰাই পাব।

আমাৰ নেট ফ’ৰামে ইউ জি চি নেট পৰীক্ষাৰ বিশেষ প্ৰস্তুতিৰ বাবে প্ৰতিদিনে বিয়লি ৪:৩০ বজাৰ পিছত নিয়মীয়া ক্লাছ অনুষ্ঠিত কৰে”, তেঁও লগতে কয়।

ইয়াৰ আউটৰিচ মিছনৰ অংশ হিচাপে ইউ এছ টি এমৰ চেণ্টাৰ ফৰ কম্পিটিটিভ এক্সামৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ বাবে কচিং আগবঢ়োৱা হয়। নেট-ফ’ৰাম এই চেণ্টাৰ ফৰ কম্পিটিটিভ এগজামিনেচনৰ এক অবিচ্ছেদ্য উপাদান আৰু ই ২০১৭ চনৰ পৰা সফলতাৰে কাম কৰি আহিছে।

USTM ৰ ৬২ বিদ্যাৰ্থী জিলিকিল UGC-NET ত: বিশ্ববিদ্যালয়ে ঘূৰাই দিব মাচুুল...
উদ্বেগজনকঃ বিশ্বৰ ১১০কোটি দৰিদ্ৰৰ ২৫কোটিয়েই ভাৰতৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in