গুৱাহাটীৰ দোকানে দোকানে অৰা নেমু, জলকীয়াৰ মালাক লৈ কোটি টকীয়া বেহাৰ চিণ্ডিকেট...

গুৱাহাটীৰ দোকানে দোকানে অৰা নেমু, জলকীয়াৰ মালাক লৈ কোটি টকীয়া বেহাৰ চিণ্ডিকেট...
Published on
Updated on

ডিজিটেল ডেস্কঃ বজাৰলৈ গলে প্ৰতিখন দোকানৰ সন্মুখ ভাগতে গ্ৰাহকে প্ৰত্যক্ষ কৰে এডাল বিশেষ মালা। এই মালা ডালত থাকে নেমু, জলকীয়া আদি । মালাডাল প্ৰতিদিনেই প্ৰতিখন দোকানলৈ গৈ ধনৰ বিনিময়ত দি আহে পূজাৰীসকলে। যাৰ বাবদ দৈনিক স্বত্বাধিকাৰীসকলে পূজাৰীক প্ৰদান কৰে নিৰ্দিষ্ট পৰিমাণৰ ধন।

মহানগৰীস্থিত বিভিন্ন দোকানত এই দৃশ্য এতিকৈ সুলভ । অকল জু ৰোড, গণেশগুৰিৰ উপৰিও মহানগৰীৰ বিভিন্ন স্থানত পূজাৰীসকলে এই মালা, ফুট প্ৰদান কৰা দৃশ্য তেনেই সুলভ । ৰীতি-নীতিৰ দোহাই দি প্ৰতিদিনেই চলাই আহিছে একাংশই এই ৰমৰমীয়া ব্যৱসায় ।

এইদৰে প্ৰতিজন পূজাৰীয়ে দৈনিক মালা, ফুট, ফুল প্ৰদানৰ নামত প্ৰতিমাহে প্ৰতিজন পূজাৰীয়ে সংগ্ৰহ কৰে হাজাৰ হাজাৰ ধন । সমগ্ৰ মহানগৰীত প্ৰায় ৪৫ হাজাৰ দোকান আছে । ৪৫ হাজাৰ দোকানৰ পৰা এদিনতে গড়ে ২০ টকাকৈ যদি ধৰা হয় তেনেহ'লে সংগ্ৰহ হয় ৯ লাখ টকাকৈ । এইদৰেই এটা চক্ৰই মহানগৰীৰ বিভিন্ন স্থানত বছৰ বছৰ ধৰি চলাই আছে ৰমৰমীয়া ব্যৱসায় । এই বেহাৰ বাবে ব্যৱহাৰ কৰা নেমু , জলকীয়া আহে কেইবাখনো বহিঃ ৰাজ্যৰ পৰা ।

পূজাৰীৰ এই কৰ্মক অনুমতি প্ৰদান কৰি আহিছে দোকানসমূহৰ মালিকপক্ষইও । এই কাৰ্যক বহু লোকে বিজ্ঞানিক ভিত্তি থকা বুলিও ক'ব খুজে। সেইসকলৰ মতে এই নেমু আৰু জলকীয়া আঁৰি থোৱাৰ ফলত ইয়াৰ তীব্ৰ গোন্ধে কীট-প্ৰতংগক প্ৰতিৰোধ কৰাত সহায় কৰে ।

নেমু জলকীয়া আঁৰি থোৱাৰ যুক্তি যিয়েই নিদিও কিয় এই কাৰ্যক বহুতেই অন্ধ বিশ্বাস বলি ক'ব খুজে । কিয়নো পূজাৰীসকলে প্ৰদান কৰা নেমু বোৰ প্ৰকৃততে পেলাই দিব লগীয়া, খাদ্যৰ বাবে ব্যৱহাৰৰ অযোগ্য আৰু শুকান জলকীয়াসমূহ আঁৰি দিয়া পৰিলক্ষিত হয় । যাৰ বাবে একাংশই এনে কাৰ্যক অন্ধ বিশ্বাস বুলিহে অভিহিত কৰিছে ।

গুৱাহাটীৰ দোকানে দোকানে অৰা নেমু, জলকীয়াৰ মালাক লৈ কোটি টকীয়া বেহাৰ চিণ্ডিকেট...
নগাঁৱৰ বিহুৱা-বিহুৱতীক মন্ত্ৰী পীযুষৰ মানপত্ৰ আৰু মাননি প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in