বিৰুবাৰীৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত আহত এগৰাকি মহিলাৰ GMCH ত মৃত্যু...

১৭ জুলাইত সংঘটিত হৈছিল এই বিস্ফোৰণ
বিৰুবাৰীৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত আহত এগৰাকি মহিলাৰ GMCH ত মৃত্যু...
বিৰুবাৰীৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত আহত এগৰাকি মহিলাৰ GMCH ত মৃত্যু...
Published on
Updated on

ডিজিটেল ডেস্কঃ যোৱা ১৭ জুলাইত গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত সংঘটিত হোৱা ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱা এগৰাকী মহিলাৰ গুৱাহাটি চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছে। নিহত মহিলাগৰাকীৰ নাম ৰিংকী তিৱাৰী।

ইফালে এই ঘটনাত আহত হোৱা ৰিংকী তিৱাৰীৰ ৬ বছৰীয়া কন্যা সন্তানটিও এতিয়াও জি এম চি এইছতে চিকিৎসাধীন হৈ আছে। মহিলাগৰাীৰ মৃত্যুৰ সন্দৰ্ভত জি এম চি এইছৰ অধ্যক্ষ ড০ অভিজিৎ শৰ্মাই কয়, ৰিংকী তিৱাৰী নামৰ ২৫ বছৰীয়া মহিলাগৰাকী ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত ৬০ ৰ পৰা ৬৫ শতাংশ অগ্নিগদ্ধ অৱস্থাত আহিছিল। নিশা তেওঁৰ ১২-৩০ বজাত মৃত্যু হৈছে।

তেওঁ কয়,'কেমিকেল বাৰ্ন'ৰ ফলত হোৱা আঘাতৰ পাছত ৰোগীগৰাকী সুস্থিৰ হৈ আছে নে নাই সেই সন্দৰ্ভত ক'বলৈ বহু অসুবিধা হয়। মই এই মহিলাগৰাকীৰ আত্মীয়সকলকো কৈছিলোঁ যে মহিলাগৰাকী সুস্থিৰ হৈ আছে কিন্তু বিপদৰ পৰা মুক্ত নহয়। মঙ্গলবাৰে দিনটোত তেওঁক যিখিনি দৰৱ দিব লাগে সেইখিনি দিয়াৰ পিছত তেওঁ সুস্থিৰ হৈ আছিল যদিও নিশা অৱস্থা অধিক বেয়া হৈ পৰে আৰু সুস্থিৰ অৱস্থালৈ ঘূৰি নাহে।

উল্লেখ্য যে, ১৭ জুলাইৰ বিয়লি প্ৰায় ৩ বজাত বিৰুবাৰী আৰক্ষী চকীৰ সমীপৰ হাউচ নং ৪৭ ৰ চৌহদত থকা এটা ব্যক্তিগত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত শিশুসহ মুঠ ৪ জন লোক গুৰুতৰ ভাৱে আহত হৈছিল। ছয় গাঁৱৰ গৰৈমাৰীৰ পৰা গুৱাহাটীলৈ ফুৰিবলৈ অহা এটা পৰিয়ালে স্ব-গৃহলৈ ঘূৰি যাবলৈ গাড়ীত উঠিবলৈ লোৱাৰ সময়তে এই বিস্ফোৰণ হৈছিল আৰু শিশুসহ চাৰিওজন আহত হয়।

ইয়াৰ পিছতে তেওঁলোকক ততাতৈয়াকৈ জি এম চি এইছলৈ লৈ যোৱা হৈছিল যদিও শিশুটিৰ লগতে তেওঁৰ মাতৃ ৰিংকী তিৱাৰীৰ অৱস্থা গুৰুতৰ বুলি চিকিৎসকে জানিবলৈ দিছিল। ইয়াৰে ৰিংকী তিৱাৰীয়ে নিশা ১২-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে।

বিৰুবাৰীৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত আহত এগৰাকি মহিলাৰ GMCH ত মৃত্যু...
পেৰিছ অলিম্পিকত উপস্থিত লাভলীনাঃ ৩১ জুলাইত নামিব ৰিঙত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in