প্রাথমিক টেট শিক্ষক সমাজৰ প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আম আদমি পাৰ্টি,অসমৰ

প্রাথমিক টেট শিক্ষক সমাজৰ প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আম আদমি পাৰ্টি,অসমৰ
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটী : ঠিকাভিত্তিত কর্মৰত শিক্ষকৰ বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ প্রতিশ্রুতিৰে ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰে প্ৰাপ্য দৰমহা মুকলি, চাকৰি নিয়মীয়াকৰণ কৰা আদি বিভিন্ন দাবীৰে মহানগৰীৰ চচলত তিনিদিনিয়াকৈ চলি থকা অৱস্থান ধর্মঘট কার্যসূচীলৈ পূর্ণ সমর্থন আগবঢ়াইছে আম আদমি পার্টীয়ে। বৃহস্পতিবাৰে দলটোৰ সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক চৌধুৰীৰ নেতৃত্বত এটা সঁজাতি দলে প্রতিবাদী কার্যসূচী ভাগ লৈ তেওঁলোকৰ সকলো দাবী পূৰ কৰিবলৈ চৰকাৰক দাবী জনায়।

প্রাথমিক টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকসকলে মাহৰ প্রাপ্য দৰমহাকেইটাৰ বাবেও হাহাকাৰ কৰিবলৈ হোৱাটো অতি লজ্জাজনক লগতে এইয়া শিক্ষক সকলৰ প্রতি কল্যাণকামী চৰকাৰ এখনৰ কেনেধৰণৰ ন্যায় বুলিও প্রাক্তন বিধায়ক তথা আপৰ সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক চৌধুৰীয়ে প্রশ্ন উত্থাপন কৰে। উল্লেখ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই যোৱা স্বাধীনতা দিৱসৰ ত্রিৰংগ পতাকাৰ তলত ৰাজ্যবাসীলৈ কৰা সম্বোধনত সর্বশিক্ষা অভিযানৰ অন্তৰ্গত সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হ'ব, পূৰ্বৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছিল।

কিন্তু বর্তমান মুখ্যমন্ত্রীয়ে ইয়াৰ বিপৰীত স্থিতি লোৱাত শিক্ষকসকলৰ মাজত শংকাৰ সৃষ্টি কৰিছে। আম আদমি পার্টীয়ে সর্বশিক্ষাৰ অধীনত কর্মৰত প্রাথমিক টেট শিক্ষকৰ প্রাপ্য দৰমহা মুকলি, চাকৰি নিয়মীয়াকৰণৰ লগতে সকলো দাবী শীঘ্ৰে পূৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

প্রাথমিক টেট শিক্ষক সমাজৰ প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আম আদমি পাৰ্টি,অসমৰ
দিল্লী পৰ্যটন বিভাগৰ উদ্যোগত উত্তৰ-পূব সাংস্কৃতিক মহোৎসৱৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in