সাম্প্রদায়িক সংঘৰ্ষ আৰু তুষ্টিকৰণ কংগ্ৰেছৰ ৰাজনৈতিক মতাদর্শ…

সাম্প্রদায়িক সংঘৰ্ষ আৰু তুষ্টিকৰণ কংগ্ৰেছৰ ৰাজনৈতিক মতাদর্শ…

author-image
Asomiya Pratidin
New Update
সাম্প্রদায়িক সংঘৰ্ষ আৰু তুষ্টিকৰণ কংগ্ৰেছৰ ৰাজনৈতিক মতাদর্শ…

ডিজিটেল সংবাদ, গুৱাহাটী : "ভাৰতীয় জনতা পার্টিৰ নেতৃত্বত দিল্লী আৰু দিছপুৰত এক শক্তিশালী চৰকাৰ গঠন হোৱাৰ পিছত অসমকে ধৰি দেশৰ আন কোনো অংশতেই সাম্প্রদায়িক সংঘর্ষ হ'বলৈ দিয়া নাই। কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহে দেশত অস্থিৰতা বিয়পাবলৈ চলোৱা সকলো প্রচেষ্টা ব্যর্থ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত এক সুস্থ আৰু সবল সামাজিক সদভাৱৰ পৰিৱেশ বৰ্তাই ৰখাত সফল হৈছে।

চৰকাৰৰ এনে পদক্ষেপে বিৰোধী দলসমূহক নিকৃষ্ট ৰাজনীতি কৰাৰ কোনোধৰণৰ সুযোগ দিয়া নাই। ফলত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ সকলো নেতা-কর্মী হতাশাত ভোগা পৰিলক্ষিত হৈছে।

আমি সকলোৱোই জানো যে গোষ্ঠী সংঘর্ষ, নৃগোষ্ঠীগত নির্মূলীকৰণ, সাম্প্রদায়িক সংঘর্ষ আৰু তোষামোদৰ ৰাজনীতিৰ জৰিয়তে সমাজত ভেদভাব বিয়পাই অৰাজকতাৰ সৃষ্টি কৰি ক্ষমতাত বর্তি থকাই কংগ্ৰেছ দলৰ ৰাজনৈতিক মতাদর্শ।

কিন্তু ২০১৪ চনৰ পিছত একাদিক্রমে তিনিটাকৈ লোকসভা নির্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পিছত দিগবিদিক্ হেৰুৱাই কংগ্ৰেছ দলে আমাৰ পুৰাতন সমাজ ব্যৱস্থাটোকে থান-বান কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।"- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

বুধবাৰে ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় 'অটল বিহাৰী বাজপেয়ী' ভৱনত এক সংবাদমেল সম্বোধন কৰি মুখপাত্রগৰাকীয়ে কেতবোৰ মন্তব্য কৰে। তেঁও কয় যে স্বাধীনোত্তৰ অসমত কংগ্ৰেছ দলে আৰম্ভণিৰে পৰা পৰিকল্পিতভাৱে অসম আৰু অসমীয়াৰ স্বাভিমান আৰু গৰিমা বিনষ্ট কৰাৰ বাবে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ কথা ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই ভৰি আছে।

ভাষা আন্দোলন, মাধ্যম আন্দোলন, অসম আন্দোলন তথা বিভিন্ন জনজাতীয় আন্দোলনসমূহ আলাপ আলোচনাৰে মীমাংসা কৰাৰ পৰিৱৰ্তে দমন-নির্যাতনৰ নীতিৰে কংগ্ৰেছ দলে খিলঞ্জীয়া থলুৱা ভূমিপুত্ৰৰ ওপৰত অবৰ্ণনীয় নির্যাতন নমাই আনি বাংলাদেশী মিঞা মুছলমানক অসমৰ ভূমি বেদখল কৰাৰ সুবিধা কৰি দিছিল।

কংগ্ৰেছৰ আমোলতেই অসমৰ বনাঞ্চল, সত্ৰ-দেৱালয় আদিৰ ভূমি, ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি, জনজাতীয় বেল্ট আৰু ব্লক, অনুসূচীত জনজাতিসকলৰ কৰ্মস্থল হিচাপে পৰিচিত বিভিন্ন বিল, জলাশয় আদি সকলোতে মিঞা মুছলমানৰ আগ্রাসন কংগ্ৰেছ আমোলত সম্ভৱ হৈছিল।

ইয়াৰ মূল কাৰণ আছিল- কংগ্রেছ নেতৃত্বই বিশেষকৈ হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ শাসনকালত মিঞা মুছলমানে অসমৰ ভূমিত আটাইতকৈ বেছি বেদখল কৰিছিল বুলি শৰ্মাই কয়। উল্লেখযোগ্য যে আজি সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্র পংকজ বৰবৰা, ঋতুবৰণ শৰ্মা আৰু সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকে।

শৰ্মাই লগতে কয় যে উদাহৰণ হিচাপে আমি অসম আন্দোলনৰ পিছত ১৯৯১ চনত গঠন হোৱা হিতেশ্বৰ শইকীয়াৰ চৰকাৰ আৰু শেহতীয়াকৈ তৰুণ গগৈৰ চৰকাৰৰ সময়ত অসমৰ জনজাতীয় বেল্ট ব্লকসমূহত সর্বাধিক মিঞা মুছলমানৰ অনুপ্ৰৱেশ হোৱাৰ কথা আমি সকলোৱে জানোঁ।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৯৯১ চনৰ পিছত গোৱালপাৰা, বিলাসীপাৰা, গৌৰীপুৰ, গোসাঁইগাঁও, বিজনী, সৰভোগ, কোকৰাঝাৰ, মুছলপুৰ, কলাইগাঁও, মাজবাট আদি অঞ্চলৰ বহু কেইখন গাঁৱৰ পৰা জনজাতীয় লোকক তদানীন্তন চৰকাৰসমূহৰ পৃষ্ঠপোষকতাত পৰিকল্পিতভাৱে বিতাড়িত কৰা হৈছিল। এনে বিতড়নৰ খবৰ মাজে-সময়ে সংবাদ মাধ্যমে পৰিৱেশনো নকৰা নহয় বুলি সংবাদমেলত উল্লেখ কৰে।

লগতে কয়- গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এটি অঞ্চলৰ নাম হ'ল লথিমা। ৰাভা আৰু গাৰো লোকৰ বসতি থকা এই বৃহত্তৰ লখিমা অঞ্চলৰ পৰা তৰুণ গগৈৰ শাসনকালত জনজাতীয় লোকসকলক খেদি মিঞা মুছলমানে তেওঁলোকৰ মাটি-বাৰী, সা-সম্পত্তি দখল কৰি লৈছিল।

সেই অঞ্চলৰ কোনো ভূমিপুত্ৰই আজিও নিজৰ পৈত্রিক স্থানলৈ উভতি অহাৰ সাহস নকৰে। লক্ষীপুৰ ৰাজহ চক্ৰৰ দহখনতকৈও অধিক গাৰো জনজাতিৰ গাঁও তৰুণ গগৈৰ সময়ত মিঞা আগ্রাসনৰ কৱলত পৰিছিল বুলি সংবাদমেলত উল্লেখ কৰে। কিন্তু কংগ্ৰেছৰ তথাকথিত শক্তিশালী মুখ্যমন্ত্রীজনে খিলঞ্জীয়া ভূমিপুত্রক কোনোধৰণৰ সুৰক্ষা দিয়াৰ চিন্তাই নকৰিলে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্রই অভিযোগ কৰে।

একেদৰে ২০১২ চনত অবিভক্ত দৰং জিলাৰ বহু অঞ্চল মিঞা মুছলমানৰ আগ্রাসনৰ কৱলত পৰিছিল। নাহৰঝাৰ, মুৰাকাটি, মৰাবেগাপাৰা, পানবাৰী, চেৰপুৰ, কদমতলা, ঝাৰগাঁও, চালনীকুচি-অভয়পুখুৰী, লাইলাং আদিকে ধৰি বড়ো আৰু ৰাভা লোকৰ পিতৃ পুৰুষৰ ভূমি মিঞা আগ্রাসনকাৰীয়ে দখল কৰি লৈছিল কিন্তু তৰুণ গগৈৰ চৰকাৰে নীৰৱতাকে নীতি কৰি মিঞা আগ্রাসনকাৰীক পৰোক্ষভাৱে উদগনি দিয়াহে দেখা গৈছিল।

এয়া উদাহৰণ মাত্র, এনে অজস্ৰ উদাহৰণেৰে ভৰি আছে থলুৱা ভূমিপুত্ৰৰ কৰুণ ইতিহাস। এয়াই কংগ্ৰেছৰ চৰিত্ৰ। ক্ষমতাৰ পৰা জনসাধাৰণে বিতাড়িত কৰাৰ পিছতে ৰাজনৈতিকভাৱে হাবাথুৰি খোৱা কংগ্ৰেছ দলে শেহতীয়াভাৱে নিজকে জাতীয়তাবাদী সজাবলৈও অপচেষ্টা চলোৱা দেখা গৈছে।

কিন্তু কংগ্ৰেছৰ এনে অপচেষ্টাও বিশেষ কামত অহা পৰিলক্ষিত হোৱা নাই। কিয়নো মুখত খিলঞ্জীয়াৰ কথা ক’লেও কংগ্ৰেছৰ মূল নীতিয়েই হ'ল মিঞাৰ তোষামোদ আৰু খিলঞ্জীয়াৰ বিৰোধ।

বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ শেহতীয়া বক্তব্য ইয়াৰ জলন্ত উদাহৰণ। উজনি অসমত মিঞাৰ আগ্রাসনক সমর্থন কৰিবলৈ গৈ বিৰোধী দলপতিয়ে অসমৰ ২৭ টা জাতীয় সংগঠনৰ সিদ্ধান্তকো বিৰোধ কৰা আমি দেখিবলৈ পাইছো।

অৱশ্যে মিঞাৰ আগ্রাসনক সমর্থন কৰাটো কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ নীতি আৰু বাধ্যতা দুয়োটাই বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র শৰ্মাই মতপোষণ কৰে। উল্লেখযোগ্য যে সদ্যসমাপ্ত লোকসভা নির্বাচনত দেশবাসীয়ে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে নির্বাচিত কৰাত কংগ্ৰেছকে ধৰি সমগ্ৰ বিৰোধী পক্ষ হতাশাত আক্রান্ত হৈছে।

সেয়েহে অসমকে ধৰি দেশৰ বিভিন্ন প্রান্তত কংগ্রেছে সাম্প্রদায়িক উচতনি দি বিভাজনৰ বিষবাস্প বিয়পোৱাৰ বাবে প্রয়াস চলোৱা বুলিও ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে অভিযোগ কৰে। মাত্র তিনিজন সাংসদ বিজয় হোৱাটোকে বিশাল বিজয় বুলি অপপ্ৰচাৰ চলাই মিঞা মুছলমানক খিলঞ্জীয়া ভূমিপুত্ৰৰ বিৰুদ্ধে কংগ্রেছ দলে উচতনি দিয়াও দেখা গৈছে বুলি মন্তব্য কৰে।

ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ মতে দেৱব্ৰত শইকীয়া, অখিল গগৈ, লুৰীণজ্যোতি গগৈ আদিৰ বক্তব্য আৰু নগাঁৱৰ মাছ বেপাৰীৰ অৰ্থনৈতিক অৱৰোধৰ ভাবুকি আদি সকলো কথাৰে সুৰ একেটাই। এওঁলোকে মিলিজুলি খিলঞ্জীয়াৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

কিন্তু ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দিছপুৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ থকালৈকে মিঞাৰ কোনো শক্তিয়ে খিলঞ্জীয়া ভূমিপুত্ৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব নোৱাৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্রই স্পষ্ট ভাষাত কয়।

সংবাদমেলত মুখপাত্ৰ শমাই জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক কংগ্ৰেছৰ হাতৰ পুতলা বুলি বর্ণনা কৰে। শৰ্মাৰ মতে লুৰীণজ্যোতিয়ে কংগ্ৰেছ নেতাই লিখি দিয়া শ্রুতলিপি সংবাদ মাধ্যমৰ আগত পাঠ কৰি অসমৰ সমাজ জীৱনকে লজ্জানত কৰিছে বুলি কটাক্ষ কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা ৰাজনীতিলৈ অহা লুৰীণজ্যোতি গগৈয়ে নিজৰ নিজস্বতা বিসর্জন দি কংগ্ৰেছৰ শ্রুতলিপি পাঠ কৰিবলৈ আৰম্ভ কৰাটো সঁচাকৈ দুর্ভাগ্যজনক বুলিও বর্ণনা কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই।

Also Read: বহিঃৰাজ্যত প্ৰাণ গ’ল বটদ্ৰৱাৰ যুৱকৰ

BJP ASSAM