ডিজিটেল সংবাদ গুৱাহাটীঃ মহানগৰীৰ ছাত্ৰ-ছাত্ৰী, যুৱ খেলুৱৈসকলৰ ক্ৰীড়াৰ অনুশীলনৰ লগতে চাকৰিয়াল, ব্যৱসায়ীৰ ক্ৰীড়া চৰ্চা কৰিবলৈ মহানগৰীত এখন এখনকৈ নোহোৱা হৈ আহিছে খেলপথাৰ শেহতীয়াকৈ ৰহস্যজনক কাৰণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই জনতা ভৱনৰ গাতে লাগি থকা খেলপথাৰখনো নাইকীয়া কৰাৰ পৰিকল্পনা কৰি তাত উদ্যান স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে আম আদমি পাৰ্টীয়ে।
আজিৰ তাৰিখত কেইজনমান ল'ৰা-ছোৱালীয়ে হাতত ফুটবল লৈ খেলিব পৰা এইখনেই আছিল একমাত্র খেলপথাৰ। সাধাৰণ দৃষ্টিত মহানগৰীত জজ খেলপথাৰ, সোণাৰাম হাইস্কুল খেলপথাৰ, লতাশিল খেলপথাৰ, নেহেৰু ষ্টেডিয়ামৰ খেলপথাৰ, পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে যদিও এই সকলোবোৰৰ পৰিচালনা বিভিন্ন পক্ষৰ হাতত থকা বাবে তাত খেলিবলৈ হ'লে বিভিন্ন পক্ষৰ পৰা অনুমতি ল'ব লগা প্রয়োজন।
গুৱাহাটীৰ ক্রীড়ানুৰাগীয়ে খেলৰ চৰ্চা কৰিবলৈ যদি সামান্য সুবিধাই নাপায় গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানীৰূপে গঢ়ি তোলা সম্ভৱনে বুলি প্রশ্ন উত্থাপন কৰি এক প্ৰেছ বিবৃতিযোগে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে- ‘একমাত্র খেলপথাৰৰ অভাৱৰ বাবে গুৱাহাটীত বন্ধ হৈ গৈছে বহু জিলা, ৰাজ্যিক ভিত্তিত টুৰ্ণামেণ্ট।
ফুটবলৰ দৰে আগশাৰীৰ প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰা গুৱাহাটীত এতিয়া কাৰ্যতঃ নোহোৱা হৈছে ক্ৰীড়া চৰ্চাৰ আন্তঃগাঁথনি। লগতে চৰকাৰেখনে অসমৰ খেলুৱৈ সকলক অনুশীলনকে ধৰি প্রয়োজনীয় সকলো সা-সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে।'
আম আদমি পাৰ্টীয়ে চৰকাৰক দিশপুৰ খেলপথাৰখন খেলৰ বাবে বন্ধ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে গুৱাহাটীত উপযুক্ত চোৱা-চিতাৰ অভাৱত ব্যৱহাৰৰ অনুপযোগী হৈ থকা ক্ৰীড়াৰ আন্তঃগাঁথনিবোৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ আহ্বান জনায়।
Also Read: মনিপুৰৰ ভাইৰেল ভিডিঅ’: উচ্চতম ন্যায়ালয়ত শুনানি, একাধিক তেনে ঘটনা হোৱাৰ আশংকা...