ডিজিটেল, সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে আম আদমি পার্টীয়ে ইতিমধ্যে আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ। গাওঁ পঞ্চায়তসমূহ দখলৰ গুণ কৌশল যুগুত কৰিবলৈ দলটোৱে ব্যাপক সাংগঠনিক তৎপৰতা চলোৱাৰ সময়তে দেওবাৰে দলটোৰ গণেশগুৰিস্থিত ৰাজ্যিক কার্যালয়ত সভাপতি ভবেন চৌধুৰীৰ উপস্থিতিত এখন কর্মী সভা অনুষ্ঠিত হৈ যায়।
সভাত দলটোৰ জিলা সদস্যপদ সমন্বয়কসকলৰ সৈতে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় আৰু আগন্তুক দিনত দলটোৰ প্ৰচাৰ আৰু প্ৰসাৰ সম্পৰ্কে বিশদভাবে আলোচনা কৰে। সভাত বিভিন্ন জিলাৰ পৰা অহা দলটোৰ কর্মীসকলক একোখনকৈ মানপত্র, ফুলাম গামোচা আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়।
সভাপতি ভবেন চৌধুৰীয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত আসনসমূহ আপৰ দখললৈ অনাৰ বাবে সকলো দলীয় কর্মীক সাজু হ'বলৈ আহ্বান জনায়। তাৰোপৰি পঞ্চায়ত আইন সংশোধনৰ জৰিয়তে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাক বিজেপিয়ে কুক্ষিগত কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে আম আদমি পাৰ্টীয়ে।
জনতাৰ সৈতে পোনপটীয়াকৈ জড়িত এই আইন সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত লওঁতে দল-সংগঠন তথা ৰাজহুৱা অনুষ্ঠানসমূহৰ সৈতে আলোচনা কৰি সকলোৰে মতামত লোৱাটো উচিত বুলি মত প্ৰকাশ কৰে ভবেন চৌধুৰীয়ে। সভাত সম্পাদক ভিক্টৰ গগৈ, অম্লান বৰুৱা, জাৰবম কুটুম, ৰুদ্ৰাংকুৰ হাজৰিকা আদি কৰি বহুকেইজন ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে।
Also Read: চৰম দুৰৱস্থাত কবি নীলমণি ফুকনৰ স্মৃতি বিজড়িত দেৰগাঁৱৰ এটা পথ