নিবনুৱা সমস্যা, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ আপৰ নৱ নিযুক্ত সভাপতি ধানোৱাৰ...

কৰ্মসংস্থাপন, জনগোষ্ঠীয় সমস্যাৰ সমাধানত গুৰুত্ব আপৰ
নিবনুৱা সমস্যা, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ  আপৰ নৱ নিযুক্ত সভাপতি ধানোৱাৰ...
নিবনুৱা সমস্যা, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ আপৰ নৱ নিযুক্ত সভাপতি ধানোৱাৰ...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ অসমত আম আদমী পাৰ্টিক অধিক গতিশীল কৰি তুলিবলৈ দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই মনোজ ধানোৱাৰক ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) ড০ সন্দীপ পাঠক স্বাক্ষৰিত এক নিৰ্দেশনা মৰ্মে পূৰ্বৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীক ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক পদত আৰু মনোজ ধানোৱাৰক ৰাজ্যিক সভাপতি পদত নিযুক্ত কৰা হৈছে।

আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু বিদায়ী সভাপতি ডাঃ ভবেন চৌধুৰীৰ উপস্থিতিত নৱ নিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত নৱ নিযুক্ত ৰাজ্যিক সভাপতি ধানোৱাৰে তেওঁৰ ওপৰত গুৰু দায়িত্ব অৰ্পণ কৰাৰ বাবে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ লগতে দলৰ অন্যান্য শীৰ্ষস্থানীয় নেতৃবৃন্দক কৃতজ্ঞতা জ্ঞাপন কৰে।

দলৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্ত হোৱাৰ পাছতে সম্বোধন কৰা প্ৰথমটো সংবাদমেলত ধানোৱাৰে কয়, "ৰাজ্যৰ ক্ৰমবৰ্দ্ধমান নিবনুৱা সমস্যাৰ সমাধান বৰ্তমান চৰকাৰ ব্যৰ্থ হৈছে। ৰাজ্য চৰকাৰৰ এক লাখ চাকৰি দিয়াৰ ঘোষণাই ৰাজ্যখনৰ ২০ লক্ষ্যাধিক নিবনুৱাৰ সমস্যা সমাধান কৰিব নোৱাৰে।

তদুপৰি এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি জনসাধাৰণৰ মাজত ব্যাপকভাৱে সজাগতা সৃষ্টি কৰা হ'ব। দিল্লী আৰু পঞ্জাৱৰ আপৰ চৰকাৰে দিয়াৰ দৰে অসমতো ২০০ৰ পৰা ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা আমি বিচাৰো।

আনহাতে, সময়ে সময়ে অসমীয়া ভাষাৰ প্ৰতি সৃষ্টি হোৱা সংকট দূৰ কৰাৰ লগতে অসমৰ জনগোষ্ঠীয় সমস্যাৰ সমাধানৰ স্বাৰ্থত আমি গুৰুত্ব প্ৰদান কৰিম। ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহৰ ক্ষিপ্ৰ সমাধান আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক ওফৰোৱাৰ স্বাৰ্থত প্ৰয়োজন সাপেক্ষে আমি অন্যান্য বিৰোধী ৰাজনৈতিক দলৰ সৈতেও আলোচনা কৰিম।

সংবাদমেলত ধানোৱাৰে ৰাজ্যৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি তথা বাগিচা শ্ৰমিকৰ মাটিৰ পট্টাৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰসংগও উল্লেখ কৰে। সংবাদমেলত আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই বিগত দিনত ডাঃ ভবেন চৌধুৰীয়ে দলৰ প্ৰতি আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।

দলৰ শীৰ্ষ নেতৃত্বই ডাঃ চৌধুৰীক ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক নিযুক্তি দিয়াত সন্তুষ্টি ব্যক্ত কৰে বিদায়ী সভাপতি গৰাকীয়ে। সংবাদমেলত আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াও উপস্থিত থাকে।

নিবনুৱা সমস্যা, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ  আপৰ নৱ নিযুক্ত সভাপতি ধানোৱাৰ...
সপ্তম নৰ্থ ইষ্ট ষ্টুডেণ্ট ফেষ্টিভেলঃ কিৰেণ ৰিজিজু, জ্যোতিৰাদিত্য সিন্ধিয়া, ঋষি বৰুৱাৰ অংশগ্ৰহণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in