আপৰ প্রতিষ্ঠা দিৱস পালন : শক্তিশালী আৰু বিকশিত অসমৰ স্বার্থত কাম কৰি যোৱাৰ সংকল্প

আপৰ প্রতিষ্ঠা দিৱস পালন : শক্তিশালী আৰু বিকশিত অসমৰ স্বার্থত কাম কৰি যোৱাৰ সংকল্প

author-image
Asomiya Pratidin
New Update
আপৰ প্রতিষ্ঠা দিৱস পালন : শক্তিশালী আৰু বিকশিত অসমৰ স্বার্থত কাম কৰি যোৱাৰ সংকল্প

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ,গুৱাহাটী : 'ইণ্ডিয়া ইগেইনষ্ট কৰাপচন'ৰ বেনাৰত জন্মগ্রহণ কৰা দল আম আদমি পাৰ্টীৰ আজি একাদশ প্রতিষ্ঠা দিৱসটি সমগ্র দেশৰ লগতে গুৱাহাটীতো অসম ৰাজ্যিক সমিতিৰ উদ্যোগত দলৰ মুখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত সমগ্র দেশতে ক্ষীপতাৰে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ সক্ষম হোৱা দলটিয়ে দেওবাৰে ডিব্রুগড়, লক্ষীমপুৰ, তেজপুৰ, যোৰহাট, কামৰূপ জিলাৰ লগতে সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ প্ৰতিখন ৰাজ্যত উলহ-মালহেৰে প্ৰতিষ্ঠা দিৱসটি পালন কৰে।

গুৱাহাটীত দলটোৰ কর্মকর্তা, বিষয়ববীয়াসকলে দলীয় পতাকা উত্তোলন, বন্তি প্রজ্বলন, বীৰ ছহিদক স্মৰণ, প্রসাদ বিতৰণ, কেক বিতৰণ, সাংস্কৃতিক অনুষ্ঠানৰ লগতে মহানগৰীৰ ৰাজপথত সমদল উলিয়াই ৰাইজৰ সৈতে ভাব-বিনিময় আৰু মতামত গ্রহণ কৰে। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট সম্বৰ্দ্ধনা জনোৱাৰ লগতে বহুকেইজন আমন্ত্রিত অতিথিয়ে ভাষণ প্রদান কৰি দলটোৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰে।

আনহাতে ডিব্রুগড়ত দলীয় কার্যসূচীত অংশগ্রহণ কৰি 'আপ' অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক ৰাজেশ শর্মাই সকলোকে দলৰ একাদশ প্রতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায়। তেওঁ অসমৰ জাতীয় জীৱনলৈ অহা সংকট, প্রত্যাহ্বান ৰোধ কৰিবলৈ আম আদমি পাটীয়ে এখন সুৰক্ষিত,শক্তিশালী আৰু বিকশিত অসমৰ স্বার্থত অনাগত দিনত এক দুর্জেয় শক্তি হিচাপে কাম কৰি যাব বুলি উল্লেখ কৰে।

ইফালে আপ অসমৰ সভাপতি ডা০ ভবেন চৌধুৰীয়ে অববিন্দ কেজৰিৱালৰ নেতৃত্বত দলটোৰ জন্মলগ্নৰ পটভূমিৰ পৰা বিচলিত নোহোৱাকৈ অসমৰ সকলো জাতি-জনগোষ্ঠী আৰু ধর্মালম্বী লোকক একত্রিত কৰি আগন্তুক দিনত এক ঐক্যবদ্ধ শক্তিৰূপে আগবাঢ়ি যাবলৈ সদায় দায়বদ্ধ বুলি মন্তব্য প্ৰদান কৰে।

Also Read: ফোনযোগে ধনদাবী ! ৰঙাঘৰৰ আলহী হ'ল ৰে'লৱে কৰ্মচাৰী

arvinda kejriwal aap aap assam