ডিজিটেল ডেস্কঃ শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলক ২০ শতাংশ বোনাচ আদায় দিবলৈ দাবী জনাইছে আম আদমী পাৰ্টিয়ে। আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াই চাহ শ্ৰমিকৰ বোনাচ সন্দৰ্ভত কয়, " চাহ শ্ৰমিকসকলৰ ২০ শতাংশ বোনাচ তেওঁলোকৰ প্ৰাপ্য। বাগিচাসমূহৰ মালিক পক্ষই এই দাবী মানি লোৱা উচিত।
ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন জিলাৰ বাগিচা শ্ৰমিকসকলে ২০ শতাংশ বোনাচ বিচাৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। কিন্তু মালিক পক্ষই তেওঁলোকক ১৫ শতাংশ বোনাচ আদায় দিব বিচাৰিছে। আমি আম আদমী পাৰ্টিয়ে শ্ৰমিক সকলৰ ন্যায্য দাবী মানি ল'বলৈ চাহ বাগিচা কৰ্তৃপক্ষক আহ্বান জনাইছোঁ।
আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই কোম্পানী আইনৰ অধীনতে শ্ৰমিকসকলে ২০ শতাংশলৈকে বোনাচ পাব লাগে বুলি মত ব্যক্ত কৰে। তেওঁ কয়," ইতিপূৰ্বে চৰকাৰেও ২০ শতাংশ বোনাচ দিবলৈ বাগিচা কৰ্তৃপক্ষলৈ নিৰ্দেশ দিছিল। অথচ চৰকাৰৰ নিৰ্দেশ তথা কোম্পানী আইন উলংঘা কৰি শ্ৰমিকসকলক বঞ্চিত কৰিব বিচাৰিছে।"
উল্লেখ্য যে চাহ বাগিচাত কাম কৰা শ্ৰমিক সকলে দুৰ্গা পূজাৰ পূৰ্বে লাভ কৰা বোনাচৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ পৰিয়ালৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰে। বছৰটোৰ অধিক সময় তেওঁলোকে ন্যূনতম মজুৰিত কঠোৰ পৰিশ্ৰম কৰে। এই সকল শ্ৰমিকক সকাহ আৰু কৰ্মক্ষেত্ৰত উৎসাহ যোগোৱাৰ বাবেই মালিক পক্ষক ২০ শতাংশ বোনাচৰ দাবী মানি ল'বলৈ আপৰ নেতাগৰাকীয়ে আহ্বান জনায়।
Also Read: বিপ্লৱ শৰ্মা আয়োগৰ ৫২ টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ সাজু মুখ্যমন্ত্ৰী আৰু আছু