ৰতন টাটাৰ বিয়োগত আপ অসমৰ শোক প্ৰকাশ...
ৰতন টাটাৰ বিয়োগত আপ অসমৰ শোক প্ৰকাশ...

ৰতন টাটাৰ বিয়োগত আপ অসমৰ শোক প্ৰকাশ...

ৰতন টাটাৰ বিয়োগ ভাৰতৰে নহয়, বিশ্বৰে এক অপূৰণীয় ক্ষতি- মনোজ ধানোৱাৰ
Published on

ডিজিটেল ডেস্কঃ প্ৰখ্যাত উদ্যোগপতি তথা সমাজৰ কল্যাণ সাধনৰ বাবে সেৱা আগবঢ়াই যোৱা সমাজহিতৈষী ৰতন টাটাৰ মৃত্যুত আম আদমি পাৰ্টি অসম ৰাজ্যিক সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে।

এক শোকবাৰ্তাত দলটোৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে কয় যে, ৰতন টাটাৰ বিয়োগ ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ এক অপূৰণীয় ক্ষতি। ভাৰতবৰ্ষৰ অৰ্থনৈতিক তথা সামাজিক ক্ষেত্ৰলৈ তেখেতে আগবঢ়াই যোৱা অৱদান আমাৰ বাবে সদায় চিৰ স্মৰণীয় হৈ ৰ'ব।

দলটোৱে তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনাৰ্থে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায় লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ৰতন টাটাৰ বিয়োগত আপ অসমৰ শোক প্ৰকাশ...
অসমৰ প্ৰতি বিশেষ মৰম আছিল ৰতন টাটাৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in