'কা' বিৰোধী আন্দোলনত নিহতৰ স্মৃতিত আপৰ শ্রদ্ধাঞ্জলি অনুষ্ঠান

সুৰক্ষিত হ'ব লাগিব অসম আৰু অসমীয়া : আপ অসমৰ সভাপতি ডা০ ভবেন চৌধুৰী
'কা' বিৰোধী আন্দোলনত নিহতৰ স্মৃতিত  আপৰ শ্রদ্ধাঞ্জলি অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটী : আম আদমি পার্টী অসমে মংলবাৰে গণেশগুৰিস্থিত ৰাজ্যিক মুখ্য কার্যালয়ত নাগৰিকত্ব আইন চমুকৈ 'কা' বাতিলৰ দাবীত গঢ়ি উঠা আন্দোলনত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে ৪ বছৰ পূৰ্বে কা আন্দোলনত ৫জনকৈ যুৱকে বুকুত গুলী পাতি অকাল মৃত্যুক আঁকাৱালী লৈছিল।

অনুষ্ঠানত দলীয় বিষয়ববীয়া, কর্মকর্তা আৰু আমন্ত্রিত অতিথিসকলে বন্তি প্রজ্বলন, নিহতসকলৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি প্রদানেৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত কৰে।

সভাত ৫জন পূণ্যাত্মাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে 'কা' প্রয়োগৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে লোৱা ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। লগতে কয়- এই জাতি বিৰোধী আইনৰ বিৰুদ্ধে কৰা সংগ্রামত আমি সদায় আছো আৰু এই আইনৰ বিৰুদ্ধে সদায় মাত মাতি যাম। অনাগত দিনত অসম আৰু অসমীয়াৰ স্বাভিমানক সুৰক্ষিত কৰিবলৈ আপ অসমে চৰকাৰক আহ্বান জনায়।

'কা' বিৰোধী আন্দোলনত নিহতৰ স্মৃতিত  আপৰ শ্রদ্ধাঞ্জলি অনুষ্ঠান
সাংবাদিক ৰবিন বৰুৱাক 'আপকুৰ শ্ৰেষ্ঠ সংগঠক বঁটা ২০২৩ প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in