বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ গাড়ীৰ খুন্দাত মৃত্যু যুৱকৰঃ ৫ দিনে নীৰৱ প্ৰশাসন...

বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ গাড়ীৰ খুন্দাত মৃত্যু যুৱকৰঃ ৫ দিনে নীৰৱ প্ৰশাসন...

author-image
Asomiya Pratidin
New Update
বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ গাড়ীৰ খুন্দাত মৃত্যু যুৱকৰঃ ৫ দিনে নীৰৱ প্ৰশাসন...

বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ গাড়ীৰ খুন্দাত মৃত্যু যুৱকৰঃ ৫ দিনে নীৰৱ প্ৰশাসন...

ডিজিটেল সংবাদ গুৱাহাটীঃ বিজেপি বিধায়কৰ ইঞ্চুৰেঞ্চ বিহীন বাহনৰ খুন্দাত এজন যুৱকৰ মৃত্যু হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিলাসী বাহনৰ খুন্দাত যোৱা বৃহস্পতিবাৰেই মৃত্যু হৈছিল এজন যুৱক।

এই ঘটনাৰ পাছতে গোচৰ ৰুজু হৈছিল হৈছিল আজিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। এই সন্দৰ্ভত আজি আম আদমী পাৰ্টীৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৱে অভিযোগ কৰি কয়, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ জনপ্রতিনিধিয়ে সাধাৰণ জনতাক হত্যা কৰিলে আইন-আদালতক অন্ধকাৰত ৰখা হয়, মন্ত্ৰী-বিধায়কে আইন ভংগ কৰিলে কোনো শাস্তিৰ সন্মুখীন নহয় ।

আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি এই অভিযোগ তোলে আম আদমি পার্টীয়ে। সংবাদ মেলত আপৰ ভাতৃ সংগঠনৰ আপ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাই কয় যে, যোৱা বৃহস্পতিবাৰে দেৰগাওঁ চাৰিআলিত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত চলিত মাহৰ ২০ মাৰ্চতেই ইঞ্চুৰেঞ্চ ওকলা ASO1EK2084 নম্বৰৰ এখন ব্যক্তিগত বাহনৰ খুন্দাত মৰিগাঁৱৰ আহঁতগুৰিৰ নৃপেন শ‍ইকীয়া নামৰ এজন অসমীয়া যুৱকৰ থিতাতে নিহত হৈছিল।

ঘটনা সংঘটিত কৰি পলায়ন কৰা বিলাসীবাহনখন ওচৰ চুবুৰীয়া ৰাইজে স্বচক্ষে প্রত্যক্ষ কৰে আৰু খুন্দা মৰাৰ ফলত গাড়ীখনৰ নম্বৰ প্লেটখন ঘটনাস্থলীতে পৰি যায়। পৰিবহন বিভাগৰ তথ্য অনুসৰি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নাম আৰু তেখেতৰ স্থায়ী ঠিকনাসহ পঞ্জীয়ন আছে।

গাড়ীখনৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু নৃপেন শ‍ইকীয়াৰ পৰিয়ালৰলোকে স্থানীয় দেৰগাওঁ আৰক্ষী থানাত গোচৰ দিবলৈ যোৱাত সেই গোচৰ ল'বলৈ আপত্তি দর্শোৱাৰ লগতে পৰিয়ালৰলোকক বিভিন্ন কথাৰে বিভ্ৰান্ত কৰাৰ চেষ্টা কৰাৰো অভিযোগ দিয়ে। পৰৱৰ্তী সময়ত 'হিট এণ্ড ৰাণ' ভয়ংকৰ অপৰাধত গোচৰটো পঞ্জীয়ন হয় যদিও আজি ঘটনা সংঘটিত হোৱা পাঁচ দিন ওকলি যোৱাৰ পিছতো প্রশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

বিধায়ক হোৱাৰ বাবেই সকলো কথা গাপ দিবলৈ চেষ্টা চলাইছিল আৰক্ষী প্ৰশাসনে। সংবাদমেলত উপস্থিত থকা আপৰ নেতা ৰূপম দত্ত আৰু উপ-সভাপতি মনোজ ধানোৱাৰে বিজেপি চৰকাৰৰ দিনত আইন সকলোৰে বাবে সমান নহয় নেকি বুলি প্রশ্ন উত্থাপন কৰি পত্নীসহ এজন পুত্ৰ আৰু কন্যাক ইহ সংসাৰত এৰি থৈ যোৱা নৃপেন শ‍ইকীয়াৰ এই ঘটনাৰ শীঘ্ৰে উচিত তদন্ত কৰি দোষীক শান্তি প্ৰদানৰ লগতে নিহতৰ পৰিয়ালৰ উচিত ক্ষতিপূৰণ দাবী কৰে।

অকল ৰাজনৈতিক হেচাৰ বাবে বিধায়ক ভাস্কৰ শৰ্মাক ৰেহাই দিব খোজা কার্যক আম আদমি পাৰ্টীয়ে ধিক্কাৰ জনাই ইঞ্চুৰেন্সৰ ম্যাদ উকলি যোৱাৰ পিছতো ৰাজপথত চলাচল কৰি থকা AS01EK2084 নম্বৰৰ গাড়ীখন কৰায়ত্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

Also Read: সতীৰ্থৰ গুলীত নিহত জোৱান...

বিজেপি আম আদমি পাৰ্টী