ডিজিটেল ডেস্কঃ বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত আছুৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী।
উল্লেখ্য যে, ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত ছয় নং দফা কাৰ্যকৰীকৰণ সংক্ৰান্তীয় বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক অনুমোদন জনাইছিল। এই বৈঠকতে প্ৰতিবেদনখনৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শই ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰা বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত পৰৱৰ্তী সময়ত আছুৰো আলোচনাৰ কথাও ডিব্ৰুগড়ৰ সংবাদ মেলতেই ঘোষণা কৰিছিল।
সেই অনুসৰিয়েই বুধবাৰে বিয়লি ৩ বজাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত আছুৰে আলোচনা কৰিব। এই আলোচনালৈ আছুৰ সভাপতি, সম্পাদক আৰু মুখ্য উপদেষ্টাক আমন্ত্ৰণ জনোৱা হৈছে।
উল্লেখ্য যে, ডিব্ৰুগড়ৰ সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৈছিল বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৱলীৰ ভিতৰত ৰাজ্য চৰকাৰৰ আওঁতাৰ ভিতৰত অহা পৰামৰ্শবোৰ ৰূপায়ণ কৰিব আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আওঁতাত আহে সেইখিনি কেন্দ্ৰলৈ প্ৰেৰণ কৰিব।
কেবিনেটত এই প্ৰতিবেদনৰ পৰামৰ্শৱলী আলোচনা কৰি মুঠ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শই ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সংবাদ মেলতেই তেওঁ সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ সৈতে কথা পাতি ৫৭ টা পৰামৰ্শ ২০২৫ চনৰ ১৫ এপ্ৰিলৰ পূৰ্বে ৰূপায়ণ কৰাৰ বাবে এক ৰোডমেপ তৈয়াৰ কৰাৰ কথাও ঘোষণা কৰিছিল।
Also Read: ছয় নং দফা ৰূপায়ণত বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ...