CPI ৰ ৰাজ্যিক কাৰ্যালয়ত অজস্ৰ গুণমুগ্ধই অৱনী বৰঠাকুৰ জনালে শেষ শ্ৰদ্ধাঞ্জলি...

CPI ৰ ৰাজ্যিক কাৰ্যালয়ত অজস্ৰ গুণমুগ্ধই অৱনী বৰঠাকুৰ জনালে শেষ শ্ৰদ্ধাঞ্জলি...
CPI ৰ ৰাজ্যিক কাৰ্যালয়ত অজস্ৰ গুণমুগ্ধই অৱনী বৰঠাকুৰ জনালে শেষ শ্ৰদ্ধাঞ্জলি...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশিষ্ট সমাজ বিজ্ঞানী, বাওঁপন্থী চিন্তাবিদ, শিক্ষাবিদ তথা স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰক আজি পুৱা গুৱাহাটীৰ ৰাজগড়স্থিত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ মুখ্য কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ বাওঁপন্থী ৰাজনৈতিক দলসমূহৰ লগতে অন্যান্য ৰাজনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আদি ভিন্ন ক্ষেত্ৰৰ বহু সংখ্যক লোক উপস্থিত হয়।

উল্লেখ্য যে, যোৱা প্ৰায় এবছৰ ধৰি অসুস্থ হৈ আছিল অৱনী বৰঠাকুৰ। মঙ্গলবাৰে তেওঁ এই অসুস্থতাৰ মাজতেই চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ কে জি এম টি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। নিশা তেওঁৰ নশ্বৰ দেহ কে জি এম টি হাস্পতালতে ৰখা হয় যদিও আজি পুৱাই ৰাজগড়স্থিতি ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ মুখ্য কাৰ্যালয়লৈ লৈ অনা হয়।

ইয়াৰ পিছতে তেওঁক অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে তেওঁক লৈ যোৱা হৈছে নাজিৰাস্থিত বাসগৃহলৈ। প্ৰয়াত বাওঁপন্থী চিন্তাবিদগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ পুৱাই চি পি আইৰ কাৰ্যালয়ত উপস্থিত হয়গৈ চিপিআই, চি পি আই এম, চি পি আই এম এলকে ধৰি আটাইকেইটা বাওঁপন্থী ৰাজনৈতিক দলৰ লগতে এছ এফ আইৰো নেতা, কৰ্মী তথা সদস্যসকল। তেওঁলোকে প্ৰয়াত বৰঠাকুৰলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁলোকৰ উপৰিও জ্যেষ্ঠ সাংবাদিক নিত্য বৰা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, লেখক, অধ্যাপক পৰমানন্দ মজুমদাৰ, ড০ পদ্মপানী, কংগ্ৰেছ নেতা বেদব্ৰত বৰা, মেহদী আলম বৰা, ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়া, ধৈৰ্য কোঁৱৰ, সংবাদিক পৰম প্ৰকাশ গগৈ, গণনাত্য সংঘৰ প্ৰতিনিধি হিচাপে হুমাইউন চৌধুৰী, অধিবক্তা, লেখক কিশোৰ কুমাৰ কলিতা, চিপি আইৰ আজীৱন সদস্য জয়ন্ত গগৈ, চিপিআইৰ ৰাষ্ট্ৰীয় কমিটীৰ প্ৰতিনিধি মুনীন মহন্ত, ডম্বৰু বৰা, ৰঞ্জিত ভট্টাচাৰ্য, ড০ ডিবেন্দ্ৰ মহন্ত, উমেশ গগৈ, চক্ৰধৰ কলিতা, সুৰয বৰ্মন, বিপুল তালুকদাৰ, জাকিৰ হুছেইন, কৃষ্ণ গগৈ,মাধ্যুৰ্য বৰুৱা, সুপ্ৰকাশ তালুকদাৰ, প্ৰিয়লাল দেৱনাথ, তপন শৰ্মা, চিন্ময় ৰয়, প্ৰখ্যাত মুকাভিনয় শিল্পী মইনুল হককে ধৰি ভিন্ন ক্ষেত্ৰৰ একাধিক লোক উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰয়াত বৰঠাকুৰৰ আত্মাৰ চিৰশান্তি কামনা কৰে। এই সময়ত বৰঠাকুৰৰ পত্নীৰ লগতে পৰিয়ালৰ আন আন সদস্যসকলো উপস্থিত থাকে।

ইফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰিয় পৰিষদেও অৱনী বৰঠাকুৰৰ বিয়োগত শোক প্ৰকাশ কৰিছে। গুৱাহাটী তথা অসমৰো বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে।

উল্লেখ্য যে, ১৯২৯ চনতে নাজিৰাত জন্মগ্ৰহণ কৰা অৱনী বৰঠাকুৰে ৯৫ বছৰত শেষ নিশ্বাস ত্যাগ কৰিছে। যোৱা প্ৰায় এটা বছৰৰ অসুস্থতাৰ সময়ক বাদ দি বাকী সকলো সময়তে তেওঁ জনতাৰ হকে, জনতাৰ পক্ষত থিয় দি শোষনৰ বিৰুদ্ধে মাত মাতি আহিছিল। প্ৰতিবাদী মিচিলত সন্মুখত থিয় দি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছিল।

কটন কলেজত অধ্যয়ন কৰাৰ অৱস্থাতে তেওঁ সতীৰ্থ ড০ দেৱপ্ৰসাদ বৰুৱা, দুলাল খাউণ্ড, জয়ন্ত মাধৱ আদিৰ সৈতে গ্ৰহণ কৰিছিল কমিউনিষ্ট পাৰ্টিৰ সদস্য পদ।অনবৰতে সমাজমুখী চিন্তা আৰু সমাজ সংস্কাৰৰ স্বপ্নৰ পিছে পিছে দৌৰা বৰঠাকুৰে ১৯৪৫ চনতে শিৱসাগৰ জিলাৰ ছাত্ৰ ফেডাৰেচনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল।১৯৫০ চনৰে পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৰ্বক্ষণৰ কৰ্মী হৈ তেওঁ ১৯৭০ চনৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সহকাৰী সম্পাদক, দলৰ সম্পাদক মণ্ডলীৰ সদস্যও হৈছিল। ১৯৪৮ ৰ পৰা ১৯৫৮ চনলৈ তেওঁ আছিল অসম ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত।

ৰাজনৈতিক, সামাজিকভাৱে এনেদৰে সক্ৰিয় হৈ থকাৰ মাজতেই তেওঁ ১৯৫৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত ১৯৬৩ চনত গ্ৰহণ কৰে বুৰঞ্জীত স্নাতকোত্তৰ ডিগ্ৰী। অবিভক্ত শিৱসাগৰৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান নাজিৰা কলেজৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো বিশেষভূমিকা গ্ৰহণ কৰা বৰঠাকুৰে পৰৱৰ্তী সময়ত ১৯৮২ চনত মহাবিদ্যালয়খনৰ অধ্যক্ষৰো দায়িত্ব গ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীলৈ আহি গুৱাহাটীৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত হৈ পৰে। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ পুত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, চিন্তাবিদ, সুবক্তা শান্তনু বৰঠাকুৰৰ নিউগুৱাহাটীস্থিত বাসগৃহতে আছিল। এগৰাকী পিতৃ হিচাপেও বৰঠাকুৰ আছিল আদৰ্শপিতৃ। ৰাজনৈতিক, সামাজিক অনুষ্ঠানৰ সৈতে ব্যস্ত থাকিও তেওঁ তিনিও সন্তানকে উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ উপৰিও সুপ্ৰতিষ্ঠিত কৰি থৈ গৈছে।

তেওঁৰ জ্যেষ্ঠ কণ্যা সুজাতা বৰঠাকুৰ নাজিৰা কলেজৰ অধ্যাপিকা। এই একেখনকলেজৰে এসময়ত অধ্যক্ষ আছিল অৱনী বৰঠাকুৰ। তেওঁৰ একমাত্ৰ পুত্ৰ শান্তনু বৰঠাকুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হোৱাৰ উপৰিও সামজাকি ভাবেও অতি দায়বদ্ধ। তেওঁৰ কনিষ্ঠ কন্যা চিন্ময়ী বৰঠাকুৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা। এইসকলোকে মৃত্যু সময়ত বৰঠাকুৰে ইহ-সংসাৰত এইসকলোৰে উপৰিও কেইবাটাও নাতি-নাতিনী তথা আত্মীয় স্বজনক এৰি থৈ গৈছে।

CPI ৰ ৰাজ্যিক কাৰ্যালয়ত অজস্ৰ গুণমুগ্ধই অৱনী বৰঠাকুৰ জনালে শেষ শ্ৰদ্ধাঞ্জলি...
প্ৰখ্য়াত সমাজ বিজ্ঞানী, বাওঁপন্থী চিন্তাবিদ, স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰ আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in