সন্ধান ওলাল নলাত উটি যোৱা অবিনাশৰ !
সন্ধান ওলাল নলাত উটি যোৱা অবিনাশৰ !

সন্ধান ওলাল নলাত উটি যোৱা অবিনাশৰ !

ৰাজড়ত উদ্ধাৰ শিশুৰ মৃতদেহ
Published on

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ৰাজগড়ত উদ্ধাৰ হৈছে এটা শিশুৰ মৃতদেহ। সন্দেহ কৰা অনুসৰি এই মৃতদেহ অবিনাশ সৰকাৰৰ। জ্যোতিনগৰত বৃহস্পতিবাৰে নিশা নলাত পৰি সন্ধানহীন হৈছিল অবিনাশ সৰকাৰ।

এছ ডি আৰ এফ, এন ডি আৰ এফৰ দলে যোৱা সময়ছোৱাত অবিনাশ সৰকাৰৰ সন্ধানত চলাই আছিল অভিযান। আজিও পুৱাৰে পৰা আৰম্ভ হৈছিল অভিযান। ইয়াৰ মাজতে ৰাজড়ৰ এটা নলাত শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰে।

উদ্ধাৰহোৱা মৃতদেহটো ৭/৮ বছৰীয়া শিশুৰ বুলি জানিব পৰা গৈছে। এতিয়াও অবিনাশৰ পিতৃ, মাতৃয়ে এই মৃতদেহ চিনাক্ত কৰা নাই যদিও পৰিয়ালৰ একাংশ লোকে এয়া অবিনাশৰ মৃতদেহ বুলিয়েই দাবী কৰিছে।

ইফালে ৰাজগড়ৰ পৰা উদ্ধাৰ কৰা মৃতদেহটো জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছে। জি এম চি এইছতে অবিনাশৰ মৃতদেহ হয় নে নহয় পৰিয়ালৰ লোকে নিশ্চিত কৰিব। অৱশ্যে যদিহে এয়া অবিনাশৰ মৃতদেহ নহয় তেন্তে উদ্ধাৰ অভিযান চলি থাকিব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

উল্লেখ্য যে, জ্যোতিনগৰৰ পৰা নলাৰে ৰাজড়ৰ লিংক ৰোডৰ আছে সংযোগ। তাৰোপৰি উদ্ধাৰ হোৱা মৃতদেহ শিশুৰ হোৱাত এই মৃতদেহ অবিনাশৰ বুলি সন্দেহ তীব্ৰতৰ হৈছে।

সন্ধান ওলাল নলাত উটি যোৱা অবিনাশৰ !
উৰুগুৱেৰ হাতত পৰাস্ত হৈ কোপা আমেৰিকাৰ পৰা বাহিৰ ব্ৰাজিল...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in