ডিজিটেল ডেস্ক : মাজনিশা গুৱাহাটী মহানগৰীৰ জু- ৰোডত সুৰামত্ত যুৱক-যুৱতীৰ অতপালি। সুৰাৰ ৰাগীত মাতাল হৈ জু-ৰোডস্থিত শ্ৰদ্ধাঞ্জলি উৰণসেতুৰ ওপৰত নিশা প্ৰায় ১-০০ বজাত সংঘটিত কৰিলে ভয়ংকৰ দুৰ্ঘটনা।
AS 01 EH 4665 নম্বৰ মহিন্দ্ৰা এক্স ইউ ভি বাহনখনত অহা এহাল যুৱক-যুৱতীয়ে সংঘটিত কৰে এই দুৰ্ঘটনা। নিশা উৰণসেতুৰ ওপৰত দুৰ্গা পূজা উপলক্ষে কৰ্মচাৰীসকলে লাইট লগাই থকাৰ অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো।
মাতাল যুৱক-যুৱতীৰ বিলাসী বাহনখনে মহতিয়াই নিয়ে এখন স্কুটীসহ লাইট লগোৱা কামত ব্যৱহৃত বাহন। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি যুৱক-যুৱতীহালৰ বাহনখনৰ ভিতৰত কেইবাটাও সুৰাৰ বটল পৰি থকা বুলি জনায়।
আনহাতে মহতিয়াই নিয়া স্কুটিখনৰ নম্বৰ হৈছে- AS 01 DF 8230 আৰু লাইটৰ কামত ব্যৱহৃত বাহনখনৰ নম্বৰ হৈছে- AS 01 MC 9807। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে স্কুটি চালক আৰু সুৰামত্ত যুৱক যুৱতীহাল। আটাইকেইগৰাকীকে তাৎক্ষণিকভাৱে GMCH ত ভৰ্ত্তি কৰোৱা হয়।
উল্লেখযোগ্য যে দৈনিক আৰক্ষীৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে চলা অভিযানৰ পিছতো যেন গা নলৰে একাংশ উদণ্ড চালকৰ। এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে নিশা কৰ্মৰত কৰ্মচাৰীসকলৰ।
ইফালে উক্ত নিশাই গণেশ মন্দিৰৰ সমীপতো আন এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটো বাইক আৰু ছুইফট দিজায়াৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাইক আৰোহী এজন যুৱক আৰু এগৰাকী যুৱতী।
গণেশগুৰিৰ দিশৰ পৰা অহা AS 01 FT 1082 নম্বৰ বাইক আৰু হাতীগাঁও দিশৰ পৰা অহা ছুইফট দিজায়াৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই পলায়ন কৰে ছুইফট দিজায়াৰ বাহনখনে।
অৱশ্যে পথচাৰীৰ তৎপৰতাত যুৱতীগৰাকী আৰু যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনাস্থলীত আৰক্ষী আৰু মৃত্যুঞ্জয় সেৱা দেৰিকৈ আহি উপস্থিত হোৱাৰ অভিযোগ তোলে একাংশ লোকে।